পৃষ্ঠা:দদাইৰ পজা.pdf/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৩
দদাইৰ পজা

কিন্তু যদি—যদি মাৰ,—মাৰ যদি মাৰিবি—গুলি যেন গাত নেলাগে। তোৰ ঘৈণীয়েৰ কত?” এই বুলি আকৌ খোটালীৰ চাৰিউফালে ফুৰিবলৈ ধৰিলে।

 “দেউতা, গ'ল, পলাই গল। ক’লৈ গ'ল কব নোৱাৰোঁ। ভগবানেহে জানে তেওঁৰ লগত কত দেখা হব, ইহলোকত নে পৰলোকত।”

 “এনে কথা হব পাৰে নে? আচৰিত। এনে মৰমীয়াল পৰিয়ালৰ ঘৰৰ পৰা গলাই গ'ল।”

 জৰ্জে ততালিকৈ উত্তৰ দিলে, “মৰমীয়াল পৰিয়ালৰো ধাৰ লাগে, আৰু মৰমীয়াল পৰিয়ালকো আমাৰ দেশৰ আইনে মাকৰ বুকুৰ পৰা সন্তানক কাঢ়ি নি বেচিবলৈ হুকুম দিয়ে।”

 “বাৰু, বাৰু হৈছে হৈছে” সজমানুহজনে জেপত হাত ভৰাই খপ্‌জপাই কিবা বিচাৰিব ধৰিলে। তেওঁ বিচাৰশক্তিৰে কাম কৰিছে নে নাই ভাবিব ধৰিলে। তাৰ পাছত “যাওক বিচাৰশক্তি” বুলি জেপৰ পৰা কেতবোৰ নোট উলিয়াই দি : জৰ্জক কলে, “জৰ্জ, ধৰ।”

 “নলওঁ, মোৰ দেউতা, নলওঁ। আপুনি মোৰ নিমিত্তে বহুতো কৰিছে আৰু মানুহে এই কথা শুনিলে বা জানিলে আপোনাৰ বিপদ হবৰ সম্ভাবনা। মোৰ টকা আছে। আৰু যিখিনি আছে সেই খিনিৰেই যথেষ্ট হব।”

 “জৰ্জ, নহয় লবই লাগিব। টকা যিমান লগত থাকে