তৰ্পণ
আগ কথা
প্ৰকৃত কবিৰ কথা এৰি, কবিতা লেখাটোও মানুহৰ এটা ৰাগীৰ দৰে! ৰাগিয়াল বস্তু খোৱা মানুহে যেনেকৈ তাক একেবাৰেই এৰিব নোৱাৰে, এৰিলেও আকৌ কেতিয়াবা চল পালেই ধৰে, কবিতা লেখা মানুহেও কবিতা লিখিবলৈ এৰি দিলেও, মাজে সময়ে তেওঁৰ কবিতা লিখা প্ৰবৃত্তিটোৱে উক দিয়ে। এই লেখকৰো মাজে সময়ে সেই প্ৰবৃত্তিটোৱে উক দি থাকে। এনেকৈ উক দিওঁতে লিখা কবিতা গোট খাই তেওঁৰ ভালেমান হৈছে, সেইবোৰ একে লগে থূপ খুৱাই উলিয়াবৰ হলে এখন ডাঙৰ কিতাপ হয়, তাক ছপাই উলিৱা আৰু বজাৰত বিলোৱা দুইটা আজিৰ দিনত দুৰুহ ব্যাপাৰ। সেই দেখি একোটা চিন্তাৰ গতি ধৰি ওলোৱা কেইবাটাও কবিতা গোটাই গোটাই একোখন সৰু কবিতা পুথি উলিয়াব পাৰিলেও—‘নাই মোমাইতকৈ কণা মোমায়েই ভাল’ৰ দৰে হয়। ‘তৰ্পণ’ তেনেকুৱা প্ৰায় একে ধৰণৰ চিন্তাৰ গতি ধৰি ওলোৱা ন-টা কবিতাৰ এখন কিতাপ।
এই লেখকৰ ‘শেৱালি’ৰ পিছত লিখা না-না তৰহৰ কবিতা পৰি আছে; ‘তৰ্পণ’ এক বিশেষ শ্ৰেণীৰ কবিতা – ‘তৰ্পণে’ ৰাইজৰ আদৰ পালে সেইবোৰ কবিতাও ভাগ ভাগকৈ উলিয়াবৰ মন আছে।
তৰ্পণ’ৰ ন-টা কবিতাৰ ভিতৰত ‘গান্ধী তৰ্পণ’কে আদি কৰি চাৰিটা কবিতা ভক্তিভাজন আৰু প্ৰিয়জনৰ বিয়োগত কৰা তৰ্পণ। ‘তৰ্পণ’ পঢ়ি অসমীয়া পাঠক সমাজ, ঘাইকৈ সাহিত্যিক সমাজ তৃপ্ত হলে লেখকো নিশ্চয় তৃপ্ত হব।
—শুধৰণি—
⸻০⸻
পিঠি | শাৰী | অশুদ্ধ | শুদ্ধ | |||
১ | — | খণ্ডিতা-জননা | খণ্ডিতাজননী | |||
১ | ৪ | ৰমনী | ৰমণী | |||
২ | — | গান্ধীতৰ্পন | গান্ধা-তৰ্পণ|গান্ধী-তৰ্পন | |||
৪ | ২ | মাথে’ | মাথো | |||
১৬ | ১৩ | বননি-ছয়াত | বননি-স্বায়াত | |||
১৮ | ১০ | দূৰ-দুৰনিৰ | দূৰ-দূৰণিৰ | |||
২১ | ১৯ | অনণ্ড-জ্যোতি | তেৱেই এক | |||
” | ” | তাৰপোহৰতে | যাৰ পোহৰতে | |||
২২ | ১৩ | ৰমনীৰো | ৰমণীৰো | |||
২৪ | ৬ | কোমাক | তোমাক | |||
২৯ | ১০ | নিজে নিজে | নিজ-নিজ | |||
” | ২১ | ভঢ়াল | ভঁড়াল |
⸻
[ ১ ]
তৰ্পন
খণ্ডিতা-জননী
অমৃতা জননি! মোৰ অখণ্ড ভাৰত!
পিয়ালাঁ অমৃত তুমি সন্তানক আজি
মিলনৰ কত ধাৰে যুগ যুগান্তৰ!
