পৃষ্ঠা:দদাইৰ পজা.pdf/৪৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৩৯
দদাইৰ পজা

 “মিঃ উইলসন, নহয় নে? মোক ক্ষমা কৰিব দেই। মই ভাবিবকে পৰা নাছিলোঁ। আপোনাৰ দেখোন মোক মনত আছে—শ্বেলৰি কাউন্টিৰ ওক্‌লেণ্ডৰ মিঃ বাটলাৰ।”

 “হ-হ-হ-য় হয় স্যৰ, মোৰ মনত পৰিছে” সপোনত কথা কোৱা মানুহৰ দৰে এই আষাৰ কথা ক'লে।

 এনে সময়তে এটি নীগ্ৰো আপা আহি ক'লে, “মাষ্টৰৰ ( নীগ্ৰোবিলাকে এনেকৈ ভাল মানুহৰ কথা কৈছিল, আমাৰ যেনে এখেত”) খোটালী তপতৈয়াৰ। মাষ্টাৰ গলেই হয়।

 নতুন আলহিজনে তেওঁৰ নগ্ৰো কোচম্যানক কলে, “জিম, মোৰ পেৰা বোৰ তদাৰক কৰিবি দেই” এই আষাৰ কথা জিমক কৈ, মিঃ উইলসনৰ ফালে চাই ক'লে, “মিঃ উইলসন, মোৰ খোটালীলৈ আহকচোন আপোনাৰে সৈতে এটি বিশেয কামৰ কথা আছে। অনুগ্ৰহ কৰি আহিলে ভাল পাম।”

 মিঃ উইলসন কোন? জৰ্জে এওঁৰে কাৰখানাত কিছুদিন কাম কৰিছিল। তেওঁ টোপনীত খোজ কৰা মানুহৰ দৰে সেই নতুন আলহিৰ পাছে পাছে যাবলৈ ধৰিলে। এটী ওপৰৰ তলাৰ ডাঙ্গৰ খোটালীত দুয়ো সোমালগৈ। সেই খোটালীত নতুনকৈ বৰ একুড়া জুই আছে, আৰু চাকৰ নাকৰবিলাকে খোটালীটি ঠিকঠাক কৰিব লাগিছে। চাকৰ- বোৰৰ কাম শেহ হলত ডেকা মানুহটিয়ে দুৱাৰখন গম্ভীৰ