আণ্ট্ ক্লোই ক’লে, “এই কথাই মোৰ একণকে আশা নিদিয়ে। কিন্তু আশা হোৱা ভাল, নহয় নে? আৰু কথা কৈয়েই বা কি হব? তোমাক এ সাঁজি ভালকৈ খুৱাঁও এতিয়া। আকৌ কেতিয়াবা বা খাবলৈ পোৱা।”
এই বুলি খোৱা-বোৱাৰ বন্দবস্ত কৰিবলৈ ধৰিলে। সেই দিনা মিসেস্ শ্বেলবিয়ে ক্লোক্ ঘৰৰ কাম কৰিবলৈ দিয়া নাই। সেই দেখি আজৰি পাই ক্লোই যিমান দূৰ শকতি সিমান দূৰ ভালকৈ টমে ভাল পোৱা বস্তুবোৰ ৰান্ধিবলৈ সময় পাইছিল। সেইবোৰ বস্তু সুন্দৰকৈ ৰান্ধি ধৌ ধৌ কৰে বগা মেজৰ চাদৰৰ ওপৰত সজাই থ’লে। নিজৰ হাতৰ আচাৰ নিজৰ হাতৰ চাট্নিবোৰ মেজত সজাই থলে। ক্লো যেনে আদৰ্শ দাসী আছিল, তেনে আদৰ্শ গৃহিণীও আছিল। এই আচাৰ, মোৰোব্বাবোৰ বিশেষ সকাম হ’লে হে উলিউৱা হয়।
ল’ৰাবিলাকে খোৱা বস্তুবোৰ দেখি বেগাবেগিকৈ মুখ
ধূই আহি খাবলৈ বহিল হি। খোৱা-বোৱাৰ পাছত মাকক
কান্দা দেখি সিহঁতেও কান্দিবলৈ ধৰিলে। কিয় যে আজি
ভোজৰ দৰে খোৱাৰ বন্দবস্ত হৈছে আৰু কিয় যে মাকে
কান্দিছে সিহঁতে নেজানে। কেৱল মাথোন দেখিলে ভাল
খোৱা বস্তু বহুতো আছে খালে, আৰু দেখিলে মাকে কান্দিছে
বাপেকে মনৰ দুখেৰে বহি আছে, তেওঁলোকৰ তেনে অৱস্থা
দেখি কান্দিলে। এনেকৈ কান্দি থাকোঁতে থাকোঁতে এজনে
ক’লে “সৌৱা, আই আহিছে।”