খণ্ডিতা হঠাৎ আজি। খণ্ডিতা [১] ৰমনী
কোন বাৰু পতিৰ ৰোষত? পতি যদি
ভগৱন্ত নিজে মুৰাৰি অমৃত তৱ!
অমৃতৰ পুত্ৰ বুলি সম্বোধি বিশ্বক
তোমাৰে সন্তান ঋষি, শুনালে
যি দিব্য বাৰ্ত্তা মিলনৰ, বিশ্ব-চিত্ত-হাৰী
সি বাৰ্ত্তা-বাহিনী হই অখণ্ড প্ৰেমৰ
পাৰিবানে ৰব ধৰি মূৰ্ত্তি খণ্ডিতাৰ
লাজে-ক্ৰোধে দগ্ধ হই দিবস শৰ্ব্বৰী?
অখণ্ড সত্যৰ মূৰ্ত্তি অখণ্ড্ ভাৰত
খণ্ডিতা! মূৰ্চ্ছিতা! পুনু নহবা জাগ্ৰত?
১৫ আগষ্ট, ১৯৪৭
গান্ধী-তৰ্পন
কৰিম তৰ্পন কিবা কবিতাৰে আজি হে তোমাক
লিখি আৰু নতুন কবিতা?
জীৱন্ত কবিতা তুমি আপুনি মহাত্মা!
বাজি গলাঁ আজীৱন
জীৱন-বাঁহীৰে
ফুকাৰি মৰণ-ৰন্ধ্ৰ জীৱন-উচ্ছ্বাসে
তুচ্ছ কৰি মৰণকো
অনিবাৰ তোমাৰ সি
অমৰ হাঁহিৰে।
অৰ্দ্ধ ই শতাব্দী ব্যাপি মুক্তি সি স্বৰ্গৰ তুমি
উষাৰ বৰণে
নৱ এক বাণীময়
কৰ্ম্মময়
জগতৰ কবিতা উদয়।
বাজি গলাঁ বাজি ৰ’লা
আজীৱন জীৱনে মৰণে,
হেঙুলী ঊষাৰ তুমি বৰণে বৰণে!
ৰঞ্জি শেষাদ্ৰি, আজি বুকুৰ তেজেৰে আহা!
বাজি গলা কৰুণ বিনান তুমি
ভাৰতৰ গগনে গগনে
হেঙুলী ঊষাই নিজে ঘোষিব বেদনা ইযে
ফোঁট পিন্ধি কপালত
ৰাঙলী তেজৰে সেই
চিৰদিন হেঙুলী ৰহনে!
বাজি গলা বাজি ৰ’লা
আজীৱন জীৱনে মৰণে
হেঙুলী ঊষাৰ তুমি
বৰণে বৰণে।
নুবুজো কোন সি অমৰ্ত্ত্য লোক
আজি য’ত বিৰাজিলাঁ তুমি,
কেনেবা পোহৰ তাৰ
কেনেবা আন্ধাৰ?
লভিলাঁ এতিয়া তুমি কিবা নৱ জাগৰণ?
নতু সি সুষুপ্তি চিৰ
চিৰ তমসাৰ?
য’ৰ পৰা তুমি আৰু
কোনো দিনে কেতিয়াও
নুঠিবা এবাৰ!
চিৰ সি সুষুপ্তি মাথোঁ
চিৰ তমসাৰ?
আৰুতো নুশুনো পুনু কোনো দিনে কেতিয়াও
নক্ষৰে নক্ষৰে আৰু
অক্ষয় অমিয়া সেই—
কণ্ঠস্বৰ তৱ
পৃথিবীৰ মাত একেষাৰ। —
কাণেৰে নুশুনে যোনে’[২] কাণক শুনায় মাথেঁ
তেনে কি ব্ৰহ্মতে পূৰ্ণ
তুমি পুণ্যতনু,
ছিঙি থই ইন্দ্ৰিয়ৰ দ্বাৰ
পলকতে গলাঁ আজি মাৰ?
চকুৰে নেদেখে যোনে চকু কৰে অহৰহ
বিশ্বময় দৰ্শন-ব্যাকুল!
কিবা সি অনন্ত জ্যোতি
অগোচৰ অনাদি অতুল!
