সমললৈ যাওক

পৃষ্ঠা:তৰ্পণ ৰত্নকান্ত বৰকাকতী.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পৰ্ণ কুটীৰত যেৱে  শান্ত ধ্যানমগ্ন ঋষি
 কৰোঁ বুলি ব্ৰহ্মাণ্ডৰ
 ৰহস্য-মোচন!

(৮)

কোন সি প্ৰথম প্ৰাণ  লভি আত্ম-পৰিচয়
 উচ্চাৰি উঠিল কোন
 ঋষিৰ সি কণ্ঠ,—
“শুনা বিশ্ব অমৃতৰ  পুত্ৰসৱ জানিছোঁ হে
 অন্ধকাৰ ভেদি মই
 পুৰুষ মহান্ত”,

(৯)

“আদিত্য বৰ্ণৰ দৰে”  যাক, জানিলেই নৰে
 মৃত্যুকো লঙ্ঘিব পাৰে
 জড়ৰ জঞ্জাল,
সেয়ে মাথো এক সত্য  বিশ্ব ভুৱনৰ এই
 তৃণ-তৰু-ওষধিতো
 বিৰাট বিশাল।

(১০)

শুনি সি অনন্ত বাৰ্ত্তা  সি দিন৷ ভাৰতবৰ্ষ
 খলকি উঠিল সি কি
 বিপূল হৰ্ষত,
হৃদয়ে হৃদয়ে সিকি  বিশ্বাস আনন্দ—শ্ৰদ্ধা
 উপচি পৰিল স্পৰ্শ-
 মনিৰ স্পৰ্শত!

(১৭)