তিৰুতাৰ আত্মদান কাব্য/দ্বিতীয় সৰ্গ
⸻৹৹৹⸻
“⸻Tho’ours the home of want, I never repine;
Art thou not there, even thou a priceless jem and mine?’’
⸻⸻⸻⸻MAICHAEL M. S. DUTT.
পাঠক! কেনুৱা তুমি? তােমাৰ হৃদয় কেনে?
আছেনে তােমাৰ ভুত পেৰেতৰ ভয়?
যদি আছে, হে পাঠক! দূৰ হােৱাঁঁ তুমি,
নতু,—হোৱাঁ নিৰ্ভয় হৃদয়॥
সাহসে ভৰাই হিয়া আহাঁ, হে পাঠক! তুমি
যাওঁ অজি, চাওঁ সে'য়া কিহৰ পােহৰ?
পুৰুষ জনম ধৰি যদি ভূত-ভয়
কৰা, তুমি পুৰুষ কিহৰ?
যদি কৰা ভূত—ভয়, হাঁহিব জগত-জনে,
মাইকী ছােৱালী বুলি জগতে নিন্দিব।
থাকিব দুৰ্যশ বৰ তোমাৰ, পাঠক!
ভয়াতুৰ! জগতে হাঁহিব॥
নকৰিবা ভয় তুমি, সাহসী পাঠক মােৰ!
সাহীয়াল হােৱাঁ আগে আগে যাওঁ মই,
অহা পাছে পাছে তুমি,— সােমাওঁ অৰণ্য,—
আহা আজি নিৰভয় হই॥
২
তুমিও আহা, হে দেবি! কল্পনা কবিৰ প্ৰাণ।
নকৰিবা বেলা আৰু, বধলাগে মােৰ!
ব’লা যাওঁ, সৌৱা, দেবি! বনৰ মাজত
কিয় জ্বলে অগনিৰ জোঁৰ?
ইনো কি আকউ! কোনে উচুপি কান্দিছে, দেবি!
সৌৱা বনৰ মাজত? কোৱাঁ দেবি! মােক
এই মহা নিশা আজি এনুৱা কালত
জনমিলে কাৰ মহাশোক?
কিয় কান্দে? কান্দে কোনে? পালে কোনে পুত্ৰ শােক
নহ’লে কান্দিছে কোনে? কোন দুৰ্ভাগিনা
হেৰুৱাই পতিধন, পৰাণ ৰতন,
কান্দে আজি হই অনাথিনী?
মাততে জানিব পাৰি মাইকী মানুহ বুলি,
শোকাকুলা বুলি দিয়ে চিনাকী কান্দোনে;
বৰ শোক পাওঁ, দেবি! দেখুৱা তেওঁক
কান্দিছে যি সঘনে সঘনে॥
দিয়াঁ দিব্য চকু মোক মই আজি লওঁ চাই,
কোনেনো কান্দিছে এই বনৰ মাজত?
ইঘোৰ নিশাত, দেবি! ওলায়নো কাৰ
চকুপানী দুয়ো নয়নত?
৩
ইনো কি আকউ! এই সোণৰ পুতলা, হায়!
বনৰ মাজত দেহা লুতুৰি-পুতুৰি!!
অকলে অৰণ্য-মাজে গছৰ তলত
বিষাদত কান্দিছে ফেঁকুৰি॥
কিয় কান্দে? কাৰ এওঁ প্ৰেমৰ প্ৰতিমা ধন?
কাৰ বিৰহত, আজি খাটে বনবাস?
যৌবনেৰে ভৰা, আহা! সুন্দৰী প্ৰতিমা
কাৰ আশে হইছে নিৰাশ?
কেনুৱা প্ৰণয়ী সিটো? ত্যজিলে যিটোৱে, হায়
এনুৱা লাৱন্য মূৰ্ত্তি অকলেবনত?
কোন সিটো মহা পাপী নিৰ্ব্বোধ পুৰুষ?
নাই তাৰ প্ৰেম হৃদয়ত?
ধিমিক—ধামাক কৰি দোৰঘোৰ অৰণ্যত,
গাভৰুৰ কাষে জ্বলে এটি মাত্ৰ চাকি,
এই পোহৰিলে, এই কৰিলে এন্ধাৰ,
উঠে জ্বলি পুনু থাকি থাকি॥
কোননো গাভৰু এওঁ? কান্দে কি কাৰণে হায়!