নুবুজোঁ তাকোতো হাঁয়
জ্যোতিৰ্ম্ময় ব্ৰহ্ম সি কি
সেয়ে নে কি হলাঁ আজি
তুমি ভক্ত কৰ্ম্মযোগী
জীৱনত আজীৱন
ঈশ্বৰ-আকুল?
নাজানো, তোমাৰ সত্য
সাম্য-শান্তি-প্ৰেম
উড়ি উড়ি বতাহতে
ৰ’ব নেকি জগতত চিৰদিন
অৰণ্য-ৰোদন?
নতু হব বসন্তৰ প্ৰতীক্ষাত
জগতৰ নৱ
কুহু-স্বৰ কোকিলৰ
ৰহস্যৰ অনিবাৰ
মধুৰ স্বনন্?
হয়তো নহব ধৰা
তুমি কৰা সাধনাৰ
মিলনৰ মহা মন্ত্ৰে কোনো দিনে হাঁয়
অপূৰ্ব্ব শান্তিৰ স্বপ্নপুৰী,
নাশ হই সমুলঞ্চে নৰপশু যত
ঘৰে ঘৰে দেৱ শিশু
ফুৰিব যিদিনা আহি
সদানন্দে বিচৰণ কৰি।—
হয় তো অহিংসা হিংসা আৰু
অসূয়া-প্ৰণয় সেই
জীঘাংসা জীৱৰ যত
সততাসততা [৩]
আন্ধাৰ পোহৰে দুয়ো
থকাদৰে থাকিবই
জগতত চিৰদিন
দ্বন্দ্ব-বিৰুদ্ধতা!
তথাপিতো জগতত যতদিন চমকিব অন্ধকাৰ
আলোৰ ক্ৰন্দন কৰি
লক্ষ সউ নক্ষত্ৰৰ
আকুল স্পন্দনে,
চমকিব ততদিন হৃদয়ৰো অন্ধকাৰ
হিংসা-দ্বেষ-বৈৰী-ভাৱ
জিঘাংসা-যন্ত্ৰনা
শান্তি মাগি তোমাৰেই
প্ৰাণৰ কম্পনে।
জগতেও ততদিন বন্দিব যে তোমাকেই
ভাৰতৰ হৃদয়ৰ
অধ্যাত্ম বন্দনে,
পাতলাব ততদিন পৃথিবীৰো হা-হাকাৰ
ধ্বনি তুলি মিলনৰ
জগৎ-শান্তিৰ
তোমাৰেই প্ৰাণৰ স্পন্দনে।[৪]
মৰ্ত্যৰ কবি
আৰু
স্বৰ্গৰ গান্ধী
পৃথিবীৰ কবি তুমি
আহি স্বৰ্গলই
চৰালা সোণত সুৱগা আজি,
আনিছা কি বাৰ্ত্তা বাৰু
উঠিছে কি বাজি
হৃদয়ৰ তন্ত্ৰীত তোমাৰ
‘মৰ্ত্যৰ অমৃত ঢালিম স্বৰ্গক’ বুলি?
ঢালা কবি পিওঁ প্ৰাণ ভৰি;
পিয়ক স্বৰ্গয়ো
ধাৰে বোৱা অমৃতৰ ধাৰ
ধৰাৰ হিয়াৰ
হাঁহি অশ্ৰু
মিলনৰ বিচ্ছেদৰ,
সুৰেৰে সুৰৰ পুৰী
পূৰ্ণ কৰি
ধৰাৰ কবিয়ে আজি
ঢালি যোৱাঁ অমৰাত
নিজৰি নিজৰি বোৱা
পৃথিবীৰ অন্তৰৰ
সুৰৰ লহৰী—।
কবি:—মৰ্ত্যই কৰাব পান
অমৰ্ত্যক বাৰু
কিবা সি অমৃত প্ৰভো!
কিবা সি সঙ্গীত,—
জৰা-মৃত্যু-ৰোগ-শোক-দুৰ্ভিক্ষে জৰ্জ্জৰিত
আজি ও যে সেই
তুমি এৰি থই
গুচি অহা পৃথিবী আমাৰ
আছে তেনেকৈয়ে;
কিবা আছে ৰস তাৰ
কিবা আছে প্ৰাণ?
