তিৰুতাৰ আত্মদান কাব্য/প্ৰথম সৰ্গ

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
তিৰুতাৰ আত্মদান কাব্য
লেখক হিতেশ্বৰ বৰবৰুৱা
[  ]
তিৰুতাৰ আত্মদান
(কাব্য)

কমতাপুৰ ধ্বংস কাব্য (page 3 crop)

 TTHY SPIRIRIT IS IMMORTAL AND THY NAME
SHALL BY THE COUNTRYMEN BE EVER BLEST;
E'EN FROM THU TOMB THY WORDS WITH POWER SHALL RISE,
SHALL TOUCH THEIR HEARTS AND BEAR THEM TO THE SKIES.”
    MISS MARY CARPENTER.

প্ৰথম সৰ্গ।

“⸺Now o'er onehalf world
Nature seems dead⸻⸻”
     SHAKESPEARE

 মৰ আঁউশীৰ নিশা, আকাশো ডাৱৰে ভৰা,
 এটিও ওলােৱা নাই আজি তৰা আকাশত।
 মহাঘোৰ অন্ধকাৰ, নেদেখি কেনিও ক’তাে,

[  ]

ওচৰতে থকা বস্তু মহা ঘােৰ এন্ধাৰত॥
দুচকু থাকিও কণা নেদেখি নিছেই, হায়!
চিনিব নােৱাৰি আজি নিজকে নিজেই চাই॥
নেদেখি নিজৰ দেহা আপােনাৰ হাত ভৰি
নেদেখি পৰ্ব্বত নই কিম্বা বিৰিখৰ ডাল;
দুৰ্গম নলনি হাবি (অগম্য বনৰ ছবি)—
সকলাে সমান যেন নাই ক’তো একো খাল॥
এন্ধাৰ পৃথিবী আজি আকাশ এন্ধাৰে ভৰা
নাই ৰশ্মি জিকিমিকি (গগণ-মাৰ্গত তৰা)॥
দেখিছিলো এই মাত্ৰ জগতৰ চকু সূৰ্য্য
আকাশ-মাৰ্গত জ্বলা, ছৰাই গছত বহা,
নিৰ্ম্মল বিলৰ শােভা পুখুৰি-শুৱনী-কৰা
পদুম (ফুলৰ ৰাণী) পদুম বনত হঁহা॥
সি শোভা এতিয়া নাই, কেনিবাদি আতৰিলে,
দিনৰ সৌন্দৰ্য-শোভা কোনােবাই হৰি নিলে॥
ওলালেহেঁতেন যদি আকাশত জোন তৰা
এই ঘােৰ এন্ধাৰতো কিছু দেখা হ’ল হয়;

[  ]

নাই কিন্তু জোন তৰা আকাশ এন্ধাৰে ভৰা,
অন্ধকাৰ ভূমণ্ডল, মনত জন্মিছে ভয়॥
দিনৰ সৌন্দৰ্য্যশোভা নিশাৰ প্ৰতিমা খনি
দেৱকন্যা-কাষে যেন কলীমলী পিশাচিনী।


নিৰৱ ব্ৰহ্মাণ্ড খনি, নিৰৱ আকাশ আজি
নিটাল বনৰ পখী, শিয়াল বান্দৰ,
নাই কাৰো ক’তো মাত আজি ব্ৰহ্মাণ্ড নিমাত
মানৱৰ নাই মাত গাজনি মেঘৰ।
সকলো নিৰৱ দেখি এনেকুৱা ভাব হয়,
কৰিছে “নিৰব-ব্ৰত’ প্ৰকৃতি নিশ্চয়
নিৰৱে প্ৰকৃতি আয়ে কৰিছে ধিয়ান জানো৷
ঈশ্বৰৰ পাদপদ্ম (চিৰ শান্তিময়)
একে প্ৰাণে একে ধ্যানে, দেখি এনেকুৱা ভাব
পাপীৰ হিয়াতো জন্মে ভক্তি আৰু ভয়॥
জনমে এনুৱা ভাব— ইৰূপে ধিয়াঁলে পায়

[  ]

