পৃষ্ঠা:দদাইৰ পজা.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩
টম্‌ দদাইৰ পজা।

 আণ্ট্‌ ক্লোই ক’লে, “তেওঁ আহিছে? তেওঁ কোনো সজ কামলৈ অহা নাই।”

 মিসেস্ শ্বেলবি অহা দেখি আণ্ট ক্লোই মাচিয়া এখন দিলে কিন্তু মাচিয়াখন দিয়াত আগৰ দৰে হৃদ্যতা নাই, আগৰ দৰে মৰমৰ চিন নাই। আৰু কি, মাচিয়াখন থপ কৰি পেলাই দিয়াৰ দৰে দিলে। মিসেস্ শ্বেলবিৰো মন গধূৰ, তেওঁ আগৰ দৰে নেহাঁহিলে, আগৰ দৰে সকলোৰে পিনে চাই কথা নকলে। টমৰ ফালে চাই ক’লে, “টম্, তোমাক মই একো দিব নোৱাৰোঁ। যিহকে দিওঁ, সিহঁতে সকলোকে ল’ব। কিন্তু মই এনেখিনি সময়ত থিয় হৈ তোমাক কৈছোঁ যে, মোৰ যেতিয়াই প্ৰথমে সুবিধা হয় তেতিয়াই তোমাক মই মোকলাই আনিম। ঈশ্বৰ সাক্ষী। আৰু তেতিয়ালৈকে, টম্, তুমি ভগবানৰ ওপৰত নিৰ্ভৰ কৰি থাকা। মই তোমাক নিশ্চয়েই আনিম।”

 এনেকৈ কথা কৈ থাকোঁতে ল’ৰাহঁতে কলে, মাষ্টৰ হেলি আহিব লাগিছে। এই কথা কোৱাৰ পাছতে দুৱাৰখন কোনোবাই গুৰিয়াই মেলিলে আৰু হেলি মাষ্টৰ গোৰৰ লগে লগে ভিতৰলৈ সোমালহি বৰ খং।

 কলে হি “এই নিগাৰ” (নিগাৰ মানে কলা মানুহ। কিন্তু নিগাৰ কথাটো হেলিয়ে মুঠেই কলা মানুহ বুলি কোৱা নাছিল। নিগৰি বুলি “অধম” কি তাৰ কৈও অধম এনে ভাব হে প্ৰকাশ কৰিছিল) “এই নিগাৰ, তই যাবলৈ সাজু