আজিও তো হোৱা নাই
ধৰা হাঁয়
তোমাৰ কল্পিত সেই
তোমাৰ ইপ্সিত
শান্তি-প্ৰেমে মিলন
সুস্থ বসুন্ধৰা,—
বয় যত দেশে দেশে
ঘৰে ঘৰে
জাতিয়ে জাতিয়ে
হৃদয়ৰ অকপট বিশ্বাস-প্ৰীতিৰ চিৰ
সুশীতল
কল্ কল্
অভয় আনন্দ-মন্ত্ৰ
নিজৰি নিজৰি বোৱা
জীৱনৰ গভীৰ নিজৰা!
গান্ধী:—হোৱা নাই এতিয়াও বসুমতী
শান্তি-প্ৰেম-মিলনেৰে
অলপো শীতল?
যোৱা নাই এতিয়াও
অমৰ আত্মাৰ
মানুহৰ গা ৰ
ধূলি বালিবোৰ;
হোৱা নাই এতিয়াও
অলপো কি দূৰ
হিংসা-দ্বেষ-লেশ
ভাৰত ভূমিতো মোৰ?
কবি:—হোৱা নাই অলপো সি দূৰ
যোৱা নাই এতিয়াও
তুমি ভবা
‘অমৰ আত্মাৰ’
মানুহৰ গাৰ
ধূলি-বালিবোৰ;
ভাৰত ভূমিও সেই
আগৰে দৰেই
আলয় হিংসাৰে পৰস্পৰ,
লাঞ্ছনা, বঞ্চনা মাথোঁ
নিজকে নিজৰ!
হিংসাৰে অনল মাথোঁ
পৃথিবীৰ চৌদিশে
লেহি লেহি
জিভা মেলি
জ্বলিছে কেৱল;
কোন দিনা দাবাগ্নি উঠে যে জ্বলি
খাণ্ডৱ-দাহৰ
ঠিক নাই;
ত্ৰাস-ভয়-দুশ্চিন্তা সদায়
অবিশ্বাস পৰস্পৰে
পৃথিবীৰ নেতাই নেতাই;
অস্থিৰ সকলো দেশ
বুকু তল্ মল্
নৱজাত স্বাধীনতা
ভাৰতো বিহ্বল!
নিজকে বঞ্চনা মাথোঁ নিজকে লাঞ্ছনা
চৌদিশে গঞ্জনা কেৱল!
গান্ধী:⸺ এতিয়াও ঘূৰিছে কি একেদৰে
শোষণ-পেষণ যত
শাসনৰো ৰথচক্ৰ
ৰুধিৰেৰে দৰিদ্ৰৰ সেই
আগৰে দৰেই
ওৰে বাট ৰঙা হই হই ?
কবি:— একেদৰে একেদৰে সেই
ঘূৰিছে ৰথৰ চক্ৰ-
ঘূৰিছে যিদৰে
চন্দ্ৰ-সূৰ্য্য-গ্ৰহ-তৰা
অবিৰাম অলপো নৰই!
শোষন-পেষণ যত
শাসনৰো ৰথ চক্ৰ
ঘূৰি আছে একে দৰে সেই
একে দৰে আগৰে দৰেই।
গান্ধী:— নাই! ঘূৰা নাই চন্দ্ৰ সূৰ্য্য
ঘূৰিছে যি দৰে
নোৱাৰিব ঘূৰিব সিদৰে সদা
চিৰন্তন ৰূপে
নহয় কদাপি সি নীতি
বিধাতাৰ চিৰন্তন,
মানুহৰ হৃদয়ৰো নহয় সি
জানা ধৰ্ম্ম সনাতন।
কবি:—আজিও আছে তো হই
নীতি সেয়ে পৃথিবীৰ মানুহৰ
হিংসা-দ্বেষ - জিঘাংসাপ্ৰধান,
আকাশে বতাহে উড়ে
কত’ যন্ত্ৰ, নৱ আৱিষ্কাৰ
তাৰেই নিচান!
শ্ৰীহীন কবি মই সেই
ধৰাৰ বিশ্ৰী!
দিমনো বাতৰি কি?
শুনাম কি আনন্দ সঙ্গীত
সুৰ-লোকে পিৱ যাৰ সুৰৰ অমৃত!