আছে কি কাৰণে বহি প্ৰাণ শূন্যা—সম?
কিয় কাঢ়ে হুমুনীয়া দীঘল—দীঘল?
কিয় পুনু কৰিছে ক্ৰন্দন?
কান্দিছে ম’চিছে পানী দুয়োটি চকুৰে পৰা;
বাটলই চায় ঘনে কিহৰ আশাত?
আহিবনো কোন? আছে কোনবা তেওঁৰ?
থাকি থাকি কিয়নো নিমাত?
৪
ইনো কি আকউ! এটি মনোহৰ ডেকা মূৰ্ত্তি
এখুজি-দুখুজি আহে গাভৰুৰ ফালে!
ক’ৰ ডেকা? কোন এওঁ? এই মহা নিশা
আহে কিয়—ই ঠাই অকলে?
গাভৰু তিৰুতা, হায়! তাতেই অকলে আজি;
ইঘোৰ নিশাত ডেকা গাভৰুৰ কাষে
আহে কি কাৰণ? আছে কিবা অভিপ্ৰায়?
নতু, কিয় আহে কোন আশে?
বিৰস বদন ডেকা (আকৃতি দেখিলে, হায়!
ৰজাব কোঁৱৰ বুলি জনমে বিশ্বাস)
ধীৰে ধীৰে আহি, বহি গাভৰু কাষে
পেলালেহি দুখৰ নিশ্বাস!!
গাভৰুৰ হাতধৰি বিষাদ ব্যাকুল ডেকা
উলিয়ালে চকু পানী, বাৰিষা কালত
পৰে যেনে বৰষুণ, পৰিলে সিৰূপে
চকুপানী অৰণ্য—মাজত॥
৫
কালি কান্দি মহাশোকে ফুলিলে দুখেৰে ডেকা :—
“হায়! মোৰ প্ৰাণেশ্বৰি! প্ৰিয়ে জয়মতি!
“কিয় তুমি আহিছিলা এই ঘোৰ বন?
“কিয় ভোগ কৰা দুৰগতি?
“মই দুৰ্ভগীয়া, প্ৰিয়ে! দুখকষ্ট অৰণ্যৰ
“আছে, অদৃষ্টত মোৰ, কঙ্গালে সইতে
“অৰণ্যত আহি তুমি, হই কঙ্গালিনী
“ভুঞ্জা ক্লেশ কিহৰ নিমিত্তে?
"হায়! প্ৰিয়ে! তুমি মোৰ হিয়া– ফুলনীৰ ফুল
"ঢোপাকলি হয়েনেকি থাকিব সদাই?
“নুফুলি নাহাহি, প্ৰিয়ে? হাঁয়! অকালত
“ঢোপাকলি লেৰেলি শুকায়!!
“বনৰ গোলাপ প্ৰিয়ে! নিজে ফুলে নিজে সৰে,
“আপোন গোন্ধত থাকে নিজে মোহ গ’ই,
“নিৰ্জ্জনে বনত জহে -বনৰ মাজত
“সিকাৰণে মমতা নহয়॥
“কিন্তু তুমি, প্ৰানেশ্বৰি! মোৰ ফুলনীৰ ফুল,
‘আদৰ-সাদৰ কৰি তোলা যতনেৰে,
“তোমাৰ ইকষ্ট মই কিৰূপে সহিম?
‘হায়! প্ৰিয়ে! হৃদয় বিদৰে॥
“তোমাৰ কেলেশ, প্ৰিয়ে! মোৰ হৃদয়ত শেল,
“তুঞ্জিছো যি কষ্ট মই, যদি এশ মুখ
“অন্য কথা এবি তাকে কয় নিৰম্ভৰ,
“নোৱাৰে বৰ্ণাব মোৰ দুখ॥
“হায়! প্ৰিয়ে! যাৰ মুখ দেখিলে আগৈয়ে মোৰ
“উঠলে আনন্দে ঢউ ভুলো শোক দুখ,
“জনমে সন্তাপ অজি দোৰ্ঘোব যাতনা
“কিয়, প্ৰিয়ে! দেখি সেই মুখ?