সেই ঈশ্বৰৰ কৃপা;—কোঢ়ালত নাই॥
পাঠক! কি ভাবা তুমি? কেনুৱা তোমাৰ ভাব?
অন্তৰৰ ভাব যদি দুয়োৰো একেই,
আহা কৰোঁ কোলাকুলি কওঁ দুয়ে ৰিঙ্গিয়াই
হে ভকত! কিয় তুমি চিয়ঁৰা এনেই?
“কি ৰাতি কি দিন তুমি “হৰি নাম” গাই গাই
“দোৰ্ঘোৰ কোঢ়াল কৰা চাপৰি বজাই॥
“কিয়নো চিয়ঁৰা তুমি? বাঞ্ছিত তোমাৰ কিনো?
“হে ভকত! মুক্তি লাভ? তেনে ধ্যান কৰাঁ
“নিৰৱে মনতে তুমি প্ৰভুৰ চৰণ পদ্ম,
“নহলে, নোপোৱা মুক্তি হেজাৰে চিয়ঁৰা॥
“প্ৰকৃতি আইৰ দৰে কৰি “নিৰৱতা ব্ৰত”
“ভাবা বিভুপদ মুক্তি পাবা অন্তিমত”॥


মহা ঘোৰ অন্ধকাৰ নাই কতো একো ভিন
কি নগৰ কিবা বন নাই কাৰো একো চিন॥

[  ]

নগৰো এন্ধাৰ ঘোৰ বনো অন্ধকাৰ-ময়,
উভয়েই একাকাৰ উভয়তে লাগে ভয়॥
যদিওবা লাগে ভয় নিশা অতি ভয়ঙ্কৰ
তথাপি পিশাচী নিশা নোহে এই জগতৰ॥
হোৱা হলে পিশাচিনী, পিশাচী-কোলাত কিয়
শুব জগতৰ নৰ নাৰী সকলোটি জীৱ?
মাতৃৰ কোলাত শোৱে মহানন্দে ল’ৰা যেনে,
ভাগৰুৱা নৰে কিয় নিশাৰ কোলাত তেনে
লভিছে বিৰাম আজি? হোৱাহলে এই নিশা
পিশাচিনী ভয়ঙ্কৰা? নহয় নিশ্চয় মিছা
নহয় পিশাচী নিশা;—এই নিশা কবি-প্ৰাণ
নাই একো শান্তিময়ী এই নিশাৰ সমান॥


এই নিশা কালে বহি কবিগুৰু বাল্‌মীকি
বিৰচিলে “সপ্তকাণ্ড কাব্য ৰামায়ণ”,
এয়ে সেই একে নিশা ভাৰতৰ কালিদাসে

[  ]

বিৰচি কবিতা—কুঞ্জ মানস—মোহন
লভিলে অমৰ কীৰ্ত্তি, এয়ে সেই একে ৰাতি
ৰচিলে যি ৰাতি সুখে “ভট্টি কাব্য” কবি ভৰ্ত্তৃ॥
এয়ে সেই একে নিশা যেৱে কবি চেক্ষপীৰে
অৰ্জ্জিলে অক্ষয় কীৰ্ত্তি, অন্ধক মিল্টণ
লিখিলে নতুন ছন্দ অমিত্ৰ অক্ষৰ ৰূপী
সেই ৰাতি এয়ে যিটো কবিৰ জীৱন॥
যেই নিশা বহি বহি শঙ্কৰ মাধৱদেৱ
ভাঙ্গিলে “কীৰ্ত্তন” আৰু “ঘোষা” (বৈষ্ণৱৰ প্ৰিয়)॥
এই ৰাতি সেই ৰাতি একে দুয়ো ৰাতি
যি ৰাতি অবাধি কবি ক*না সুন্দৰী
আঁকে নানা বিধ ছবি নানা বৰণীয়া কৰি
গাঁথে মনোহৰ মালা প্ৰাণ মন হাৰী॥
এয়ে সেই একে ৰাতি, আহা! যিৰাতিৰ ফল
কাব্য কবিতাৰ কুঞ্জে কৰে সাহিত্য উজ্জ্বল॥

(৫)

হে কল্পনা! যাৰ ভাগ্যে তোমাৰ কৰুণা-

[  ]