তুমি নিজে মহাত্মন!
দিব্য জ্যোতি জ্বলিছাঁ স্বৰ্গৰ
আহিছোঁ শুনিম বুলি
বাণী মাথোঁ শ্ৰীমুখ-নিঃসৃত
স্বৰ্গ-মৰ্ত্য একে কৰা সেই
তোমাৰেই অমৃত কণ্ঠৰ!
বিশ্ৰী ধৰাৰ মই দিম কি আনন্দ
পঙ্কেৰে চৰ্চ্চিম কিনো চৰণ—পঙ্কজ?
গান্ধী:—তুমি কবি গাই যোৱাঁ
সনাতন সেই
অনন্ত কবিৰে দৰে,
নদীবোৰে
আই মাতৃ বসুধাৰ
বুকু জুৰ কৰি
শান্তিৰ শীতল ধাৰ
কেনেকই বই
কুলু কুলু কই
গই আছে দুয়ো কাষ
সুজলা সুফলা সেই
শস্য-শ্যামলা কৰি;
মৃদু সি হিল্লোল লাগি বসন্তৰ নৱ
কেনেকই আহা!
তৰু লতা উঠিছে মুঞ্জৰি
ভ্ৰমৰ গুঞ্জৰি
বিকসিছে ফুল,
শুনি সি কবিতা আজি
নিলাজী বনৰ দৰে
জাপ খাই থকা সৰগত
হ’ক মোৰো এই
হৃদয় উৎফুল!
গছে গছে পৰি সেই
চৰাই চৃকতিবোৰ
কিবা আনন্দত ভোৰ!
কৰে সি কি কলৰোল!
আকাশে বতাহে আনি
দিয়ে সানি
সি যে কি অপাৰ্থিৱ
আনন্দ-উল্লাস!
মৰ্ত্যৰ কবিয়ে তুমি
স্বৰ্গ চুমি
কৰাঁ আজি কৰাঁ তাৰে
অনিন্দ্য প্ৰকাশ!
উজাৰি উদাৰ
হৃদয় তোমাৰ
উদাৰা মুদাৰা জোৰাঁ গান
মেলি দিয়া ছত্ৰে ছত্ৰে
হৃদয়ৰ শত পত্ৰ
মৰ্ত্যৰ অমৃত সেয়ে
সেয়ে যে কবিৰ অৱদান।
সেই এটি গত দিন হিন্দু জীৱনৰ।
[১]
কল্পনাৰ নেত্ৰ ভৰি দেখি সি অপূৰ্ব্ব দৃশ্য
পুলক-বিহ্বল মোৰ
আজি প্ৰাণ-মন,
প্ৰথমে সি সিন্ধু তীৰ কঁপি উঠা তিৰ্ বিৰ্
পূৰ্ব্ব দিগন্তৰ ৰাগে
কনক বৰণ।
(২)
জবা কুসুম-সংকাশ কাশ্যপেয় মহাদ্যুতি
আহে যেবে উঠি ধীৰে
বিস্ফাৰি তমসা,
সে দিনা কি বিস্ময়েৰে চাইছিল আৰ্য্য নৰে
চিৰ তুষাৰৰ, সেই
লভি নৱ আশা
(৩)
সেই দ্যুতি— কৰ স্পৰ্শ লভিয়ে নে প্ৰথমতে
ধৰিত্ৰীৰ অন্ধকাৰ
দূৰ হব ধৰে?
সেই এটি দিনে নেকি প্ৰথমতে জগতৰ
সত্য ক’ত জানিবৰ
সূত্ৰপাত কৰে?
[8]
সেই এটি কি যে দিন হিন্দু জীৱনৰ সেই
বন-কুঞ্জ-ভৱনৰ
পঞ্চনদ তীৰ,
তাপস কবিৰ য’ত পিক-কণ্ঠে আনন্দৰ
উঠিছিল সাম ধ্বনি
ধ্বনি সুগম্ভীৰ!
[৫]
শুনি সি অমৃত গান বনে-বনে উচ্ছাসতে
মুঞ্জৰিত তৰু-লতা
আপোনা আপুনি,
আবেগতে অন্তৰৰ তাপস কবিৰ সেই
উঠে যেন ফুলি ফুল
ফুলনী বননী!
