পৃষ্ঠা:দদাইৰ পজা.pdf/৪১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৩১
টম্‌ দদাইৰ পজা।

এতিয়াও বৰ পুৱা। লৰাহতে এতিয়াও সাৰ পোৱা নাই। আটাই কেটাই একে লগে শুই আছে।

 টমে বাইবেলখন পঢ়ি ল’ৰাহঁতৰ বিছনাৰ ফালে গ’ল। “এই শেষ-বাৰ“ তেওঁ ক’লে। এই নীগ্ৰো জাতিৰ অপত্য-স্নেহ আৰু ঘৰৰ আত্মীয়-স্বজনলৈ মৰম বৰ। এই নিমিত্তেও সিহঁতে এনেকৈ নিজৰ মানুহৰ কাষৰ পৰা টনা আজোৰাৰ বিচ্ছেদত বৰ দুখ পাইছিল।

 আণ্ট্‌ ক্লোই একো নকৈ কাম কৰি থাকিল। যি ইস্ত্ৰিলৈ কাম কৰি আছিল, সেই ইস্ত্ৰিলৈয়ে কাম কৰি থাকিল। কিন্তু অলপ , পৰ পাছত আৰু থাকিব নোৱাৰি হুক হুক কৰি কান্দিবলৈ ধৰিলে। ই কান্দোন একেবাৰেই নিৰাশাৰ বুক ফটা কান্দোন্‌।

 “ভগবানৰ ভৰিত সকলোকে সঁপি দিব লাগে জানোঁ। কিন্তু মই কেনেকৈ পাৰিম ঐ। যদিহে জানিলোঁ হয় তুমি ক’লৈ যাবা, তোমাক সিহঁতে কেনেকৈ ৰাখিব, তেওঁ এটা কথা আছিল। তাকো তো নেজানাঁ। আইয়ে কৈছে হয় তোমাক দুই এ বছৰৰ ভিতৰতে আকৌ মোকলাই আনিব, কিন্তু এবাৰ গ’লে দেখোঁ কোনেও উভতি নাহে। সিহঁতে কাম কৰাই সেই বাগিচা বোৰত মাৰি পেলায়।”

 “ক্লো, ইয়াত যি জন ঈশ্বৰে আমাক ৰাখিছে তাতো সেই একেজন ঈশ্বৰেই।”

 চোৱা, ঈশ্বৰৰ ওপৰত কিমান ভৰসা কিমান ভক্তি। টমৰ দৰে মানুহ থাকিলে নীগ্ৰো জাতি কিয় হীন হব?