টেটোন তামুলি/তৃতীয় অঙ্ক

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
টেটোন তামুলি
লেখক পদ্মনাথ গোহাঞিবৰুৱা
[ ৩০ ]
তৃতীয় অঙ্ক।

—○○○—

প্ৰথম পট,—ৰজাৰ বিচাৰ-চৰা।

(ৰজা, ন্যায়সোধা ফুকন, গৃহস্থ, হালোৱা, পোহাৰী,
টেটোন আৰু কটোৱাল)

ৰজা।—কিহৰ গোচৰ আজি এইখন ডাঙৰীয়া?

ফুকন।—গোচৰ তিনিখন স্বৰ্গদেৱ চুৰি, ডকাইতি আৰু গো-বধৰ গোচৰ।

ৰজা।—কিন্তু, অপৰাধী দেখোন এটা হে?

ফুকন।—হৈছে, স্বৰ্গদেৱ! সেই এটাৰ কঁকালতে তিনটাৰ তিনিগছ জগৰৰ ডোল!

ৰজা।—ইনো কেনে কথা! একেটা মানুহেই একেবাৰতে তিনিখন গোচৰত কেনেকৈ পৰিল?

ফুকন।—সঁচা, স্বৰ্গদেৱ! এখন গোচৰত এটাৰ হাতত বন্দী হৈ, আকৌ ই দুখনত সি কেনেকৈ পৰিবলৈ পালে সেইটো অলপ আচৰিত মানিব লগীয়া কথা। এতিয়া বিচাৰত হে ইয়াৰ তত্ত্ব পোৱা যাব।

ৰজা।—বাৰু, সোনকালে বিচাৰ আৰম্ভ কৰাচোন।

ফুকন।—ভাল, স্বৰ্গদেৱ। হেৰ, চৰীয়াহঁত এফলীয়া হৈ থিয় দে।

(গৃহস্থ, হালোৱা আৰু পোহাৰীয়ে টেটোনৰ কঁকালৰ ৰচা এৰি দি এফলীয়া হয়)। বাৰু, এতিয়া প্ৰথম গুচৰীয়া কোন্?

গৃহস্থ।—(আঁঠু লৈ) দেউতা-ঈশ্বৰ, মই।

ফুকন।—আৰু তোৰ গোচৰ কি? [ ৩১ ] গৃহস্থ।— দেউতা-ঈশ্বৰ! ই মোৰ ঘৰত ৰাতি চোৰ সোমাইছিল। পিচে, মাল-বস্তু লৈ ওলাবলৈ নৌ পাওঁতেই মই সাৰ পালোঁ। আৰু, ৰাতিটো তাক বান্ধি থৈ, পুৱাতে স্বৰ্গদেৱৰ আগলৈ লৈ আহিছোঁ। ই অতি গভাইত্‌ চোৰ দেউতা-ঈশ্বৰ!

ফুকন।— টেটোনৰ প্ৰতি) হয় নে কটা, তই এই গৃহস্থৰ ঘৰত চোৰ সোমাইছিলি?

টেটোন।— হৈছে, দেউতা-ঈশ্বৰ, চোৰ বুলিয়েইতো আনিছে ধৰি।

ফুকন।— পিচে?

টেটোন।— পিচে, প্ৰমাণ লওক, দেউতা-ঈশ্বৰ!

গৃহস্থ।— সি আৰু কি প্ৰমাণ দিব, দেউতা-ঈশ্বৰ! হাতে-হাতে ধৰি, বান্ধি লৈ আহিছোঁ, ইয়াৰ উপৰি আৰু তাৰ কি কবলৈ আছে?

ফুকন।— সঁচা নে? অপৰাধীৰ আৰু কিবা কবলৈ আছে নে?

টেটোন — দেউতা-ঈশ্বৰ, মোৰ বেচি কবলৈ নাই সঁচা। কিন্তু, ৰাতিৰ কাল বুলি তেৱেঁই কৈছে; বাহিৰত মানুহ-দুনুহ নাই; তেওঁ যে মোক বাটৰপৰা ধৰি নি বান্ধি থোৱাগৈ নাই, তেৱেঁইচোন তাৰ প্ৰমাণ দিয়ক আগেয়ে।

ৰজা।— সঁচা, ইওটো সম্ভৱপৰ কথা। অৱশ্যে, দুয়োটাতে প্ৰমাণৰ প্ৰয়োজন।

ফুকন।— বাৰু, (গুচৰীয়াৰ প্ৰতি) তই যে তাক বাটৰপৰ ধৰি অনা নাই, ভিতৰতহে পাইছিলি, সেইটো কোনে কোনে দেখিছিল? সাক্ষী দিব পাৰিবি নে?

গৃহস্থ।— তেতিয়া আন কোনো নাছিল, দেউতা-ঈশ্বৰ! আমাৰ সিজনীয়ে হে মাথোন দেখিছিল।

ফুকন।— (হাঁহি ২) কটা, ভাল সাক্ষী বিচাৰি পালিগৈ! ঘৈণীয়েৰে তো নহয় নোবোলে। [ ৩২ ] গৃহস্থ।— তেন্তে, শপতলৈকে দিয়ক, দেউতা ঈশ্বৰ! য’তে ধৰিবলৈ কয়, মই ত’তে ধৰিব পাৰোঁ।

টেটোন।— বাৰু, সেইটো এৰিছোঁ। দেউতা-ঈশ্বৰে সোধকচোন তেওঁ নো সাৰ পালে কেনেকৈ?

