পৃষ্ঠা:দদাইৰ পজা.pdf/৪৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৩৪
টম্‌ দদাইৰ পজা।

হৈছ নে?” মিসেস্ শ্বেলবিক দেখি মুৰৰ পৰা টুপি খুলিলে আৰু একাষাৰ ভদ্ৰতাৰ কথা কলে।

 টমে, সজ টমে এই কথা শুনি আৰু একো কথা নকৈ নতুন মালিকৰ পাছে পাছে যাবলৈ ধৰিলে। টমৰ ঘৈণীয়েকে সৰু কেচুৱাটিক কোলাত লৈ গিৰীয়েকৰ পাছে পাছে গল। সকলোৱে কান্দি কান্দি, লৰাই ছোৱালীয়ে ওচৰ চুবুৰিয়া সকলোৱে গাড়ীৰ ওচৰলৈ গল। মিসেস্ শ্বেলবিয়ে অলপ পৰ হলিটোক কথা কৈ ৰাখিলে। ইচ্ছা যে, টমে নিজৰ মানুহৰ পৰা ভালকৈ বিদায় লৈ যাওক। টমক সকলোৱে ভাল পায়, সেই কৰ্ম্মক্ষেত্ৰৰ সকলো মানুহ, মুনিহ, তিৰুতা, বুঢ়া-বুঢ়ী, ডেকা-গাভৰু, লৰা-ছোৱালী সকলোৱে টমক বিদায় দিবলৈ আহিল।

 অলপ পৰ পাছত হেলিয়ে টমক কলে, “ভিতৰলৈ সোমা!” সকলো গোলামে হেলিৰ ফালে দুখ আৰু খঙ্গত কেৰাহিকৈ চালে।

 হেলিয়ে কি কৰিলে শুনা। টম গাড়ীত সোমাল। হেলিয়ে তেতিয়াই টমৰ ভৰি দুখন শিকলিৰে বান্ধি দিলে। এটা জন্তুহে যেন।

 টমে ক’লে, “জৰ্জ বোপা নাই, সেই দেখিহে মোৰ দুখ লাগিছে। জৰ্জ বোপাক মৰম দিব দেই।”

 জৰ্জ, শ্বেলবিৰ লৰা। তিনদিনমান আগৈয়ে কোনো বন্ধু এজনৰ ঘৰলৈ গৈছিল। টমৰ এনে বিপদৰ কথা জৰ্জে শুনা নাছিল।