সমললৈ যাওক

পৃষ্ঠা:তৰ্পণ ৰত্নকান্ত বৰকাকতী.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 নদীবোৰে
আই মাতৃ বসুধাৰ
 বুকু জুৰ কৰি
 শান্তিৰ শীতল ধাৰ
কেনেকই বই
 কুলু কুলু কই
গই আছে দুয়ো কাষ
 সুজলা সুফলা সেই
 শস্য-শ্যামলা কৰি;
মৃদু সি হিল্লোল লাগি বসন্তৰ নৱ
 কেনেকই আহা!
তৰু লতা উঠিছে মুঞ্জৰি
 ভ্ৰমৰ গুঞ্জৰি
 বিকসিছে ফুল,
শুনি সি কবিতা আজি
 নিলাজী বনৰ দৰে
 জাপ খাই থকা সৰগত
হ’ক মোৰো এই
 হৃদয় উৎফুল!
গছে গছে পৰি সেই
 চৰাই চৃকতিবোৰ
কিবা আনন্দত ভোৰ!
 কৰে সি কি কলৰোল!

[১৩]