পৃষ্ঠা:দদাইৰ পজা.pdf/৫৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


চায়েই গম পালোঁ। আপোনাৰ মুখৰ ভাৱ দেখি মই বৰ ভয় খালোঁ—যদি বা মই ধৰা পৰোঁ। আপুনি ধৰাই নিদিয়ে জানোঁ, কিন্তু আপুনি মোক চিনি পোৱা যেন দেখিলেই আনে ধৰাই দিয়াব পাৰে, সেই দেখিয়েই মই আপোনাৰে সৈতে কথা কৈ আপোনাক ইয়ালৈ আনিলোঁ। মই কাইলৈ দোক্‌মোকালিতে যাম আৰু নিশা ওহাইও পামগৈ। মই গোটাই দিনটো যাম, ভাল ভাল হোটেলত এই দেশৰ “প্ৰভু” সকলৰ লগত বহি একে লগে খাম। বিদায় মাগোঁ এতিয়া দেউতা। দেউতাই যদিহে শুনে যে মই ধৰা পৰিছোঁ, জানিব যে মোক জীয়াই ধৰা নাই। মোৰ মৰা শৱটোহে ধৰিছে।

 জৰ্জে তেতিয়া ৰাজকোঁৱৰৰ দৰে থিয় হৈ তেওঁৰ হাতখন বঢ়াই দিলে। আৰু এই সহৃদয়, মৰমীয়াল বুঢ়াজনে জৰ্জৰ হাত জোকাৰি ক'লে, “ভালকৈ যাবি, বোপাই। অতি সাৱধানে চলিবি। এই কথাকৈ এই মহৎ মানুহজন খোটালিৰ পৰা ওলাই গ'ল।

⸻⸻

 এতিয়া আমি এটি সুন্দৰ, সকলো বস্তুয়েই য'ত যি ভাবে থাকিব লাগে এনে ভাবে সজোৱা ঘৰলৈ যাও গৈ বলা। ঘৰৰ মাজিয়াত অকণেই ধূলা নাই, ৰান্ধনী ঘৰৰ চুল পৰিষ্কাৰ, ঘৰৰ মাচিয়াবোৰ দেখিলে বহিবলৈ মন গৈ আৰু উঠিবৰ মন নেযায়। ৰান্ধনি ঘৰৰ চাৰিউফালে থাল, বাটি, বস্তু-বেহানী ফট্‌ফটিয়া চিকণ। সকলো বস্তু দেখিলে এই কথা মনলৈ