ফুকন।— বাৰু, গুচৰীয়াই কচোন কেনেকৈ সাৰ পালি?

গৃহস্থ।— দেউতা-ঈশ্বৰ, সি মোৰ ভিতৰত সোমাই, বেৰত আৰি থোৱা ভগা ঢোলটো বজাই দিয়াত, মই সাৰ পাই উঠি চাওঁ দেখোন, এইটো চোৰ সোমাইছে।

ৰজা।— কি আচৰিত। কাণত নোসোমোৱা কথা!

টেটোন।— (মুখত কাপোৰৰ সোপা দি হাঁহি) শুনক, দেউতা-ঈশ্বৰ! স্বৰ্গদেৱ-ঈশ্বৰেও শুনিছে। চোৰে হেনো ঢোল বজাই গৃহস্থক সাৰ পোৱাই লয়!! ইয়াৰ উপৰি আৰু কিবা প্ৰমাণ লাগিব নে, দেউতা-ঈশ্বৰ?

ফুকন।— নালাগে আৰু প্ৰমাণ। গোচৰৰ কথা মোৰ মনত প্ৰলাপ যেন হে লাগিছে।

টেটোন।— স্বৰূপ কৈছে দেউতা-ঈশ্বৰে! মোৰ মনেৰে এই কিৰ্পিণ গৃহস্থই দিঠকতে সপোন দেখিছিল। বাজ নে ভিতৰ সেই ফেৰি জ্ঞান বপুৰিৰ গাত নাছিল যেন পাওঁ। নহলে নো বাটৰ বাটৰুৱাক ধৰি- বান্ধি ৰজাৰ আগত দিয়েহি নে? ময়ো পিচে একো নকলোঁ; মনে-মনেহে, বোলোঁ, এই চলতে ৰাজদৰ্শন লাভ কৰি আহোঁগৈ।

ফুকন।— উঃ, হয় দেও, এইটো শ-টকীয়া কথা!

টেটোন।— ভাল, সেই ফেৰা দেউতা-ঈশ্বৰৰ অনুগ্ৰহ। নেপাহৰে যেন।

ফুকন।— গুচৰীয়া যে ভ্ৰমত পৰিছে, তাৰ বিশিষ্ট প্ৰমাণ পোৱা গ’ল। মোৰ মনেৰে গোচৰ সম্পূৰ্ণে মিছা। স্বৰ্গদেৱৰ যি আজ্ঞা হয়।

ৰজা।— অপৰাধীক এই গোচৰৰপৰা মুক্তি দিয়া গ’ল। [ ৩৩ ] টেটোন।—(গৃহস্থৰ কাষ চাপি কাণে-কাণে) এতিয়া কেনে! ভেচ্‌ভেচীয়া নহলাঁ। মই নকৈছিলোঁ, বোলোঁ, মোৰ পেটজনাক পূজা এভাগি নিদিয়াৰ বাবে তোমাক পাপে চুইছে। তেতিয়া মোক বলিয়া বুলিছিলাঁ? এতিয়া বলিয়া কোন্ হে?

গৃহস্থ।— সঁচা, বোপাই, মোৰ ধন-বস্তুৱেই মোক বলিয়া কৰিবগৈ যেন পাইছোঁ।

ফুকন।— (হালোৱালৈ চাই) বাৰু, কটা, এতিয়া তোৰ গোচৰৰ কথা ক।

হালোৱা।— (আঁঠু লৈ) দেউতা-ঈশ্বৰ! ই মোৰ হালৰ বলধী গৰু এটা মৰিয়াই মাৰি থৈ আহিছে। মই বন্দী নিৰুপায়, দেউতা-ঈশ্বৰ!

ফুকন।— (টেটোনৰ প্ৰতি) হেৰ কটা, সঁচা নে?

টেটোন।— সঁচা, দেউতা-ঈশ্বৰ। সঁচা কথা কৈ কটা যাওঁ, সিও ভাল! মই কেতিয়াও মিছা নেমাতোঁ।

ফুকন।— তেনেহলে তই নিজমুখেই ঘাটি। এতিয়া তই তাৰ ক্ষতিপূৰণ দিলে হে হ’ব?

হালোৱা।— হৈছে, দেউতা-ঈশ্বৰ। মই সেইটো গৰু অকুৰি-অটকা দি কিনিছিলোঁ।

ফুকন।— (টেটোনক) তই তেন্তে সেইখিনিধন তাক দিব লাগিব।

টেটোন।— ভাল, দেউতা-ঈশ্বৰ, দিব লগা হয়গৈ যদি দিয়া যাব। কিন্তু, মই সঁচা কথা হে স্বীকাৰ কৰিছোঁ, দোষী বুলি সৈ লোৱা নাই নহয়, দেউতা-ঈশ্বৰ।

ফুকন।— কিয় নো নহবি দোষী? তোৰ নিজৰ কথাই তোক দোষী কৰিছে দেখোন।

টেটোন।— দেউতা-ঈশ্বৰ! তেওঁ কোৱা কথা মতে কাম কৰাৰ বাবেও মই দোষী হব লাগে নে?