“যাক দেখি, হায়! প্ৰিয়ে! হৃদয় তোমাৰ নাচে,
যাক দেথি হাঁঁহা পূৰ্ব্বে হাঁহি মিচিকীয়া,
“কিয়, প্ৰিয়ে! কান্দা তুমি দেখি আজি তাক।
“কিয় মুখ হাঁহি নাইকীয়া?
"তোমাৰ কেলেশ, প্ৰিয়ে। নোৱাৰোঁ সহিব আক,
"ব’লা, থই আহো গই তোমাক ঘৰত।
"মোৰ শত্ৰু ল’ৰাৰজা, মই বৈৰী তাৰ,
“তুমি ভয় কৰিছা কিহত?
“দেখা পাই, প্ৰাণেশ্বৰি! চকুলো তোমাৰ, হায়!
“কান্দিছে অন্তৰ মোৰ, জ্বলিছে অগনি
“হৃদয়ত, শোক-ঢউ উঠলে সঘনে,
প্ৰিয়ে! মই নাপাওঁ তৰণি
"জনমিছে যেনে কষ্ট চকুলো তোমাৰ দেখি,
“ভুঞ্জিছো যেনুৱা ক্লেশ তোমাৰ দুখত,
“তেনুৱা শবদ নাই, যিশব্দেৰে, প্ৰিয়ে!
"প্ৰকাশিম তোমাৰ আগত॥”
এই বুলি গদাপানি নিৰৱে থাকিল শোকে,
জৰ জৰ কৰি পৰে চকুলো দুধাৰ;
(২১)
তিতে যেনে ফলফুল নিয়ৰ পানীও,
তিতে তেনে দুচকু গদাৰ॥
স্বামীৰ কেলেশ জানি পতিপ্ৰাণা জয়মতী
হুক্–হুক্ কৰি শোকে কান্দিব ধৰিলে,
যেন নিয়ৰ পানী দুবৰি বনত,
চকু পানী তেনে ওলমিলে॥
কান্দি কান্দি জয়মতী বুলিলে স্বামীক শোকে:—
“তুমি মোৰ দুখুনীৰ একেটি ৰতন,
“তুমি মোৰ প্ৰাণপতি তুমি মোৰ ধ্যান,
“তুমি মোৰ জীৱৰ জীৱণ॥
“প্ৰাণ এৰি, হায়! নাথ। থাকেনো ঘৰত কোনে!
“যিথাকে থাকোক, ফিন্ত নাথাকে কদাপি
“প্ৰাণ এৰি জয়মতী; যদি প্ৰাণ যায়,
“পতিসঙ্গ নেৰিব তথাপি॥
“অৰণ্যত কিবা দুখ, হায়! নাথ! আছে মোৰ?
“তুমি য'ত আছা, মোৰ আছে স্বৰ্গ-সুখ,
“তুমি তৰু, মই লতা দুয়ো একে ঠাই,
“তাত নাথ! আছে-কিবা দুখ?
“তুমি দেহা মই ছঁয়া, দেহা য’তে থাকে, নাথ!
“ছঁয়াও থাকিব তাতে, নতুন নহয়
“এই কথা আজি, নাথ! কিবা দুখ আছে?
“তাত মোৰ আনন্দ নিশ্চয়॥
“নাৰীৰ ভূষণ পতি, তুমি মোৰ অলঙ্কাৰ,
“তুমি আছা বুলি, নাথ! আছে সেন্দুৰৰ
“ফোঁট মোৰ কপালত, বিধৱাৰ ক্লেশ
“ভোগ কৰা নাই, প্ৰাণেশ্বৰ!
তেনুৱা ৰতন তুমি, তোমাক তিয়াগি, নাথ!
“কিৰূপে ঘৰত থাকো? হায়! কোন নাৰী
“স্বামীক তিয়াগি থাকে সুখেৰে ঘৰত?
"হায়! নাথ! নোৱাৰি নোৱাৰি।
“কি কৰিব ল’ৰাৰজা? নাই সেই ভয় মোৰ,
“নোহো, নাথ! মই অতি ভয়াতুৰা তিৰী,
“মাৰিব পৰাণ মোৰ? কিম্বা শান্তি দিব?
