সমললৈ যাওক

পৃষ্ঠা:তৰ্পণ ৰত্নকান্ত বৰকাকতী.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

[১৮]

সেই এটী গত দিন হিন্দু জীৱনৰ সেই
 সিন্ধু-গঙ্গা-কাব্ৰেৰীৰ
 ত্ৰিবেনী-সঙ্গম,
আই লক্ষী-সৰস্বতী  একেলগে আবিৰ্ভূতা
 ৰজাৰ ভবন আৰু
 ঋষিৰ আশ্ৰম।

[১৯]

ৰথৰ ঘৰ্ঘৰ ৰৱ  ধনুৰ টঙ্কাৰে আৰু
 এঠাত উন্মাদ স্ফূৰ্ত্ত
 ক্ষত্ৰিয় গৰিমা,
ই ঠাইত বেদৰ ধ্বনি  থাকি থাকি সুগম্ভীৰ
 বিৰাজে কি স্তব্ধ মৌন
 ব্ৰাহ্মণ-মহিমা।

[২০]

ব্ৰাহ্মণ-মহিমা সেই  দীপ্ত কৰি হোম-অগ্নি
 জ্বলিব ধৰিলে আহা
 যেতিয়া যজ্ঞত,
কোন সি দেৱতা আহি  দ্যুলোকে-ভূলোকে ভাহি
 লগালেহি কৌতূহল
 ঋষিৰ মনত?

[২১]

‘কোন সি দেৱতা’ এই  উঠিল গভীৰ প্ৰশ্ন
 ‘দীপ্তিত কাৰ দীপ্ত, হই
 উদিছে ৰবি,

(২০)