সমললৈ যাওক

পৃষ্ঠা:তৰ্পণ ৰত্নকান্ত বৰকাকতী.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পুৰু অপূৰ্ব্ব সি দাম্পত্যৰ প্ৰণয় মুকুৰ ! ক্ষান্ত দিয়। ব্যাখ্যা ইতিহাস গ্ৰীচমণি ! থকা হলে বুজিবৰ ক্ষমতা তোমাৰ আছিল পূৰ্ব্বৰ ভাৰত সি কি, নালাগিল হয় কেতিয়াও ভাৰতৰ এজনো সি জ্ঞানী বা সাধকে হেৰুৱাব প্রাণ জানা তোমাৰ হাতত ! থ’ক বাৰু সেই কথা নকও, নুজাৰোঁ আজি মই । মাথো কও ইমানকে বিদেশীৰ সেই আঘাততে৷ যদি ভাৰতে দিছিল কিবা জীৱনৰ পৰিচয় থাকি মাজে মাজে, নাই তাত তোমাসাৰ কৃতিত্ব অলপো । তোমাসাৰ গুণে লভা নাই হৃদয়ৰ মহত্ব ভাৰতে, লভা নাই বল-বীৰ্য্য সত্য বল, হেঁচাৰ উপৰি হেঁচা সেই আঘাততো তোমাসাৰ, প্ৰতিভাৰে মাথো আপোনাৰ পৰিছিল উফৰি স্ফুলিঙ্গ ; বিতৰে সি আপোনাৰে বিমল সৌৰভ চন্দনৰ বৃক্ষ যেনে অস্ত্র আঘাততে৷ পুনঃ পুনঃ, বিতৰে সি নিৰ্ম্মল সুগন্ধ আপোনাৰে । ভাৰতৰ বুকুত নিতউ যদি বিদেশী হেঁচাৰ সেই জগদ্দল শিলে নধৰিলে হয় হেঁচি, কিবা ৰূপ