পৃষ্ঠা:তিৰুতাৰ আত্মদান কাব্য.djvu/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পৰে যেনে বৰষুণ, পৰিলে সিৰূপে
চকুপানী অৰণ্য—মাজত॥


কালি কান্দি মহাশোকে ফুলিলে দুখেৰে ডেকা :—
“হায়! মোৰ প্ৰাণেশ্বৰি! প্ৰিয়ে জয়মতি!
“কিয় তুমি আহিছিলা এই ঘোৰ বন?
“কিয় ভোগ কৰা দুৰগতি?
“মই দুৰ্ভগীয়া, প্ৰিয়ে! দুখকষ্ট অৰণ্যৰ
“আছে, অদৃষ্টত মোৰ, কঙ্গালে সইতে
“অৰণ্যত আহি তুমি, হই কঙ্গালিনী
“ভুঞ্জা ক্লেশ কিহৰ নিমিত্তে?
"হায়! প্ৰিয়ে! তুমি মোৰ হিয়া– ফুলনীৰ ফুল
"ঢোপাকলি হয়েনেকি থাকিব সদাই?
“নুফুলি নাহাহি, প্ৰিয়ে? হাঁয়! অকালত
“ঢোপাকলি লেৰেলি শুকায়!!