পৃষ্ঠা:দদাইৰ পজা.pdf/৫৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৪৪
দদাইৰ পজা


ভাল⸺বিশেষ যেতিয়া বেয়া উপায়েৰে সেই টকা অহা নাই। ল, বোপাই, ল।”

 “আপুনি তেনেকৈ কলে ল’ম দেউতা, কিন্তু মই এই টকা ধাৰ বুলি ললোঁ আৰু সুজিম।

 “বাৰু জৰ্জ এনেদৰে কিমান দিন ফুৰিবি। তোৰ বুদ্ধি আছে কিন্তু বৰ ভয়, বৰ ভয়, বৰ ভয়ো আছে জৰ্জ। এই কলা মানুহটীয়েই বা কোন্‌?”

 “বৰ ভাল মানুহ ই। এবছৰ আগৈয়ে ক্যানাডালৈ পলাই গৈছিল। তাত গৈ শুনিলে যে, সি পলাই যোৱাৰ বাবে তাৰ গৰাকীৰ ইমান খং যে তাৰ মাকক মাৰি মাৰি কষ্ট দিছে। তাকে শুনি মাকক চাবলৈ আহিছে আৰু যদি সুযোগ পায় মাকক লৈ যাবলৈকো আহিছে। তাৰ মাকৰ সৈতে দেখা হৈছে নে?”

 “এতিয়া ও হোৱা নাই। ই ছেগ্ চাই আছে। এতিয়াও সুবিধা হোৱা নাই। এতিয়া সি মোৰ লগত অহাইওলৈকে (Ohio) যাব। তাক যিবোৰ বন্ধুয়ে পলাবলৈ সহায় কৰি- ছিল, সেই মানুহ সকলৰ ওচৰলৈ মোক লৈ যাব। তাৰ পাছত সি আকৌ মাকক চাবলৈ উভতি আহিব।

 বুঢ়া মানুহজনে কলে :—“বৰ সাহৰ কথা, বৰ ভয় লগা কথা বোপাই।”

 জৰ্জ এই কথা শুনি বৰ ওখ হৈ থিয় হৈ, হাঁহি কলে, “দেউতা, আপুনি যে মোক চিনি পাইছো, আপনাৰ ফালে