ফুকন।— তাৰ কথা মতে চলিছিলি যদি, তই শলাগ হে পাব লাগিছিল। পিচে, কিয়নো অপৰাধী বুলি সি ধৰি আনিছে? বাৰু, কিনো কখা ভাঙ্গি কচোন। [ ৩৪ ] টেটোন।— ভাল, দেউতা-ঈশ্বৰ, শুনক তেন্তে। এই গৃহস্থই মোক চোৰ বুলি ধৰি আনি আছে, এনেতে বাটত এই হালোৱাক আমি লগ পাওঁ। সি হাল বাবলৈ নিয়া গৰু দুটাই সাঙোৰ ছিঙ্গি দুটা দুফলে লৰ মাৰে। পিচে, সি মোক আথেবেথে কলে, বোলে, “যোৱা দেউতাহে সৌ বাঘৰ বুকলৈ যোৱা গৰুটো মাৰ এটা মাৰি ৰাখি দিয়াঁগৈ”। মই চালোঁ, বাঘৰ বুকলৈ বোৱাতকৈ মাৰ এটা মাৰি ৰাখি দিয়াই ভাল। এই ভাবি, দেউতা ঈশ্বৰ, লৰি গৈ মাৰ এটা মাথোন মাৰি গৰুটো বাঘৰ বুকৰপৰা ৰাখি দিলোঁ। এটাতকৈ সৰহ মাৰ মাৰিছোঁ যদি, শোধক তাকে দেউতা-ঈশ্বৰ! এই গৃহস্থও সাক্ষী।

ফুকন।— হালোৱাৰ প্ৰতি) হেৰ কটা, সঁচা নে? মাৰ এটা মাৰি ৰাখিবলৈ তুই কোৱা হয় নে?

হালোৱা।— হয়, দেউতা-ঈশ্বৰ, সেই বুলি কোৱা হয়।

ফুকন।— পিচে, সি কেইটা মাৰ মাৰিলে?

হালোৱা।— একেটা মাৰতে মাৰি থলে, দেউতা-ঈশ্বৰ!

টেটোন।— এতিয়া মোৰ গাত কিবা দায় আছে নে, দেউতা-ঈশ্বৰ?

ফুকন।— নাই, নাই, তোৰ দোষ নাই! উঃ, এইটো আকৌ হেজাৰটকীয়া কথা দেও!

টেটোন।— ভাল, সেই ফেৰাও দেউতা-ঈশ্বৰৰ কৃপাহে। মনত থাকে যেন। কিন্তু, ক্ষতিপূৰণ এতিয়া পায় কোনে? উচটাই গো-বধ কৰোৱা পৰাচিতৰ বাবে মই ক্ষতিপূৰণ নেপাওঁ নে, দেউতা-ঈশ্বৰ?

ৰজা।— ঠিক কথা। ক্ষতিপূৰণ ই হে পাব লাগে। গুচৰীয়াই তাক পৰাচিত ধন দিব লাগিব।

টেটোন।— ধইন্‌ ধইন্‌! ভালে হে স্বৰ্গদেৱ-ঈশ্বৰক ধৰ্ম্মাৱতাৰ বোলে। (হালোৱাৰ কাষ চাপি কাণে-কাণে ব’ল আজি ঘৰলৈ, তোৰ ইওটো গৰু বেছিমগৈ, বাপেৰে। [ ৩৫ ] হালোৱা।— অ, শুনিছে, দেউতা-ঈশ্বৰ, ই এতিয়া কি কয়!

ফুকন।— (পোহাৰীৰ প্ৰতি) বাৰু, এতিয়া তোৰ গোচৰ কি? কৈ যা।

পোহাৰী।— দেউতা ঈশ্বৰ! ই কটাযোৱাই মোৰ পাচিৰে কল খায়, আকৌ মোকে বুকুত গুৰিয়াই পেলায়। এনে দিন-ডকাইত হ’লে বাঁৰী-দুখুনী মানুহ আমি কেনেকৈ তৰিম, দেউতা।

টেটোন।— (কথাৰ লাচতে) তৰিব নোৱাৰ যদি মৰিব তো পাৰিবি?

ফুকন।— (টেটোনৰ প্ৰতি) তইনো তাইৰ পাচিৰে কল খাই তাইকে বুকুত গুৰিয়ালি কিয়? কথা সঁচা নে মিছা?

টেটোন।— মিছা নকওঁ বুলিছোঁ নহয়, দেউতা। বুকুত গোৰ মৰাটো সঁচা। কিন্তু কথামতে চলিলেও জগৰ ধৰিব পায়নে? আৰু, পইচা দি বস্তু ল’লেও ডকা দিয়া হয় নে, দেউতা-ঈশ্বৰ?

ফুকন।— কথামতে চলিলে জগৰ ধৰিব কিয়? আৰু পইছা দি বস্তু ল’লে ডকা দিয়া নহয়। হেৰ বেটী, তোক সি কলৰ পইচা দিছিলেনে?

পোহাৰী।— দিছিল, দেউতা-ঈশ্বৰ!

ফুকন।— পিচে, তেন্তে?

টেটোন।— তাৰ পিছে, দেউতা, ময়ে কওঁ। মই কল কিনিবলৈ দৰ-ভাও কৰাত, তাই ক’লে, ‘‘বোলে, পইছাটো পেলাবি, কল আষি লবি, বুকুত গোৰ মাৰি গুচি যাবি।’’ তাতকৈ একৰতিও বেছি কৰিছোঁ যদি, মই সমূলঞ্চে ঘাটি, দেউতা-ঈশ্বৰ!