লাভ হয়, সেয়ে, দেবি! অতি ভাগ্যবান,
তাৰে হাদয়ত বয় অমৃতৰ নই,
তোমাৰ প্ৰসাদে তাৰ অমৰ পৰাণ॥
অকবিও হয় কবি, মৰিও অমৰ,
যৱে তুমি কৃপাকৰা ভাগ্যবান নৰ॥
তোমাৰ কৃপাতে দেবি! বিৰহ-ব্যাকুল
যক্ষ বনবাসে থাকি প্ৰিয়সীৰ ঠাই
পঠালে মেঘক দূত; তোমাৰে মায়াত;
মোহ গ’ল শকুন্তলা দুষ্মন্তক পাই।
তোমাৰ ছলতে পুনু বিৰহ দহন
ঘটিলে দুষ্মন্তে স’তে, আকউ মিলন॥
তোমাৰ ছলতে; দেবি! শতভাই স’তে
তিয়াগিলে মৰ্ত্ত্য লোক ৰাজা দুৰ্য্যোধন
কুৰুক্ষেত্ৰ সমৰত; ছলতে তোমাৰ
বিনাসিলে দ্ৰোণপুত্ৰে দ্ৰৌপদী নন্দন॥
তোমাৰ কৃপাতে দেবি! মহাশ্বেতা সতী
শুনিছিলে দৈৱবাণী,—পালে মৃত পতি॥

[  ]

তােমাকে আশ্ৰয় কৰি লঙ্কাৰ ৰাৱণ
পালে স্বৰ্ণময়ী লঙ্কা; চলতে তােমাৰ
হৰিলে ৰামৰ সীতা, মৰিলে সবংশে
ৰাম লক্ষণৰ বাণে —শাপত সীতাৰ॥
তােমাৰে নিৰ্দ্দয় ছলে সীতা গ’ল বন,
তপােবনে লৱ কুশ —লভিলে জনম॥
তােমাৰ কৃপাতে দেবী! বীৰ ৰাম চন্দ্ৰে
মায়া দেবী সতে গল যমৰ নগৰ
সম্ভাষা কৰিলে নিজ পিতৃ-আত্মা স’তে
জীয়ালে সুমিত্ৰা-পুত্ৰ লক্ষণ প্ৰাণৰ॥
তুমিয়ে দেখালা, দেবি! সীতাক পাতাল
তোমাৰ মায়াতে জন্ম পালে মহাকাল॥

(৬)

ই ঘােৰ নিশাত, দেবি! মায়াত তােমাৰ হায়!
পিতাকৰ প্ৰেতাত্মাৰ সতে সম্ভাষণ
কৰিছিৰে হেমলেট্‌ (ওফিলীৰ (১) প্ৰাণধন,
প্ৰাণৰ উপাস্য দেৱ) শেষে কৰি ৰণ

[  ]

লিয়েৰটিচৰে সতে, হায়! দেবি! অকালত
কৰিলে পৰাণ ত্যাগ মাথোঁ তােমাৰ দোষত॥
তুমিয়ে বধিলা, দেবি! পাতি মহা কূট-জাল
ডন্‌কেনৰ প্ৰাণ মেক্‌বেথৰ হাতত
শুনাই ভবিষ্য-বাণী দুটি-দুটি-অৰ্থ-থকা
পিশাচীৰ মুখে, হায়! ঘটালা বিপদ॥
তােমাৰ ছলতে এৰে মুৰ (২) ওথেলােৱে প্ৰাণ
সংহৰি প্ৰাণৰ প্ৰিয়া ডেচ্‌দিমোনাৰ পৰাণ॥
দেখিলে ৰােমিও, দেবি! তােমাৰ মায়াতে মাথোঁ
চিৰ শত্ৰু কেপুলেট-উৎসৱৰ ঘৰ,
তোমাৰ ছলতে লভি ভালপোৱা জুলিয়াৰ (৩)
উভয়ে লভিলে শেষে শান্তি স্বৰগৰ॥
প্ৰেমিক প্ৰেমিকা দুয়াে মিল হ’ল অন্তিমত
প্ৰেমৰ অপূৰ্ব্ব চিত্ৰ দেখুৱাই জগতত॥


চাবাছ! কল্পনা! তুমি, তুমি কিন্তু বহুৰূপা,

(১) Opheliaৰ (২) Moor জাতীয়। (৩) Julietৰ।

[ ১০ ]

অস্থিৰা চঞ্চলা তুমি, একো থিৰ নাই
তোমাৰ ভাবৰ, তুমি কাকোৰা সজোৱা, দেবি!
সুখী কৰি, কাকো তুমি থোৱা কন্দুৱাই॥
তোমাৰ মাথোন, দেবি! নিৰ্ম্মম ছলত পৰি
কান্দিছিলে শত পুত্ৰ শোকে গান্ধাৰী কুঁৱৰী॥
মায়াবিনী তুমি অতি-তোমাৰ মায়াতে পুনু
ভাৰত ৰমনী ৰত্ন সাবিত্ৰী সুন্দৰী
সতীত্ব মহিমা ভৰা কৰি এই ভাৰতক
জীয়ালে আপোন স্বামী নানা ছল কৰি॥
তোমাৰ মাথোন মায়া কৃষ্ণে কৰি কংসভয়
আছিলে তাহানি সেই নন্দৰ ঘৰত গই॥
মায়াবিনী তুমি যদি নহ’লাহেঁতেন, দেবি!
কিৰূপে কৰিলে, হয় পাৰিচে ট্ৰয়ৰ (৪)
মেলিনচৰ প্ৰিয়সী হেলেনা দেবীক চুৰি?
কি সাধ্য তেনে, হে দেবি! আছে পাৰিচৰ?


