পৃষ্ঠা:দদাইৰ পজা.pdf/৫০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৪০
দদাইৰ পজা

ভাবে চাবিৰে বন্ধ কৰি চাবিটো জেপত ভৰালে। ভৰাই বুকুত হাত সাবটি মিঃ উইলসনৰ ফালে একে থৰে চাই থাকিল।

 মিঃ উইলসনে কলে, “জৰ্জ!”

 “হয়, জৰ্জ।” ডেকা-লৰাটিয়ে উত্তৰ দিলে।

 “মই এনে কথা ভাবিবক পৰা নাদিলোঁ। জৰ্জে হাঁহি উত্তৰ দিলে, “মোৰ বেশ ছদ্ম, সুন্দৰকৈ সাজিছোঁ, কোনে গম পাব? মোৰ হালধীয়া বৰণত আখৰো টৰ চাল ঘঁহি অলপ ৰঙ্গচীয়া কৰি লৈছোঁ। মোৰ চুলিত কলা কলপ দি লৈছোঁ। সেই জাননীৰ লেখা বিৱৰণৰ সৈতে মোৰ কিবা মিল আছে নে?”

 “কিন্তু জৰ্জ কি কাম কৰিছা, তুমি? নেজানানে এনে কাম কৰিলে কি হয়? মই তোমাক এনে কাম কৰিবলৈ কেতিয়াও নকঁও।”

 জৰ্জে সেই একে ধৰণৰ হাঁহি মাৰি উত্তৰ দিলে, “মই নিজৰ গধূৰ দায়িত্ব বুজিহে এনে কাম কৰিছোঁ।”

 মিঃ উইলসন্ বৰ ভাল মানুহ আছিল—কিন্তু তেওঁ সকলো কামকে অতি সাবধানে কৰিছিল। নেদেখিলা নে তেওঁৰ বস্তু-বেহানীবোৰ কেনেকৈ সাবধানে ৰাখিছিল। কথা কৈ থাকোতেও হাতত ব্যাগ আৰু লাঠি তেওঁ খোটালিৰ চাৰিউফালে ফুৰি ফুৰি জৰ্জক এনেকৈ ক'লে, “জৰ্জ, তেনেহলে তই পলাইছ, তোৰ নিজৰ গৰাকীৰ ঘৰৰ পৰা তই পলাইছ।