পোহাৰী।— ইঃ সি নো বাৰু কথাটোতে লাগি বুকুত গুৰিয়াব পায়নে? ক’ত দেখিছা, এনে কথা!

টেটোন।— হেৰ কথাত নেলাগি নো লাগে কিহত? বাৰু তয়ে কচোন, তোৰ কথামতেই মই চলা নাই নে? তোৰ পাক লগা কথাৰ ধাৰ আকৌ নুবুজোঁ নহয়; আমি পোন্‌পটীয়া মানুহ। [ ৩৬ ] ফুকন।— উঃ ইটো আকৌ লাখটকীয়া কথা দেও! বাৰু সোণামুৱা ডেকাটো হয়!

টেটোন।— এই ফেৰা দেউতা-ঈশ্বৰৰ অনুগ্ৰহৰ উপৰি অনুগ্ৰহ। দেউতাৰ অনুগ্ৰহলৈ যথাসময়ত অৱশ্যে মনত পেলোৱা যাব, এতিয়া গোচৰৰ ৰায় শুনিবলৈ প্ৰাৰ্থনা কৰোঁ।

ৰজা।— অপৰাধী এটা দোষৰো দোষী নহয়। এতেকে, তাক কেইওখন গোচৰৰপৰা মুক্তি দিয়া গ’ল। এতিয়া গোচৰৰ ডোল নিজ নিজ হাতে মোকলাই লৈ, গুচৰীয়াবিলাক ঘৰাঘৰি যাব লাগে। তাৰ পাচত, পদকীয়াও যাব পাৰে।

গুচৰীয়াবিলাক।— যি আজ্ঞা, স্বৰ্গদেউ-ঈশ্বৰ!

 (টেটোনৰ বান্ধ সোলকাই লৈ, তিনিওৰে প্ৰস্থান)

টেটোন।— যি হুকুম, স্বৰ্গদেউ-ঈশ্বৰ! ময়ো তেন্তে পিচ লাগোঁ। (পিছে পিছে ভেঙ্গুচালি কৰি) ব’ল আজি বাপেৰে! বাটত আকৌ এসেকা নিদিম বুলি জানিছ নে?

     (প্ৰস্থান)

ৰজা।— উঃ আজিৰখন গোচৰ শুনিবলগীয়া দেও!

ফুকন।— হৈছে, স্বৰ্গদেউ! অপৰাধীৰ যুক্তিবোৰ মই অকাট্য পালোঁ।

ৰজা।— সচাঁ, সি বৰ বিচক্ষণ বুদ্ধিৰ ডেকা। তাৰ যুক্তি ময়ো শলাগিছোঁ। বাৰু, ডাঙৰীয়া, আজিলৈ আৰু ইমানতে উঠা যাওক, কি বোলাঁ?

ফুকন।— ভাল, স্বৰ্গদেৱ! বিদায় হে এতিয়া।

     (দুইৰো দুইফালে প্ৰস্থান)

[ ৩৭ ]
দ্বিতীয় পট,—গাওঁবাট
(দুটা হাটৰুৱা)

১ম।— উঃ! অতি টান পালোঁ হয় দেও! মোৰপৰাই কিনি আকৌ মোকে বেচিবলৈ বিচাৰে! বুপাইঔ! কিনো টেটোন ওলালেহিঔ!

২য়।— হেৰ, কিন্তু অজলা ককাই! তই কিন্তু কথাত হে টেটোন বুলিছ, সচাঁকৈয়ে হেনো টেটোন এটা কিন্তু ওলাইছেহি। তই কিন্তু শুনা নাইনে?

১ম।— ওঁ-হুঁ, মই একো শুনা নাই বোপাই! অ, আজি মোক পোৱাটোৱেই নে কি? আও! সেইটোৱে পালে হ’লে জীয়াই জীয়াই বেচি খাব বোপাইঔ!

২য়।— সেইটোৱেই কিন্তু হব পায়। মই কিন্তু চিনি নেপাও, শুনিছোঁহে। আও, নামে-গাঁৱে কিন্তু টেটোন হেনো ককাই! কথাৰে কেৱে কিন্তু বলে নোৱাৰে, মন্ত্ৰীও কিন্তু বিগৰে। সিদিনা কিন্তু তিনিটা কথাৰেই তিনিখন গোচৰ কিন্তু টিলিকিতে উৰাই দিলে।

১ম।— বাৰু, কোনে নো নামে-গাঁৱে টেটোন? কচোন ক, বাৰু শুনিয়েই থওঁ।

২য়।— এৰা, কিন্তু কথাতহে যোজোনা দিয়া কিন্তু শুনিছিলোঁ টেটোন বুলি, এতিয়া কিন্তু সঁচাকৈয়ে টেটোন নামেৰে কিন্তু চেঙ্গেৰা ডেকা এটা কিন্তু ফুৰিছেহি। ককাইটিঐ! তাৰ কিন্তু কথা কিন্তু শুনিয়েই কিন্তু তল যাওঁ!

