পৃষ্ঠা:দদাইৰ পজা.pdf/৪৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৩৬
দদাইৰ পজা


সেই খোটালিত বহি, থিয় হৈ আছে। এনে খিনি সময়ত আমাৰ পথিকজন সোমাল হি। খোটালিৰ চাৰিউফালে বন্দুক গুলিৰ মোনা, কুকুৰ আৰু সৰু সৰু নীগ্ৰো লৰা

 সেই মানুহটি শকত আবত চুটি চাপৰ। কাপোৰ কাণি ঠিকঠাক। মুখখন প্ৰফুল্ল, আৰু সকলো পিনে চাফ-চিকণ। কাপোৰৰ টোপোলা ( ব্যাগ ) আৰু ছাতা কাকো নিদিয়ে। চাৰিওপিনে চাই চিন্তি কাপোৰ কাণি ছাতা আৰু আন আন নিজৰ বস্তু-বেহানী লৈ সেই খোটালীৰ আটাইতকৈ যি ফালে গৰম সেই ফালে বহিল গৈ। বস্তু বেহানী মাচিয়াৰ তলত থলে গৈ। চাকৰ-নকৰে ব্যস্তভাবে লবলৈ অহাতে নিদিলে।

 বুঢ়া মানুহটীয়ে কেটামান মানুহে একে লগে বাতৰি কাকত এখন পঢ়ি কিবা কথা কোৱাকুৱি কৰি থকা দেখি শুধিলে “কি হৈছে?”

 তাৰে এজনে কলে, “নিগাৰ এটাৰ বিষয়ে বিজ্ঞাপন।”

 এই মানুহজনৰ নাম উইলসন্। মিষ্টৰ উইলসনে এই কথা শুনি ব্যাগ আৰু ছাতা ডুখৰি সাৱধানে থৈ কাকতখন হাতত ললে। হাতত লৈ বীত চকু জোৰ জেপৰ পৰা উলিয়াই, নাকত লগালে। লগাই অটোৱাৰ পাছত ধীৰ ভাবেৰে কাকতখন পঢ়িবলৈ ধৰিলে কাকতত আছিল :⸺

 “তলত নাম লেখা মানুহ জনৰ ঘৰৰ পৰা এটা মিউলাটো লৰা জৰ্জ পলাই গৈছে। এই জৰ্জ আপা দীঘলে ছয় ফুট,