পৃষ্ঠা:দদাইৰ পজা.pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪২
দদাইৰ পজা

যদি কিবা যেন দেখোঁ ছফিট মাটিৰ বন্দবস্ত কৰিব পাৰিম তো। সেই মাটিয়েই কেণ্টাকিত মোৰ প্ৰথম আৰু শেহ মাটী হব।” এই ছয় ফিট মাটীৰ অৰ্থ হৈছে কবৰ। জৰ্জে যে ধৰা নিদিয়ে আৰু ধৰা পৰাৰ আগৈয়ে নিজেই আত্মহত্যা কৰিব ইয়াৰ দ্বাৰাই বুজাইছে।

 "জৰ্জ, কি কোৱা, বোপাই, এনে মনৰ অৱস্থা যে বৰ শোক লগা। জৰ্জ, মই বৰ ভাৱনাত পৰিছোঁ। তোমাৰ দেশৰ আইনক তুমি অমান্য কৰিছা!"

 "দেউতা, মোৰ নিজৰ দেশ নাই; কিন্তু মোৰ দেশ এখন কৰি ল’ম। আপোনাৰ দেশ মোক নালাগে আপোনাৰ দেশে যেন মোক শান্তিত থাকিবলৈ আৰু ইয়াৰ পৰা যাবলৈ সুযোগ দিয়ে। এই দেশে যেন মোক আৰু একোকে নিদিয়ে, আপোনাৰ দেশৰ পৰা মই আৰু একো নেখোজো। মই যেতিয়া ক্যানাডা পামগৈ, সেইখন মোৰ দেশ হ'ব। কিয়নো ক্যানাডাই মোক প্ৰতিপালন কৰিব, মোক ৰক্ষা কৰিব, সেই দেখি ক্যানাডাৰ আইন মই গ্ৰাহ্য কৰিম, সেই আইন মই মুৰ পাতি ল’ম। যদি মোক কোনোবাই এই দেশ এৰি যাওঁতে বাধা দিবলৈ আহে, তেওঁ যেন সাবধান হয়। মোৰ মুক্তিৰ বাট যেন কোনোৱে ৰোধ নকৰে। যদি কোনোবাই কৰে মই তেওঁৰ সৈতে যুজিম, আৰু শেহলৈকে যুজিম!”

 “বাৰু জৰ্জ, যা যা আগ বাঢ়। কিন্তু সাৱধান আপা, সাৱধান! কাকো গুলি নামাৰিবি, জৰ্জ, গুলি নামাৰিবি,