সমললৈ যাওক

পৃষ্ঠা:তৰ্পণ ৰত্নকান্ত বৰকাকতী.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পুৰু সেই চন্দ্রগুপ্ত ভাৰতেশ্বৰৰ বাৰু কোৱাঁ ? কোন ? আলেকজেণ্ডাৰ— আলেকজেণ্ডাৰ এই, শতদ্রু তীৰত পুৰু 1 সেই পৰাভৱ মনা ৷ ওঁ তাৰ পিছে, তাৰ পিছে হল কিবা আৰু ? আলেকজেণ্ডাৰ— তাৰ পিছে স্বদেশী বিদেশী ক'ত ৰজা ও সম্রাট, ইজনৰ পিছত সিজন, আহি গই ক্ৰমে ক্ৰমে ভাৰতক তত্ত্ব কৰিছে বদ্ধিত, পুষ্ট, সংহত স্বজন । শিক্ষা দীক্ষা শিল্প-কলা ভাবি চোৱাঁ যত মোৰ পিছৰেই পৰা, ময়ে তাৰ মূল প্ৰস্ৰৱণ ! গ্ৰীচৰ প্ৰভাৱ আজি কত ভাৰত, গ্ৰীচৰ চাৰুতা হাঁহে কত সি শিল্পত, গ্রীচেই জগালে ধৰা, উৎস তাৰ চৌদিশে পৰিল- বাগৰি তোমাৰো দেশত ৷ গ্ৰীচৰ বাটকে লই গ্ৰীচৰ পিছতে আহে পাৰস্থ্য, মোগল, শেষত বৃটন এই গ্ৰীচৰেই সেই প্রতিভা—সম্বলে ধনী; এই দৰে ক্ৰমে বিদেশীয়ে নিজে নিজে ঐশ্বর্য-সম্পদে ভাৰতৰ ভৰালে ভঢ়াল ; তাৰ ফল ‘কালিদাস' তোমাসাৰ কবি, ‘অজন্তা' সি অনিন্দ্য সৌন্দর্য্য, সৌধ মহা ‘তাজ’ সেই (২৯)