তিৰুতাৰ আত্মদান কাব্য/তৃতীয় সৰ্গ

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
তিৰুতাৰ আত্মদান কাব্য
লেখক হিতেশ্বৰ বৰবৰুৱা
[ ৩১ ]

তৃতীয় সৰ্গ
———৹৹৹———
“——O happiness enjoy’d but of a few!
And if possess’d as soon decay’d and done
As is the morning’s silver melting dew
Against the golden splendour of the sun”!
  ———————SHAKESPEAR.

গ’ল অন্ধকাৰ ৰাতি, আহিল পুঁৱতী ঘূৰি,
জীৱ জন্তু পালে সাৰ পাই পুনু প্ৰাণ;
দেখা দিলে পূব ফালে ৰঙ্গচুৱা বেলিটিয়ে,
বনৰ চৰায়ে গায় নানা সুৰে গান॥
ধীৰে ধীৰে আহে যায় পুঁৱাৰ বতাহ জাকি
নচুৱাই লাহে লাহে বিৰিখৰ পাত,
টোপাটোপে টপটপ পৰে নিয়ঁৰৰ টোপা
সঘনে সঘনে আই পৃথিবীৰ গাত॥

   
নিয়ৰ! তুমিনো কোন? কাৰ চকুপানী ঐ?
পৰিছা মাটিতে।

[ ৩২ ]

কোৱাঁ-তুমি কোৱাঁ আজি নিয়ঁৰৰ ৰূপধৰি
কিয় টোপাটোপে পৰি থাকা নিতে নিতে?
কান্দিছে কোনেনো, হায়? কেনুৱা সিদেশ ঐ?
কান্দে তেওঁ য’ত?
যাৰ চকু-পানী তুমি কান্দিছেনো তেওঁ আজি
কাৰ বিৰহত পৰি? নহলে কিহত?
নিয়ঁৰ! স্বৰ্গীয় তুমি; স্বৰ্গৰ চকুলো ঐ?
আছেনে স্বৰ্গতো
দুখশোক ৰোগ ব্যাধি বিৰহ বিচ্ছেদ ক্লেশ
চেনেহী শুৱলা দেবকন্যাৰ মনতো?
আছেনে স্বৰ্গতো, হায়! দুখুনী বিধৱা ঐ
চিৰ দুৰ্ভাগিনী?
কালৰ হাতত পৰি পলাই লুকালে যাৰ
পৰাণৰ পতি-ধন, নয়নৰ মণি?
দুৰন্ত ৰোগৰ হাত তাতোনেকি আছে ঐ?
স্বৰ্গৰ মাজত?
তাতো কি মইনা মোৰ ৰোগৰ জ্বালাত পৰি

[ ৩৩ ]

দুধাৰি, চকুলো টোকে নিৰৱে দুখত?
সোণৰ সংসাৰ খনি ভাঙ্গি অকালত ঐ
গইছে স্বৰ্গত!
চাৰিটি ল’ৰা ছোৱালী ডিঙ্গিত দিগই বান্ধি,
চকুলো টুকিছে জানো তাতো বেজাৰত?
মোৰো যে মইনা পাৰে সকলো সহিব ঐ
নোৱাৰে মাথোন——
দেখিব বিলাই এই দুৰ্ভগীয়া হিতেশৰ—
আজি দেখি সি বিলাই- ওলায় কান্দোন?
মইনা কি কান্দে আজি? টুকিছে চকুলো ঐ?
পৰিছা মাটিত?
চৰণত ধৰোঁ মই (যদিহে নহয়) কোৱাঁ
কাৰ চকুপানী তুমি পৰা নিত-নিত?
শুনিছোঁ স্বৰ্গৰ বোলে দেৱকন্যা সবে ঐ
সন্তাপ নাপায়!
নাই তাত দুখ শোক, বিৰহ বিচ্ছেদ ক্ৰোধ,
স্বৰ্গ বোলে চিৰ সুখ মিলনৰ ঠাই॥

[ ৩৪ ]

কিন্তু, হায় পৃথিবীৰ মানুহৰ ক্লেশ ঐ
সহিব নােৱাৰে-
স্নেহময়ী দেৱকন্যা? হৃদয় কোমল অতি,
নৰৰ কেলেশ দেখি চকুপানী পৰে?
সেয়েনে কি তুমি? সেই চকুলো দুধাৰি ঐ
স্বৰ্গীয় কন্যাৰ?
নিচিনাে, নিয়ঁৰ! তুমি কাৰনো চকুৰ পানী,
কতনাে মনতে ভাবি চাওঁ কতবাৰ॥
গুৰু পত্নী হৰি চন্দ্ৰ আকাশ মাৰ্গত ঐ
কলঙ্ক ভয়ত,
নিৰৱে টুকিছেনেকি চকুলাে দুধাৰি, হায়?
নিলাজী হাঁহিৰে হাঁহি বাহিৰে মুখত?
নিচিনো, নিয়ৰ! তুমি কাৰ চকুপানী ঐ?
সদা চিন্তা হয়—
সঁছানেকি স্নেহময়ী জগত জননীয়ে
নৰৰ ক্লেশত কান্দে? তাকে ভাবো মই॥
পৃথিবীত নৰে কান্দে আয়ে দুখ পাই ঐ