(৬)
দুপৰীয়া গুণ গুণ বননি-ছয়াত যেন
বাজে বীণ আকাশৰ
মধুপ-গুঞ্জণ,
বন-কপোতৰ সেই পৰাণ উদাস কৰা
উটি যায় আকাশত
স্বৰ বৰিষণ!
(৭)
তৰু-তল ভৰি থকা শুকান পাতৰ, পিন্ধি
নুপূৰ মৰ্ম্মৰি আহা
আহে সমীৰণ,
পৰ্ণ কুটীৰত যেৱে শান্ত ধ্যানমগ্ন ঋষি
কৰোঁ বুলি ব্ৰহ্মাণ্ডৰ
ৰহস্য-মোচন!
(৮)
কোন সি প্ৰথম প্ৰাণ লভি আত্ম-পৰিচয়
উচ্চাৰি উঠিল কোন
ঋষিৰ সি কণ্ঠ,—
“শুনা বিশ্ব অমৃতৰ পুত্ৰসৱ জানিছোঁ হে
অন্ধকাৰ ভেদি মই
পুৰুষ মহান্ত”,
(৯)
“আদিত্য বৰ্ণৰ দৰে” যাক, জানিলেই নৰে
মৃত্যুকো লঙ্ঘিব পাৰে
জড়ৰ জঞ্জাল,
সেয়ে মাথো এক সত্য বিশ্ব ভুৱনৰ এই
তৃণ-তৰু-ওষধিতো
বিৰাট বিশাল।
(১০)
শুনি সি অনন্ত বাৰ্ত্তা সি দিন৷ ভাৰতবৰ্ষ
খলকি উঠিল সি কি
বিপূল হৰ্ষত,
হৃদয়ে হৃদয়ে সিকি বিশ্বাস আনন্দ—শ্ৰদ্ধা
উপচি পৰিল স্পৰ্শ-
মনিৰ স্পৰ্শত!
(১১)
পঞ্চ নদ-তীৰে তীৰে অনন্ত আকাশ ছানি
কত শত ঋষি কণ্ঠ
বৰষিলে ধ্বনি,
প্ৰথম পুৱাৰ সেই বিবিধ বিহঙ্গ যেন
মুক্তকণ্ঠ, পোহৰৰ
লভি সঞ্জীৱনী!
(১২)
চাপিলেহি তপোবন খেদি আহি কত শিষ্য
চউ পাশে ঘেৰি লই
ঋষি-গুৰুবেদী,
মধুলোভী মধু যেন আহে দূৰ দূৰনিৰ
গুণ্ গুণ্ গুণ্ ৰৱে
মধুচক্ৰ খেদি!
(১৩)
বনৰ হৰিণো আহি আশ্ৰমৰ প্ৰাঙ্গণত
নিৰ্ভয় মুকলিমনে
কৰেহি উল্লাস,
চৰ আৰু অচৰৰো আঁতৰিল ভেদ-ভাব
আত্মীয় সকলো প্ৰাণ
আত্মাৰে প্ৰকাশ!
(১৪)
অদম্য প্ৰাণৰ সেই আনন্দ উচ্ছ্বাস লাগি
শিশু যেন প্ৰভাতৰ
লভি জাগৰণ,
‘সোদৰৰ ভাতৃ' বুলি আকোঁৱালি বুকু মেলি
পৰস্পৰে পৰস্পৰ
দিলে আলিঙ্গন!