“হায়! নাথ! সুখে স’ব পাৰি।
“সকলো সহিব পাৰোঁ, নোৱাৰো সহিব মাথোঁ
“তোমাৰ বিলাই, নাথ! শত্ৰুৰ হাতত!
“নউ দেখোঁতেই মই তোমাৰ কেলেশ,
“পৰোঁ যেন কালৰ মুখত॥”
এই বুলি জয়মতী কৰিলে বিলাপ বহু,
বৰষুণ পানী যেনে পৰে বাৰিষাত,
পৰে তেনে টোপা-টোপে চকুলো দুধাৰ
দুয়োটি চকুৰে পৰা গাত॥
ভাৰ্য্যৰ কান্দোন শুনি বিয়াকুল গদাপানী
কান্দি কান্দি ক’লে, “হায়! প্ৰিয়ে জয়মতী!
“পূৰ্ব্ব জনমৰ মোৰ পূৰ্ণ্যৰ বলত
“তোমাক লভিলো ভাৰ্য্যা, সতি!
“কতনো স্বামীৰ আছে কতনো তিৰুতা, সতি!
“কত স্বামী তিৰুতাৰ ভালপোৱা আছে,
কিন্তু প্ৰিয়ে! যেনেকই ভাল পোৱা তুমি,
সন্দেহ তেনুৱা আছে নাছে।
“সেই বুলি কিন্তু, প্ৰিয়ে!, মনত বৰ শোক পাওঁ,
“তোমাৰ কেলেশ দেখি জীৱন নৰয়,
“তিনি সাজ নাই খোৱা, আৰু কত দিন
“জীবা তুমি নাখাই-নবই?
“কুমলীয়া লতা, হায়! নিৰস মাটিত, প্ৰিয়ে!
“নাপালে গুৰিত ৰস, জীয়ে কত দিন?
“অকালত, হায়! মোৰ কুমলীয়া লতা
‘নিৰস, বিবৰ্ণ শোভাহীন॥
“কাকনো খুজিম, প্ৰিয়ে? কোনেনো কি দিব, হায়!
“নিৰ্জ্জন বনত এই? —বহুকষ্টে মই
“আনিছোঁ চাউল মুঠি, নাকান্দিবা আৰু
‘প্ৰিয়ে! তুমি যোৱাঁ ৰান্ধাগই॥
“যদিও দৰিদ্ৰ আজি নাই, তাত দুখ মোৰ,
“তুমি যাৰ আছে তাক দৰিদ্ৰ নকয়
“আছে যাৰ প্ৰিয় ভাৰ্য্যা নিচিনা তোমাৰ,
“সদা তাৰ স্বৰ্গ-সুখ হয়॥
“দৰিদ্ৰতা দুখে মই নাকান্দো অলপো প্ৰিয়ে?
“নাপাও কেলেশ মই বনৰ দুখত,
“পাওঁ মাথোঁ বৰ শোক দেখিলে তোমাৰ
“দুধাৰি চকুলো নয়নত॥”
এই বুলি গদাপাণি চকুৰ চকুলো টুকি,
দিলে খুজি অনা, হায়! চাউল টুপলি;
ৰান্ধি বাঢ়ি জয়মতী খুৱালে স্বামীক,
খালে ভাত চকুলো মিহলি॥
৮
চকুলো! কেনুৱা তই? কেনুৱানো তোৰ, হায়!
নিৰ্দ্দয় হৃদয়? তই কিয়নো ওলাৱ?
কি সুন্দৰ চকু দুটি! নাই ক’তো বিন্ধা,
ওলাবৰ কেনি বাট পাৱ?
নিৰ্দ্দয়া, চকুলো! তই, যৱে অভিমন্যু বীৰ
বিদায় মাগিব গ’ল উত্তৰাৰ ঠাই
হায়! যুদ্ধ-যাত্ৰা কালে, দুৰ্ভাগী উত্তৰা
দেখিলে এন্ধাৰ তোক পাই।
তয়েনে, চকুলোঐ? যি ধৰিলে ঢাকি, হায়!
উত্তৰাৰ দুই চকু? যৱে দেখা হয়
শেষদেখা স্বামী স'তে? নেদেখিলে সতী
পতি মুখ? সেয়েনেকি তই?
