এই বুলি এই দুই সজ আৰু কৰ্ম্মী মানুহে ইজনে আন জনৰ পৰা বিদায় ল’লে। এনে সজ মানুহ বিৰল।
ফেব্ৰুয়াৰী মাহৰ সেই ৰাতি পুৱাৰ দিনা বৰ এন্ধাৰ আৰু
গোটাইখিনি সময় কিনকিনাই বৰষুণ দি আছিল। বিশেষ
টম্ দদাইৰ পজাৰ খিলিকিৰ পৰা চালে সেই দিনা বাহিৰত
বৰ দুৰ্য্যোগ হেন লাগিছিল। বাহিৰেও দুৰ্য্যোগ, ভিতৰও
দুৰ্য্যোগ। পজাৰ ভিতৰৰ মানুহবোৰৰ আজি বৰ দুখ।
সিহঁত শোকত অধীৰ। আজি টমক লৈ যাব।
লৈ যাব। এবাৰ ভাবি চোৱাচোন। নিজৰ গৃহিণী, ল’ৰা-ছোৱালীৰ পৰা লৈ যাব। এনেকৈ শত সহস্ৰ গোলামবোৰক নিজৰ আত্মীয়-স্বজন পৰিয়ালৰ বুকুৰ পৰা দিনৌ কাঢ়ি লৈ যোৱা সেইখিনি সময়ত বিৰল নাছিল। কিন্তু আমাৰ টম্, ধৰ্ম্ম-ভীৰু, ধাৰ্ম্মিক, সজ টমক লৈ যোৱাত টমৰ পৰিয়ালৰ দুখৰ লগে লগে আমাৰ বুকুতো যে শোকে খুন্দা মাৰি ধৰে।
আণ্ট ক্লোই টমৰ কাপোৰবোৰ ঠিক কৰিছে। তাৰ লগতে খোৱা-বোৱাৰ বস্তুবোৰো এখন চাফ-চিকণ টেবিলৰ ওপৰত সজাই থৈ দি আছে। মাজে মাজে চকুৰ পানী হাতেৰে মছি আছে। টমে বাইবেলখন হাতত লৈ তেওঁৰ ঘৈণীয়েকৰ ওচৰত বহি আছে। কাৰো মুখত কথা নাই।