[১৫]
অন্নই কৰিলে বহু আপোনাক, বহু হল
প্ৰজা, পল্লীৰ প্ৰতিষ্ঠা,
নগৰ নিৰ্ম্মিত;
ক্ৰমে ৰাজ্য সুগঠিত, চাওঁ তে চাও তে আহা
হল আহি ভাৰতৰ
সাম্ৰাজ্য স্থাপিত।
[১৬]
সেই এটি গত দিন হিন্দু জীৱনৰ সেই
সিন্ধু-গঙ্গা-কাবেৰীৰ
ত্ৰিবেনী-সঙ্গম,
উঠিছিল মথি য’ত অমৃতৰ মহাধ্বনি
মুগ্ধ কৰি চৰাচৰ
স্থাবৰ জঙ্গম।
[১৭]
হিন্দু জীৱনৰ সেই সেই এটি গত দিন
জগতৰ সভ্যতাৰ
প্ৰথম শিখৰ,
নৱ অৰুণৰ ৰাগে আহিছিল নামি বেগে
প্ৰথমতে ধৰালই
আলোক-নিৰ্ঝৰ।
[১৮]
সেই এটী গত দিন হিন্দু জীৱনৰ সেই
সিন্ধু-গঙ্গা-কাবেৰীৰ
ত্ৰিবেনী-সঙ্গম,
আই লক্ষী-সৰস্বতী একেলগে আবিৰ্ভূতা
ৰজাৰ ভবন আৰু
ঋষিৰ আশ্ৰম।
[১৯]
ৰথৰ ঘৰ্ঘৰ ৰৱ ধনুৰ টঙ্কাৰে আৰু
এঠাত উন্মাদ স্ফূৰ্ত্ত
ক্ষত্ৰিয় গৰিমা,
ই ঠাইত বেদৰ ধ্বনি থাকি থাকি সুগম্ভীৰ
বিৰাজে কি স্তব্ধ মৌন
ব্ৰাহ্মণ-মহিমা।
[২০]
ব্ৰাহ্মণ-মহিমা সেই দীপ্ত কৰি হোম-অগ্নি
জ্বলিব ধৰিলে আহা
যেতিয়া যজ্ঞত,
কোন সি দেৱতা আহি দ্যুলোকে-ভূলোকে ভাহি
লগালেহি কৌতূহল
ঋষিৰ মনত?
[২১]
‘কোন সি দেৱতা’ এই উঠিল গভীৰ প্ৰশ্ন
‘দীপ্তিত কাৰ দীপ্ত, হই
উদিছে ৰবি,
কোন সি মূলত, কম্প্ৰ সজীৱ, জঙ্গমাদিৰ
পূজিম কোন সি দেৱতা
প্ৰদানি হবি?
[২২]
কোন সি মহান বৃক্ষ মৃত্যু ও অমৃত যাৰ
পৰে দুপিনে দুইটি
বিপুল ছায়া?
কোন সি দেৱতা? কাৰ চৰণত শৰণ লই
স্তুতি কৰে লুটিখাই
ক্ৰন্দসীৰ কায়া।
[২৩]
দিগ্বিদিক্ টল্ বল্ কৰি মহা কৌতূহল
অনিবাৰ পিপাসা
সিন্ধু—মন্থনত,
তুলিলে হঠাৎ যেন অমৃত অমৃত জ্ঞান
অমৃতৰ মহা জ্ঞান
ঢালি ভুবনত :—
[২৮]
“জ্বলা নাই চন্দ্ৰ-সূৰ্য্য জ্বলা নাই গ্ৰহ-তৰা
জ্বলা নাই অগ্নি ক’তো
বিজুলী পোহৰ,
জ্বলিছে অনন্ত জ্যোতি তাৰ পোহৰতে মাথোঁ
জ্বলিছে সকলো এই
বিশ্ব চৰাচৰ”।
[২৫]
অনন্ত বিৰাট প্ৰাণ সমুদ্ৰৰ হেন্দোলনি
জোৱাৰ ভাটাৰ দৰে
জনম-মৰণ,
বিজুলীত জ্বলি উঠি বৃষ্টিত বাগৰি পৰে
অনন্ত আনন্দ এক
অনন্ত ক্ৰন্দন।
[২৬]
অন্ত তাৰ হোৱা নাই অন্ত তাৰ পোৱা নাই
ধৰি যুগ যুগান্তৰ
মানুহৰ জ্ঞানে,
অন্ত তাৰ পাইছিল নাপায়ো সিদিনা ঋষি
অন্তৰতে, নৈয়ে পায়
সাগৰক যেনে।
[২৭]
অনন্ত অমৃত তৃষ্ণা ৰমনীৰে৷ পমি যোৱা
অন্তঃস্থল ভেদি সেই
মৈত্ৰেয়ী-কণ্ঠত,
প্ৰাৰ্থনাৰ ৰূপ লই বই গল নই হই
অনন্ত সিন্ধুৰ পিনে
যুগ-যুগান্তত।
[২৮]
“অমৃতা নহম যাৰে কি কৰিম বাৰু তাৰে”?