কত আশা কৰি দেবী সুভদ্ৰা পৰাণ ভৰি
খুজিছিল চাই ল'ব অভিমন্যু-ধন,
তই কিন্তু, নিৰদয়া! ঢাকিলি দুচকু!
নেদেখিলে প্ৰাণৰ নন্দন॥
নিৰ্দ্দয়া, চকুলো! তই, তোৰ অতি কাঠ-চিত,
দুৰ্ভগীয়া দুৰ্ভাগীক কত বাধা দিয়!
আশাত নিৰাশ কৰ, হায়! পাপীয়সি!
তোৰ এনে কুস্বভাব কিয়?
৯
কিয় নিন্দো, হে চকুলো তুমি অতি দয়াবতী
মিলনৰ পাছে পাছে প্ৰিয়সী-বিৰহে
হৃদয় ব্যাকুল হ’লে, কোনে শাস্তি দিয়ে?
তুমি তেওঁ, আৰু কোনো নোহে॥
হে চকুলো! নিন্দো কিয়? বিপত্নীক হিতেশ্বৰ
তুমি মাথো ভাৰসাৰ থল সংসাৰত,
হেৰুৱাই অকালত জীৱন সঙ্গিনী,
তুমি তাৰ সঙ্গী জীৱনত॥
প্ৰাণাধিকা অৰ্দ্ধাঙ্গীনী অৰ্দ্ধ অঙ্গ শূণ্য কৰি
সুখৰ সপোন ভাঙ্গি গইছে স্বৰ্গত,
তুমি মাথোঁ হিতেশক শাস্তি দিয়া, দেবি!
সখীৰূপে দুখৰ কালত॥
আৰু----------------
দুৰ্ভগীয়া নৰ যৱে পৰে, হায়! বিপদত
বন্ধুয়ে তিয়াগি তাক যায় এৰি থই,
কিন্তু, হে চকুলো! তুমি তেনুৱা কালত
থাকা তাৰ লগৰীয়া হই॥
ই স্নেহ সামান্য নোহে, এনুৱা চেনেহ নাই;
নাই নৰ-হৃদয়ত, হায়! কোনজন
বিপদৰ সঙ্গীহয়? আপদ কালত
যৱে নৰ বিষাদ মগন?
পৰাণৰ পুত্ৰে যৱে কৰে, হায়! প্ৰাণত্যাগ
দুৰ্ভাগিনী জননীক কন্দুৱাই থই,
সিকালত হে চকুলো! নিচুকায় কোনে
দুভাগীক? তুমিয়ে নহয়?
জনক জীয়াৰী সীতা অশোক বনত যবে
বন্দিনী আছিল, হায়! তেনুৱা কালত,
আছিল লগত কোন! সৰমা? নহয়,
তুমিয়েহে সীতাৰ লগত॥
বিপদ বন্ধু তুমি, তুমি অতি দয়াবতী,
বৰ স্নেহ কৰা তুমি বিপদ কালত,
নিচিনে তোমাক আনে, মই চিনি পাওঁ,
তুমি মাথোঁ বন্ধু বিপদত॥
* * * * *
* * * * *
১০
কি কাম কৰিলা, দেবি? কিহৰ লগত আনি
মিহলি কৰিলা কাক? হায়! হে কল্পনা।
এৰি চকুলোৰ কথা, যাৰ কথা লাগে
কোৱা তাক নকৰা ছলনা॥
* * * * *
* * * * *
খাই-বই জয়মতী শুৱালে আপোন স্বামী
আপুনিও শুলে তাতে অৰণ্য — মাজত
দ্বাপৰ যুগত যেনে সতী প্ৰতিব্ৰতা
দময়ন্তী নলৰ কাষত॥
মাতৃৰ কোলাত যেনে ল’ৰা শোক দুখ ভুলে
ভুলিলে সিৰূপে ক্লেশ নিদ্ৰাৰ কোলাত
দুয়োটিয়ে, নাই আৰু কোনো শোক দুখ,
পাহৰিলে সকলো নিদ্ৰাত॥
পাঠক! কি কৰা তুমি? থাকানে ইয়াতে আজি?
থাকি কি কৰিবা? আৰু নালাগে থাকিব।
দুখে শোকে দুয়োটিযে শুইছে খন্তেক,
সাৰ পাই আকউ কান্দিব॥