পৃষ্ঠা:দদাইৰ পজা.pdf/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪১
দদাইৰ পজা

জৰ্জ ইয়াত মই অকণো আচৰিত হোৱা নাই। কিন্তু জৰ্জ, মই বেজাৰ পাইছোঁ, তোৰ ব্যৱহাৰত বৰ বেজাৰ পাইছোঁ। মোৰ এই কথা কবই লাগিব, জৰ্জ, এই কথা কোৱা মোৰ কৰ্ত্তব্য।”

 “দেউতা, আপুনি বেজাৰ কৰিছে কিয়?”

 “কিয় বেজাৰ? তুমি তোমাৰ দেশৰ আইনক অগ্ৰাহ্য কৰিছা দেখি।”

 “মোৰ দেশ? মোৰ দেশ কত? মোৰ দেশ মোৰ নিজৰ কবৰ হব, মোৰ আন কোনো দেশ নাই।”

 চুটি চাপৰ বুঢ়া মানুহটিয়ে কবলৈ ধৰিলে,"জৰ্জ, তুমি জানা যে, মই সকলো সময়তে সকলো ঠাইতে তোমাৰ বন্ধু। আৰু যদি কেতিয়াবা তোমাক কিবা একাষাৰ বেয়া কথা কৈছোঁ তোমাৰ ভালৰ নিমিত্তেহে কৈছোঁ। কিন্তু এতিয়া তুমি যে কি বিপদত ভৰি দি আছা তুমি নেজানা। কেতিয়াও কৃতকাৰ্য্য হব নোৱাৰা। তুমি ধৰা পৰিলে তোমাক সিহঁতে আৰু কষ্ট দিব তোমাক আধাম-ৰা কৰিব। তোমাক নৈৰ ভাটিৰ ফালে বেচিব।”

 মিঃ উইলসন,"জৰ্জে কলে, “মই সকলো জানোঁ সকলো বুজোঁ। মোৰ বিপদৰ কথা কথা মই জানোঁ”-এই বুলি ওভাৰকোটৰ বুতাম খুলিলে। তেওঁ দেখিলে যে, দুটা পিস্তল আৰু এখন ডাঙ্গৰ কটাৰী জেপৰ ভিতৰত।⸺“সিহঁতৰ নিমিত্তে মই প্ৰস্তুত। দক্ষিণ ফালে মই কেতিয়াও নেযাওঁ।