১ম।— কেনে নো, হেৰ, কচোন। ভাঙ্গি ক’লে কিবা দায় লাগে নেকি? থোৰতে নো থৱ কিয়? [ ৩৮ ] ২য়।— ক’লে কিন্তু দায় নাই। কিন্তু নাম লওঁতেই, ভূতে পোৱাদি কিন্তু পায়হি যেন লাগে কিন্তু।

১ম।— বাৰু, কচোন। আমি এতিয়া দুটা আছোঁ। ভয় নাই; নাইবা মেনে মেনে কৈ যা শুনি থাকোঁ।

২য়।— এঃ কিন্তু তই আকৌ দুটাকৈ কিন্তু গপাইছ। এশটায়ো কিন্তু বলে পৰা নাই! সিদিনা কিন্তু মন্ত্ৰী ডাঙৰীয়াৰ চকুতে কিন্তু ধূলি দি কিন্তু কাম সাধিলে।

১ম।— ঔ আই! হেৰ, কেনেকৈ পালে মন্ত্ৰী ডাঙৰীয়াৰ চকুত ধুলিছাতি মাৰিবলৈ?

২য়।— এঃ, তই কিন্তু নিচেই ভোদা মানুহ কিন্তু অ! হেৰ, কিন্তু চকুত ধূলি দিয়া অৰ্থত কিন্তু ভুৱা দিয়া বুজায়।

১ম।— কেনেকৈ, কেনেকৈ? কচোন, কেনেকৈ?

২য়।— কেনেকৈ কিন্তু কওঁ শুন। সেই টেটোনটো কিন্তু ডাঙৰীয়াৰ পদূলিৰ আগেদি কিন্তু গৈছিল।

১ম।— পিচে পিচে?

২য়।— পিচে, সি কিন্তু গাভৰু-টোলৰ ফালে চাই কিন্তু চকু টিপিয়াইছিল।

১ম।— পিচে, উঃ ইমানটো সাহ! পিচে, পিচে?

২য়।— পিচে; কিন্তু ডাঙৰীয়াই শুনি তাক কিন্তু তেতিয়াই ধৰাই নিয়ালে।

১ম।— তাৰ পিচে? তেতিয়াই তাক চাগৈ শালত দিবলৈ হুকুম দিলে। উঃ ইমানটো পিত! হ’ব তো তাৰ তেনে দশা!

২য়।— ইঃ ক’ত কিন্তু শালত দিয়ে! শুনচোন কিন্তু শুনি ল কিন্তু আগেয়ে। ডাঙৰীয়াৰ চ’ৰালৈ ধৰি নিওঁতেও কিন্তু বাটতে কিন্তু সি ঘনাই চকু পিৰিকিৱা কিন্তু স্বভাৱৰ মানুহটো কিন্তু হৈ পৰিল। তাৰ পাছত, কিন্তু ডাঙৰীয়াৰ আগত কিন্তু থিয় কৰালত সি কিন্তু কথাইপতি চকু-টিপিয়াবলৈ কিন্তু ধৰিলে। [ ৩৯ ] ১ম।— আও, বুপাঔ। কিনো বুধিঔ। হেৰ, সঁচাকৈয়ে কৈছ’ নে? উঃ থিতাতে ভাল ফাকটিখন তৰিলে।

২য়।— সঁচা কিন্তু আকৌ। তোৰ কিন্তু ল’ৰাটিৰ মূৰ খাবলৈকে কিন্তু সঁচা।

১ম।— ঔ, বুপাঔ। মন্ত্ৰী ডাঙৰীয়াকে ভুৱা দিলে? আমি তেন্তে কোন কুটা তাৰ মানত।

২য়।— তাকে তো কিন্তু কৈছোঁ। বোলোঁ, ভাল সাৰিলোহঁক কিন্তু আজি! এতিয়াও কিন্তু ভালে তালে কিন্তু ঘৰ সোমাওঁগৈ বল কিন্তু ককাই! কেনেবাকৈ ইয়াতে কিন্তু পৰুৱাই পোৱাদি পাই কিন্তু কৰবালৈ উৰুৱাই কিন্তু নিবহি পিছে।

১ম।— হয়, বোপাই, বল বল, দিনে–পোহৰে ঘৰ সোমাওঁগৈ। ইস! ইস্!! ইস্‌!!!

        (প্ৰস্থান।)


তৃতীয় পট,ৰজাৰ ভিতৰচৰা।
(ৰজা আৰু ন্যায়শোধা ফুকন)

ৰজা।— ৰাজ্যৰ কুশল নে ডাঙৰীয়া? সকলো পিনে কি শান্তি ৰক্ষা পৰিছে নে?

ফুকন।— হৈছে স্বৰ্গদেৱ। মই জনাত, কতো কোনো অশান্তিৰ চিন্‌ নাই। স্বৰ্গদেৱৰ নো অবিদিত কি আছে?

ৰজা।— নহয়, ডাঙৰীয়া, তোমালোকৰ মুখে ৰাজ্যত শান্তি ৰক্ষা পৰিছে বুলি শুনিলে, মই বিশেষ শান্তি উপভোগ কৰোঁ। মোৰ তিনি জনা ডাঙৰীয়া আৰু তোমালোক ডাঙৰ বিষয়া কেজনেই ৰাজ্যৰ ঘাই ধৰণী। [ ৪০ ] ফুকন।— সেইটো স্বৰ্গদেৱৰ অনুগ্ৰহ। কিন্তু আমি বিষয়াবিলাক স্বৰ্গদেৱৰ হাতৰ অস্ত্ৰ মাখোন। স্বৰ্গদেৱৰ নিজ গুণেই সেই চাৰিওফালে যশস্যা ৰৈ-বৈ গৈছে। চৌদিশে স্বৰ্গদেৱৰ সাধুবাদ শুনা যায়।

ৰজা।— কাৰ মুখে শুনা যায় সাধুবাদ, ডাঙৰীয়া?

ফুকন।— সকলোৱে স্বৰ্গদেৱৰ গুণ গায়। তথাপি, বিশেষকৈ নিজৰ প্ৰজা- বৰ্গৰ মুখত সেই গুণ-গান সততে শুনা যায়।

ৰজা।— ময়ো তাকে হে বাঞ্ছা কৰোঁ ভাঙৰীয়া! প্ৰজাৰ প্ৰশংসাত মোৰ হিয়া আনন্দেৰে উপচি পৰে। কিন্তু, কি বিষয় লৈ নো প্ৰজাই আমাৰ গুণ গায়?

ফুকন।— স্বৰ্গদেৱৰ অশেষ গুণ! গতিকে, গুণ-গানৰ বিষয়ো অলেখ। তথাপি, স্বৰ্গদেৱৰ ন্যায় বিচাৰ সম্বন্ধে বিশেষকৈ প্ৰশংসা কৰা শুনা যায়, সৱাৰে মুখে-মুখে।

ৰজা।— হ’ব পাৰে। কিন্তু, ময়ে তাৰ অকল গৰাকী নহয়। তাত তোমাৰো ভাগ আছে।

ফুকন।— সেইটো স্বৰ্গদেৱৰ অনুগ্ৰহ।

ৰজা।— অনুগ্ৰহ নহয়। ভাবি চাবাঁ, ন্যায় সোধাৰ বাব তোমাৰ গাত হে; মই সোধৰ শেহত আজ্ঞা দিওঁতা মাখোন।

ফুকন।— স্বৰ্গদেৱৰ আগত আৰু বঢ়াই কি ক’ম, মই হ’লে নিজলৈ টান পৰিলেও ন্যায়ৰপৰা পিছলি নাযাওঁ।

ৰজা।— সঁচা, ময়ো মন কৰিছোঁ।     (দুটা উদং টোমৰ ভাৰ লৈ টেটোনৰ প্ৰৱেশ)

টেটোন।— (আঁঠু লৈ) স্বৰ্গদেৱ-ঈশ্বৰ। আৰু ডাঙৰীয়া দেউতা।

ফুকন।— হেৰ, তই কোন্? তোক কোনে ভেঁটালে?

টেটোন।— মই, সেই মই, দেউতা-ঈশ্বৰ! আৰু, মোক কে নেভেটিলে। ভেটা হলে নো অ এই খিনি পাবহি পাৰোঁ নে। [ ৪১ ] ফুকন।— হেৰ, কোন্ ‘মই’? কটা, তইনো ইমান বৰ মানুহ নে ‘মই’ বুলি চিনাকী দিয়!

টেটোন।— এ, দেউতা, কিনো কব লাগে পিচে? মই জানো মই নহয়, দেউতা?

ৰজা।— অ’, তাক মই চিনিছোঁ। এইটো সিদিনা তিনিখন গোচৰত পৰি মুক্তি পোৱা ডেকাটো।

টেটোন।— হৈছে স্বৰ্গদেৱ-ঈশ্বৰ। হেজাৰো হওক, এখাপ ওখ যি ওখ! স্বৰ্গদেৱে টপকৰে ধৰিলে। —সেই মই!

ফুকন।— হেৰ কটা, তই ইয়ালৈ কেনেকৈ আহিলি?

টেটোন।— দেউতা-ঈশ্বৰ মই খোজ কাঢ়ি আহিলোঁ।

ফুকন।— কটা, কি গজমুৰ্খ এইটো! হেৰ, তই নো খোজ কাঢ়ি নাহি, দোলা-ঘোঁৰাত উঠি ইয়ালৈ আহিবৰ সাধ্য আছে নে? বোলোঁ, কাকো নোসোধা নেমেলাকৈ তই অকলে এইখনি কেনেকৈ পালিহি?

টেটোন।— (ভোৰভোৰাই) সঁচা, গজমুৰ্খ নহলে নো ৰজা-মন্ত্ৰীক চলিম কেনেকৈ! (ফুটাই) কিয়্‌, দেউতা, সিদিনা গোচৰত আহোঁতে মই বাট চিনি থৈ গৈছোঁ নহয়?

ৰজা।— (হাঁহি মাৰি) ৰাৰু, কেনেকৈ আহিল সেইটো এৰি দিয়াঁ; কিয় আহিছে তাকে সোধাঁছোন।

ফুকন।— হেৰ কটা, কিয় আহিছ তই, কচোন, কি লাগে?

টেটোন।— ডাঙৰীয়া-দেউতাকে বিচাৰি বিচাৰি এইখিনি পাইছোঁহি। মোৰ কপাল ভাল, স্বৰ্গদেৱে সৈতে একেলগতে পালোঁহি।

ৰজা।— হেৰ কটা, তই নো বাৰু ডাঙৰীয়াক ইমানকৈ কিয় বিচাৰিছ? আৰু, মোৰ ওচৰত পোৱাত নো তোৰ কপাল কেনেকৈ ভাল হল? ভাঙ্গি কচোন!

টেটোন।— স্বৰ্গদেৱ-ঈশ্বৰ! ডাঙৰীয়া দেউতাই যে সেইদিনা এশ-এহেজাৰ [ ৪২ ] একলাখ টকা দিম বুলিছিল, তাকে নিবলৈ বুলি এই টোম দুটা সাজি লৈ তেখেতক বিচাৰি ফুৰিছোঁ। ঘৰত নাপাই ইয়ালৈকে আহিছোঁ।

ফুকন।— কি! মই? মই তোক দিম বুলিছিলোঁ অতবোৰ টকা?

টেটোন।—হৈছে, দেউতা-ঈশ্বৰ! পিছে, অতবোৰ টকা এই দুটা টোমত নধৰিব হ’বলা? আৰু, ধৰিলেও মই বলে পৰাটো টান দেখিছোঁ। সেই দেখি, দেউতা-ঈশ্বৰে টকাকৈ নিদি মোহৰকৈ দিয়ে। এয়ে গোহাৰি।

ফুকন।— হেৰ কটা, বলিয়া হৈছ নে কি? মই তোক কেতিয়া টকা দিম বুলিছিলোঁ?

টেটোন – সঁচা, দেউতা, দুখীয়া-নিচলা দেখি মোক আটায়ে বলিয়া হে পাতে। সিদিনা বলিয়া পাতি অনা গোচৰ কেইখন দেউতায়ে সুধিছিল নহয়! ডাঙৰীয়া ডাঙৰ লোক, ডাঙৰ ডাঙৰ কথাত থাকে; এইবোৰ সৰু কথালৈ পাহৰিছে হব পায় এতিয়া। কিন্তু, সেইদিনা ইয়াতে, স্বৰ্গদেৱৰ সাক্ষাততে ডাঙৰীয়া-দেউতাই নিজ মুখে সেই টকাৰ কথা বেকত কৰে!

ৰজা।— হেৰ কটা, মোৰ সাক্ষাতে?

টেটোন।— হৈছে, স্বৰ্গদেৱ-ঈশ্বৰ!

ৰজা।—ক’তা! মোৰ দেখোন মনত নপৰে!

টেটোন।—(গহীনাই) এৰা, স্বৰ্গদেৱ আকৌ ডাঙৰীয়াতকৈও এখাপৰ ডাঙৰ, সেই দেখি অলপ ডাঙৰকৈ পাহৰিছে। নেপাহৰিবলৈ, এখন ৰাজ্যৰ কথা মূৰত; এই সামান্য কথালৈ নো স্বৰ্গদেৱৰ হঠাতে কেনেকৈ মনত পৰিব? স্বৰ্গদেৱ-ঈশ্বৰ! সেইদিনা, —সেই গোচৰ সুধিবৰ দিনা,—ডাঙৰীয়া-দেউতাই নিজ মুখে স্বীকাৰ পাইছিল, প্ৰথমখন গোচৰৰ বাবে এশ, দ্বিতীয়খনৰ বাবে এহেজাৰ আৰু [ ৪৩ ] তৃতীয়খনৰ বাবে এক লাখ টকীয়া কথা বুলি। এতিয়া স্বৰ্গদেৱৰ মনত পৰিব পায়?

ফুকন।— হেৰ কটা, সেইটো মুখৰ কথাহে?

টেটোন।— সঁচা, দেউতা, কথা বুলিলেই সি মুখৰ হে। তাতে আকৌ দেউতাৰ লাখটকীয়া সোণ-ৰূপৰ মুখৰ কথা।

ফুকন।— (চিন্তাযুক্ত হৈ) উঃ কটা‍! কথাতে এতিয়া অতবোৰ টকা ভৰিবগৈ লাগিব নে কি!

ৰজা।— কথাটো কিন্তু মিছা নহয় ডাঙৰীয়া। যুক্তিমতে ই টকা পাবগৈ পাৰে হয়।

টেটোন।— ধইন্ ধইন্ স্বৰ্গদেৱ-ঈশ্বৰ! হয়তো, যুক্তিমতে হে চুক্তি। চুক্তি এৰাবলৈ হ’লে আগতে যুক্তি ভাঙ্গিব লাগিব।

ৰজা।— পিছে, ডাঙৰীয়া, কি কোৱা এতিয়া?

টেটোন – ক’ব কি আৰু স্বৰ্গদেৱ! ন্যায়সোধাত ডাঙৰীয়া এজন জগতে-জনা লোক। প্ৰাণ গ’লেও কথা নেৰে নহয়। এনে জন পুৰুষ নহ’ব আৰু!

ফুকন।— (হুমুনিয়াহ কাঢ়ি) জানো, স্বৰ্গদেৱে কি উপদেশ দিয়ে? মই হ’লে—

ৰজা।—মই হ’লে আন উপায় নেদেখোঁ। নিজৰ গালৈ টান পৰিলেও ন্যায়ৰপৰা পিছলিব নালাগে। সেইটো দেখোন তোমাৰেই মত।

ফুকন।— (মূৰ খজুৱাই) এৰা, গৈ-থৈ এতিয়া দিব লগাত হে পৰিলোঁগৈ যেন পাইছোঁ অতবোৰ টকা!

টেটোন।— হয়তো, সজলোকৰ সজ কথা। নিদিব নো কেলেই, ডাঙৰীয়া হেন ডাঙৰ লোক এজনৰ মুখখনতকৈ টকা একলাখ নো কি ডাঙৰ বস্তু!

ফুকন।— বাৰু, দিব লগা হ’ল যদি, বল দিওঁগৈ! [ ৪৪ ] টেটোন।— ভাল দেউতা-ঈশ্বৰ! কিন্তু টকাকৈ হ’লে বলে পৰা নহ’ব। ৰূপৰ সলনি সোণৰ মোহৰ দিবলৈ গাত লওক দেউতা-ঈশ্বৰ!

