সমললৈ যাওক

পৃষ্ঠা:তৰ্পণ ৰত্নকান্ত বৰকাকতী.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 লক্ষ সউ নক্ষত্ৰৰ
 আকুল স্পন্দনে,
চমকিব ততদিন হৃদয়ৰে৷ অন্ধকাৰ
 হিংসা-দ্বেষ-বৈৰী-ভাৱ
 জিঘাংসা-যন্ত্ৰনা
 শান্তি মাগি তোমাৰেই
 প্ৰাণৰ কম্পনে।

জগতেও ততদিন  বন্দিব যে তোমাকেই
 ভাৰতৰ হৃদয়ৰ
 অধ্যাত্ম বন্দনে,
পাতলাব ততদিন  পৃথিবীৰো হা-হাকাৰ
 ধ্বনি তুলি মিলনৰ
 জগৎ-শান্তিৰ
 তোমাৰেই প্ৰাণৰ স্পন্দনে।[]


[৬]

  1. মহাত্মা গান্ধীৰ প্ৰয়াণৰ পিছত তেখেতৰ আদ্যশ্ৰাদ্ধৰ দিনা লিখা।
    —লেখক