সমললৈ যাওক

পৃষ্ঠা:তৰ্পণ ৰত্নকান্ত বৰকাকতী.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

[২৫]

অনন্ত বিৰাট প্ৰাণ সমুদ্ৰৰ হেন্দোলনি
 জোৱাৰ ভাটাৰ দৰে
 জনম-মৰণ,
বিজুলীত জ্বলি উঠি  বৃষ্টিত বাগৰি পৰে
 অনন্ত আনন্দ এক
 অনন্ত ক্ৰন্দন।

[২৬]

অন্ত তাৰ হোৱা নাই  অন্ত তাৰ পোৱা নাই
 ধৰি যুগ যুগান্তৰ
 মানুহৰ জ্ঞানে,
অন্ত তাৰ পাইছিল  নাপায়ো সিদিনা ঋষি
 অন্তৰতে, নৈয়ে পায়
 সাগৰক যেনে।

[২৭]

অনন্ত অমৃত তৃষ্ণা  ৰমনীৰে৷ পমি যোৱা
 অন্তঃস্থল ভেদি সেই
 মৈত্ৰেয়ী-কণ্ঠত,
প্ৰাৰ্থনাৰ ৰূপ লই  বই গল নই হই
 অনন্ত সিন্ধুৰ পিনে
 যুগ-যুগান্তত।

[২৮]

“অমৃতা নহম যাৰে  কি কৰিম বাৰু তাৰে”?
 কি কৰিম অন্তহীন
 বস্তুৰ পুঞ্জেৰে?
যুগ যুগ ধৰি আজি  ’অমৃত' নহওঁ যদি”
 একে কথ৷ “কি কৰিম?
 হৃদয়ে গুঞ্জৰে! *


  • লিখকৰ সুদীৰ্ঘ “ভাৰতবৰ্ষ” বোলা কবিতাৰ এক অংশ।
(২২)