[ ৩৫ ]

চকুলাে টুকিছে।
স্নেহময়ী আই বিনে কোনেনো কান্দিব আৰু?
আইৰেহে টোপা-টোপে চকুলো সৰিছে॥
 * * * * *
 * * * * *
   
বৰযে অমৃতধাৰা কাণৰ বিন্ধাত পখী
ধৰি সুমধুৰ তান (সুৱলা মধুৰ গান)
উঠলে জগত বাসী শুনি তাৰ ধ্বনী;
পালে সাৰ জীৱ জন্তু জগতৰ প্ৰাণী॥
শীতল বতাহ বলে ৰিব্ ৰিব্ ধীৰে ধীৰে,
প্ৰকৃতি মিচিকি, হাঁহে, (শােভা সৌন্দৰ্যত ভাহে)
নতুন ৰূপত পুনু শােভে ত্ৰিভুবন,
জগত-বাসীৰ কৰি প্ৰাণ বিমােহন॥
 * * * * *
 * * * * *
   
দুখমনে জয়মতী শুধিলে স্বামীক ধীৰেঃ

[ ৩৬ ]

 “কিয় নাথ! দেখোঁ আজি অন্যভাব গাত?
 “আগৈয় দেখােন তুমি নিতে কত কথা কোৱা,
 “আজিনাে তবধ কিয়? কিয়নাে নিমাত?”
 “প্ৰিয়ে? আজি কুসপােন” ধীৰে কয় গদাপাণি
 “দেখা পালাে টোপনিত পুঁৱা সময়ত
 “কুসপােনে মােৰ, প্ৰিয়ে কৰিছে হৃদয় দগ্ধ,
 “কুচিন্তাত বৰ দুখ পাইছোঁ মনত॥
 “কি সপোন, হায়! নাথ?” শোধে পুনু জয়মতী
 “কোৱা, নাথ! কোৱা মােক, দেখি কেনেকুৱা
 “অমঙ্গল, অলক্ষণ, পাইছা মনত ভয়?
 “কি চিন্তিনো আজি, নাথ! তধা হই ৰােৱা?”
গদা-“ফুলনী বাৰীৰ, প্ৰিয়ে! এজুপি গছত যেন
 “একেটি ভালতে, হায়! একেটি ঠাৰিতে
 “ফুলিছিলে দুটি অতি সুন্দৰ গােলাপ ফুল
 “মিচিকি-মিচিকি হাঁহি একেটি হাহিতে॥
 “মলয়া বায়ুত যেন সেই দুয়ােপাহি ফুলে
 “নাচিছিলে হালি-জালি দুয়াে দুয়ে চাই,

[ ৩৭ ]

“চেঙ্গ-চেঙ্গ কৰে হয়! বহাগমহীয়া ৰ’দ
“তুচ্ছ জ্ঞান কৰিছিলে ইতে সিতে পাই॥
“তাকে দেখা পাই যেন কালৰূপী ধুমুহাই
“নিদিলে ভুঞ্জিব আৰু সুখ মিলনৰ;
“উৰুৱাই লই গ’ল চিঙ্গি তাৰে এটি ফুল,
“পেলালে পানীত যেন দূৰ সাগৰৰ॥
“এই কুসপােনে, প্ৰিয়ে! দহিছে হৃদয় মােৰ
“জানাে, মই হেৰুৱাওঁ তােমাক প্ৰাণৰ;
“জানাে, অকালত হায়! চিঙ্গে নিদাৰুণ পােকে
“সিপা কুটি মােৰ এই চেনেহী ফুলৰ॥”
   
সপােনৰ কথা শুনি বিয়াকুল জয়মতী
কিন্তু কবি, কিবা ভাবি, সিভাব গােপন,
বলেৰে মিচিকি হাঁহি, মাৰি অসত্যৰ হাঁচি,
ধীৰে ধীৰে স্বোৱামীক বুলিলে বচন॥
“কিয়, নাথ! মিছা ভয়! স্বপ্ন জানাে সঁছা হয়
“অমূলক চিন্তা মাথোঁ তােমাৰ সপন।
“কওঁ নাথ! সি কাৰণে চিন্তা এৰি ৰঙ্গমনে

[ ৩৮ ]

“হোৱা আজি নিৰভয়, আনন্দিত মন॥
“যিটো ক'লা তুমি, প্ৰিয়ে!” বীৰে গদাপাণি কয়,
“মিছা নােহে, কিন্তু মােৰ জনমিছে বৰ ভয়॥
“সপােন দেখাৰে পৰা বিয়াকুল প্ৰাণ মন,
“অহাযােৱা কৰে প্ৰাণ, কঁপে হিয়া ঘনে ঘন॥
“প্ৰিয়ে! মােৰ এই ভয়—লোকে বোলে সঁছা হয়
“পুৱঁতী নিশাত, হায়! দেখে যি সপােন,
“পুৱঁতীৰ সপোনত ৰাম গ’ল অৰণ্যত,
“তাকে ভাবি কান্দে, প্ৰিয়ে! মােৰ এই মন॥”
“অধৈৰ্য্য নহবা, নাথ! কবে মই প্ৰণিপাত”
বহুপথ চিন্তি পাছে জয়মতী কয়,
“পানীতে ওপজে ঢউ পনীতে মৰে আকউ
“সিটোৰ কাৰণে, নাথ! কিয় কৰা ভয়?”
   