কি কৰিম অন্তহীন
বস্তুৰ পুঞ্জেৰে?
যুগ যুগ ধৰি আজি ‘অমৃত' নহওঁ যদি”
একে কথ৷ কি কৰিম?
হৃদয়ে গুঞ্জৰে! *
- লিখকৰ সুদীৰ্ঘ “ভাৰতবৰ্ষ” বোলা কবিতাৰ এক অংশ।
সি পুৰীত আলেক্জেণ্ডাৰ আৰু পুৰু।
আলেকজেণ্ডাৰ— | প্ৰথম সি পৰাজয় জানা মোৰ পুৰু,
|
পুৰু— | ভূমিকম্প! |
আলেকজেণ্ডাৰ— | ভূমিকম্প! সেই ভূমি কম্পনত দেখোঁ
|
নাছিলোঁ, প্ৰস্তুত জানা পুৰু; সমুখীন
|
পুৰু⸺ | ভাবিছিলা তুমি সকলো নিৰ্জ্জীৱ, সুখ
|
আলেকজেণ্ডাৰ — | তেনে হোৱা হলেও বাৰু পুৰু, মন্দ
|
ব্যাহত কৰিলা তুমি মোৰ সি আদৰ্শ।
|
পুৰু⸺ | সেয়েতো দুঃসহ দুখ, আজি মোৰ জানা
|
আগৰ, ছিন্ন-ভিন্ন জাতি এটা মুমূৰ্ষ
|
আলেকজেণ্ডাৰ— | মইতো দেখিছে৷ পুৰু, আছে যে জীয়াই
|
পুৰু⸺ | তুমিয়ে? |
আলেকজেণ্ডাৰ— | ময়ে! ময়ে কৰিছিলে৷ তাৰ দেহত নতুন
|
পুৰু⸺ | দাম্ভিকতা মাথোঁ ইযে পাশ্চাত্যৰ তৱ
|
স্বধৰ্ম্ম উজ্বল; নাছিল যি দিনা লভা
|
আলেকজেণ্ডাৰ— | নহয় নিতান্ত কম আত্মঅভিমান
|
আদিম সমাজ, দুই চাৰি জন মাথোঁ
|
সেই চন্দ্ৰগুপ্ত ভাৰতেশ্বৰৰ বাৰু কোৱাঁ? |
পুৰু⸺ | কোন? |
আলেকজেণ্ডাৰ— | আলেকজেণ্ডাৰ এই, শতদ্ৰু তীৰত
|
পুৰু⸺ | ওঁ তাৰ পিছে, তাৰ পিছে হল কিবা আৰু? |
আলেকজেণ্ডাৰ— | তাৰ পিছে স্বদেশী বিদেশী ক’ত ৰজা
|
অপূৰ্ব্ব সি দাম্পত্যৰ প্ৰণয় মুকুৰ! |
পুৰু⸺ | ক্ষান্ত দিয়াঁ ব্যাখ্যা ইতিহাস গ্ৰীচমণি!
|
অপৰূপ ভাৰতৰ দেখিলাঁ হেঁতেন
|
আলেকজেণ্ডাৰ— | পাহৰি গইছা পুৰু, যত সি মহৎ
|
যায় ক্ৰমে আগুৱাই অতীতৰ
|
পুৰু⸺ | তেনেকুৱা এটা দেখা গৈছিল হওঁতে
|
আলেকজেণ্ডাৰ— | আলেকজেণ্ডাৰ— বৈচিত্ৰ্যৰ অৰ্থ যদি হয় মাত্ৰ আৰু :স্ব স্বপ্ৰধান হৈ উঠা, নিজক বিশুদ্ধ
|
স্বধৰ্ম্ম হেৰাব বুলি যদি নিজৰেই
|
পুৰু⸺ “স্বধৰ্মে নিধনং শ্ৰেয়ঃ- পৰধৰ্ম্ম” জানা
|
আলেকজেণ্ডাৰ⸺ [পুৰুলৈ হাত আগ বঢ়াই দি]
|
⸺ ⸺
এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৫ চনত ১ জানুৱাৰী ১৯৬৫ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )