আগ কথা
প্ৰকৃত কবিৰ কথা এৰি, কবিতা লেখাটোও মানুহৰ এটা ৰাগীৰ দৰে! ৰাগিয়াল বস্তু খোৱা মানুহে যেনেকৈ তাক একেবাৰেই এৰিব নোৱাৰে, এৰিলেও আকৌ কেতিয়াবা চল পালেই ধৰে, কবিতা লেখা মানুহেও কবিতা লিখিবলৈ এৰি দিলেও, মাজে সময়ে তেওঁৰ কবিতা লিখা প্ৰবৃত্তিটোৱে উক দিয়ে। এই লেখকৰো মাজে সময়ে সেই প্ৰবৃত্তিটোৱে উক দি থাকে। এনেকৈ উক দিওঁতে লিখা কবিতা গোট খাই তেওঁৰ ভালেমান হৈছে, সেইবোৰ একে লগে থূপ খুৱাই উলিয়াবৰ হলে এখন ডাঙৰ কিতাপ হয়, তাক ছপাই উলিৱা আৰু বজাৰত বিলোৱা দুইটা আজিৰ দিনত দুৰুহ ব্যাপাৰ। সেই দেখি একোটা চিন্তাৰ গতি ধৰি ওলোৱা কেইবাটাও কবিতা গোটাই গোটাই একোখন সৰু কবিতা পুথি উলিয়াব পাৰিলেও—‘নাই মোমাইতকৈ কণা মোমায়েই ভাল’ৰ দৰে হয়। ‘তৰ্পণ’ তেনেকুৱা প্ৰায় একে ধৰণৰ চিন্তাৰ গতি ধৰি ওলোৱা ন-টা কবিতাৰ এখন কিতাপ।
এই লেখকৰ ‘শেৱালি’ৰ পিছত লিখা না-না তৰহৰ কবিতা পৰি আছে; ‘তৰ্পণ’ এক বিশেষ শ্ৰেণীৰ কবিতা – ‘তৰ্পণে’ ৰাইজৰ আদৰ পালে সেইবোৰ কবিতাও ভাগ ভাগকৈ উলিয়াবৰ মন আছে।
তৰ্পণ’ৰ ন-টা কবিতাৰ ভিতৰত ‘গান্ধী তৰ্পণ’কে আদি কৰি চাৰিটা কবিতা ভক্তিভাজন আৰু প্ৰিয়জনৰ বিয়োগত কৰা তৰ্পণ। ‘তৰ্পণ’ পঢ়ি অসমীয়া পাঠক সমাজ, ঘাইকৈ সাহিত্যিক সমাজ তৃপ্ত হলে লেখকো নিশ্চয় তৃপ্ত হব।