(৪) Troy দেশৰ।

[ ১১ ]

মহাযুদ্ধ “ট্ৰয়যুদ্ধ” (৫) মহাকাব্য “ইলিয়াড” (৬)
পালে কি হেঁতেন, দেবি! জগতৰ নৰে স্বাদ?


যাহােক, কল্পনা! তুমি ইঘোৰ ৰাতিত মােক
চেনেহি! চেনেহ কৰি কোৱাঁছোঁ এবাৰ,
সৌৱা যে দূৰত কিবা জ্বলিছে পােহৰ এটি,
কিহৰ পােহৰ সিটো? সেই ঘৰ কাৰ?
নােহোঁ কালিদাস মই, নহও ভাৰবী, দেবি!
নােহোঁ ভৱভূতি, ভৰ্ত্তৃ, নােহোঁ মই কোনাে কবি॥
নােহোঁ চেক্ষপীৰ কিম্বা ভাৰ্জ্জিল হােমাৰ মই,
নােহোঁ ছদি, নােহোঁ স্কট্‌, নহওঁ মিল্টন,
নােহোঁ ব্যাস বাল্‌মীকি, দান্তে, দ্ৰাইদেন, মুৰ,
নােহোঁ কবি বাইৰণ, ছেলী, টেনিছন॥
নাই তেনে ভাগ্য মােৰ, মই সি সবৰ দৰে
ভুলাম জগত-জন তেনে সুললিত সুৰে॥


(৫) Trojan war.
(৬) গ্ৰিক মহাকবি হােমাৰে (Homer) লিখা ‘ইলিয়াড্’ (Illiad.) মহাকাব্য।

[ ১২ ]

মােৰ বলবীৰ্য, দেবি! আকাশ কুসুম মাথোঁ
দুৰাশা সঙ্গিনী মােৰ সদা সৰ্ব্বকাল
চকু নাই, খােজোঁ চাব পূৰ্ণীমা নিশাৰ জোন
কোন মুৰ্খ মােৰ দৰে? কিনাে ই কপাল!!
তুমি, হে কল্পনা দেবি! কবিৰ আৰাধ্য ধন,
কিবা পুণ্য আছে মােৰ পাম মই সিৰতন?


কিন্তু, হে কল্পনা দেবি! তুমি অতি দয়াময়ী
কৃপা কৰি কোৱাঁ, সেয়া কিহৰ পােহৰ?
কোনেনো জ্বলায় চাকি এই ঘােৰ অৰণ্যত?
কিহৰ পােহৰ, দেবি। ই নিশা দুপৰ?
এই মহা নিশা সৱে আছে ঘােৰ টোপনিত,
কোন তেওঁ সাৰে আছে, দেৱি! কিনাে গুণণীত॥
কোৱাঁ, দেবি! কোন তেওঁ? সেই চাকি পােহৰত
কি লিখিছে? কি চিন্তিছে? কাৰ আৰাধনা—
কৰিছে নিৰৱে আজি? লিখিছে কাব্য, কবিতা—
মনপ্ৰাণ মুগ্ধকৰ তেওঁ কি, কল্পনা?

[ ১৩ ]

যদি নাই লিখা, দেবি! কোনে আজি কি কৰিছে?
কোনেনো জ্বলাই চাকি তাত টোপনি গইছে?
কোঁৱা, দেবি! দেখোঁ তাত কিহৰ পােহৰ সিটো?
এয়েনে “কালিকাজুই”? ঘােৰ এন্ধাৰত
শনি মঙ্গলৰ নিশা (শুনিছোঁ কানেৰে মাথোঁ)
এয়েনে ওলায়, দেবি! গছৰ তলত?
নােহে যদি, বলা, দেবি! যাওঁ তেনে দুয়ােজন,
বলা, কিনো আছে তাত কৰ গই দৰশণ॥


তিৰুতাৰ আত্মদান কাব্য (page 47 crop)