পুৰু⸺
|
তেনেকুৱা এটা দেখা গৈছিল হওঁতে
- হয় বাহিৰৰ পৰা; কিন্তু সিযে এক
- হোৱাৰ অৰ্থ নহয় হোৱা একাকাৰ
- সেই ভুলও পৰিছেতো ধৰা। বৈচিত্ৰ্য
- সৃষ্টিৰ তত্ত্ব, নষ্ট কৰি বৈচিত্ৰ্যক যদি
- জগৎ-জীৱন কৰা সুবৃহৎ যন্ত্ৰ—
- এক, জগদ্দল শিল মাথোঁ, আতমা
- বিহীন, স্ফুৰ্ত্তি ক’ত জীৱনৰ? বিকাশ
- ব্যক্তিৰ? ব্যক্তিত্ত্ব, বৈচিত্ৰ্য অনাদিৰ?
- স্বধৰ্ম্ম নিহিত আছে সকলো পদাৰ্থ
- আৰু সকলো জীৱতে, সকলো জাতিতো
- একেদৰে, মূলমন্ত্ৰ সৃষ্টিৰে যে সেই
- স্বাতন্ত্ৰ্য সৱাৰ; লাগিব স্বতন্ত্ৰ হ’ব,
- স্বধৰ্ম্মক পাব, কৰিব নিজক সচেতন,
- অৰ্থ কিবা আত্মহীন মিলনৰ বাৰু
- মিলন কি প্ৰাণহীন আত্ম-বিসৰ্জ্জন?
|