এই ৰূপে জয়মতী স্বামীক বুজালে বহু,
গদাৰ হৃদয়ে কিন্তু একো নুবুজিলে,
চিন্তা-সাগৰৰ, হায়! অগাধ পানীত পৰি

[ ৩৯ ]

আজি যেন গদাপাণি সমূলে ডুবিলে॥
বহুকাল নানা ৰূপে ভাবি চিন্তি গদাপাণি,
চিন্তা পিশাচীক কৰি সঙ্গিনী লগৰ,
প্ৰিয়াক অকলে থই নিৰজন অৰন্যত
গল বিচাৰিবলই অহাৰ পেটৰ॥
   
চাবাছ! চাবাছ!! কাল! ধন্য তােৰ “কেৰামত”।
ৰাতিটোতে কৰ তই নগৰকো বন,
ৰজাকো কঙ্গাল কৰ কঙ্গলকো ধনবান,
ধন কুবেৰকো কৰ দৰিদ্ৰ নিৰ্ধন॥
গৰুৰ খােজকো, কাল! কৰ তই একালত
অগাধ সাগৰ, কৰ সাগৰকো বালি—
নিৰ্জন বনকো কৰ মানুহে-দুনুহে-ভৰা:—
পৰ্ব্বতাে খহাই কৰ অহা-যোৱা আলি॥
সিংহে যি নখেৰে স’তে অক্লেশে গম্ভীৰ মনে
উলিয়াই খায় হাতী-মুৰৰ মগজ,-
তােৰ দাঁতে কিন্তু, কাল! তেনুৱা সিংহৰ নখ
চূৰ্ণ কৰে, যেন হাতী খায় কলা গছ॥

[ ৪০ ]

হায়! যি বিষাল সাপ ম'ৰি বিষময় দাঁত,
পলতে কৰিব পাৰে প্ৰাণীৰ প্ৰলয়,
যাৰ ভয়ঙ্কৰ নাম শুনিলে পৰাণ কঁপে,
তাকো, কাল! পৃথিবীত লয় কৰ তই॥


স্বৰগ পৰাতো প্ৰাণ থাকে যি নৰৰ,
কৰক্ষয় কুশাঘাতে তাক।
সাঁতৰি পৰাণ যিটে সাগৰত পাই,
তাকো তই মাৰনি পাৰত॥
হঁহুৱালে হাঁহে নৰ, কান্দে কন্দুৱাৱ যৱে,
উঠে বহে তোৰ ছলনাত॥


সৌ যে দেখিলি কাল! ৰজা লাঙ্গি গদাপাণি
বিষাদ মনেৰে গ’ল বিচাৰি আহাৰ।
কৰিছে ঘোষণা তেওঁ তোৰেহে সুকীৰ্ত্তি গুণ?
গাইছে “নিষ্ঠুৰ কাল! দাৰুণ দুৰ্ব্বাৰ।!”
আৰু যে দেখিছ সৌৱা বিষাদিতা জয়মতী

[ ৪১ ]

অকলে অকলে আছে,হাত দি গালত,
গাইছে তোৰেহে যশ?নিৰ্ম্মম হৃদয় কাল।
দেখিছে এন্ধাৰ আজি অৰণ্য—মাজত॥

১০

তয়েহে কৰিছ কাল! পাতি মহা কূট—জাল

কুঁৱৰীক জনম দুখিনী !
কৰিছ তয়ে, নিৰ্ম্মম গদাকো দুখ—মগন
কন্দুৱাই নিদিয় তৰণি॥
মহাবলী তই,কাল! সকলোকে পাৰ তই
মুচিব কি পাৰ
সতীত্ব-ৰত্নৰ ছবি সতী হৃদয়ৰ?

১১

অভ্যাসত ৰাজ-ভোগ পাহৰে ৰজাই,

দুথী ভুলে হৃদয়ৰ দুথ আপোনাৰ
সতী তিৰুতাই নেকি পাৰে পাহৰিব
পতিব্ৰত-মহাধন হায়! দুৰাচাৰ?
শালিকীয়ে তিয়াগিব পাৰে শালিকাক,

[ ৪২ ]

অনায়াসে হৰিণীয়ে তিয়াগে হৰিণ,
তিয়াগেনে সতী তিৰী স্বামী হেন ধন
প্ৰাণে প্ৰাণে-গঁথ যাৰ হৃদয় অভিন?