সমললৈ যাওক

পৃষ্ঠা:তৰ্পণ ৰত্নকান্ত বৰকাকতী.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

 পৃথিবীৰ মাত একেষাৰ। —
কাণেৰে নুশুনে যোনে' কাণক শুনায় মাথোঁ
 তেনে কি ব্ৰহ্মতে পূৰ্ণ
 তুমি পুণ্যতনু,
ছিঙি থই ইন্দ্ৰিয়ৰ দ্বাৰ
 পলকতে গলাঁ আজি মাৰ?
চকুৰে নেদেখে যোনে চকু কৰে অহৰহ
 বিশ্বময় দৰ্শন-ব্যাকুল!
 কিবা সি অনন্ত জ্যোতি
 অগোচৰ অনাদি অতুল!

নুবুজোঁ তাকোতো হাঁয়
 জ্যোতিৰ্ম্ময় ব্ৰহ্ম সি কি
সেয়ে নে কি হলা আজি
 তুমি ভক্ত কৰ্ম্মযোগী
 জীৱনত আজীৱন
 ঈশ্বৰ-আকুল?
নাজানো, তোমাৰ সত্য
 সাম্য-শান্তি-প্ৰেম
 উড়ি উড়ি বতাহতে
ৰ'ব নেকি জগতত চিৰদিন
 অৰণ্য-ৰোদন?
নতু হব বসন্তৰ প্ৰতীক্ষাত
 জগতৰ নৱ


১ যোনে, যি (Who) কামৰূপৰ ফালে “যোনে” বোলে । গতিকে কবিতাত মিলৰ অৰ্থে ব্যৱহাৰ কৰা হল৷ —লেখক