ৰজা।— বাৰু, দিব যা। ৰূপ হ’লেও, সোণ হ’লেও সেই একেই। তাৰ মূল্য লৈ হে কথা।

ফুকন।— এতিয়া বিদায়হে স্বৰ্গদেৱ! উঃ কটা, কি কুক্ষণত ওলাইছিলোঁ আজি।

টেটোন।— আজি নহয়, ডাঙৰীয়া-দেউতা, সেই দিনাহে।

ৰজা।— বাৰু, যোৱাহঁক এতিয়া। আশা কৰোঁ, মিলাপ্ৰীতিৰে আৰু যুক্তি-সঙ্গতকৈ বিষয়টোৰ মীমাংসা হ’ব।     (প্ৰস্থান)


গাওঁবুঢ়া (page 1 crop).jpg
৩য়, অঙ্কপাত।
গাওঁবুঢ়া (page 1 crop).jpg
[ ৪৫ ]
চতুৰ্থ অঙ্ক।
⸺⸺
প্ৰথম পট,—ফুকনৰ গাভৰু-টোল।
(চম্পাৱতীয়ে ফুলনিত ফুল তুলি ফুৰে।)

চম্পা।— দেহিঐ। কেনেকৈ ফুলি আছে ফুল কেপাহি! তুলিবৰে সত যোৱা নাই,⸺ছিঙ্গোতেই যেন কোমল ঠাৰিটিয়ে দুখ পায়। তুলি লওঁতেই যেন কেনেবাকৈ পাহি সৰি মাটিত পৰে। আইঐ দেহি! সৌ কলিয়া ভোমোৰাটিলৈ চোৱাঁ! গোলাপ পাহীক চুমা এটি দিবলৈ গুণ্‌গুণাই কেনেকৈ কাবৌ কৰি ফুৰিছে! দেহি, চিকুণ কলিয়াটিৰ প্ৰেমালাপত ফুল কেপাহী কেনেকৈ পমি যোৱাদি গৈছে। ব্ৰজৰ গোপিনীয়ে হে যেন কলিয়া কানাইৰ বাঁহীৰ সুৰত আপোন-পাহৰা হৈছে।

ৰংদৈৰ প্ৰৱেশ

ৰংদৈ।— এ আই! আইদেৱে আজি অকলে অকলে ফুল তুলি ফুৰিছেহি। আন ছাৰি আজি মোকো নিচিাৰিলে।

চম্পা।— অ, ৰংদৈ? আহিছ।

ৰংদৈ।— হয়, আইদেউ, আহিছোঁ। কিয় আহিছোঁ তাকো সোধক, তেহে আকৌ অহাৰ ওৰ্‌টো ওলায়।

চম্পা।— কিয়, তই তো মোৰ কাষলৈ আহিবিয়েই। কিয় আহ, কেতিয়াবা সোধোঁ জানো?

ৰংদৈ।— নোসোধে আইলেউ। পিছে, আজি নমতাকৈয়ে ওলালোঁহি, সেই হে।

চম্পা।— আনকাল নমতাকৈ তই জানো মোৰ ওচৰলৈ কেতিয়াও নাহ?

ৰংদৈ।— আহোঁ, আইদেউ। [ ৪৬ ] চম্পা।— পিচে? এই বোৰ নো কি বলকিছ! কিবা ক’ব লগা আছে যদি কৈ নেপেলাৱ নো কিয়?

ৰংদৈ।— বাৰু, কওঁ আইদেউ! এনেকৈ ডাঙৰ কথা, এনেকৈ নিচেই সৰু কথা।

চম্পা।— তোৰ এবেগেতীয়া পাতনিখন মেলিব নেলাগেচোন বাৰু। কচোন, কিনো ডাঙৰ কথা, কিনো সৰু কথা।

ৰংদৈ।— আইদেউ, বাটৰুৱা চেঙ্গেৰা ডেকা এটাই দুটোম সোণৰ মোহৰ ভাৰ বান্ধি লৈ ফুৰিছে। ভাৰত হেনো একলাখ এহেজাৰ এশ সোণৰ মোহৰ আছে।

চম্পা।— পিচে? আমাৰ হ’ল কি?

ৰংদৈ – পিচে, আইদেউ, তাক হেনো আজি যেয়ে মনৰ জোখায় ভাত এসাঁজ খুৱাব, তাকে মোহৰ খিনি দি যাব।

চম্পা।— (হাঁহি মাৰি) বেটী পাগলী! হেৰ, বাটৰুৱা ডেকা এটাই অতবোৰ সোণৰ মোহৰ ক’ত পাব! আৰু জানিবা পালেই এসাঁজ ভাতত এক লাখ সোণৰ মোহৰ দিবলৈ ওলোৱা বলিয়া কোন আছে?

ৰংদৈ।— এ আই! আইদেৱে মিছা যেন ভাবিছে। সৌটো নহয়, ভাৰে সৈতে বাটচ’ৰাতে বহি আছে। লাগিলে, এতিয়াই মাতি আনিবগৈ পাৰোঁ।

চম্পা।— (আচৰিত হৈ মনতে) কিনো কথা বোলে! ইনো ক’ৰ বাটৰ বলিয়া ওলালহি! (ফুটাই) বাৰু, চাওঁৱেইচোন আন মাতি বুলনিলৈকে। ময়ো গৈছোঁ তালৈকে।

ৰংদৈ।— ভাল আইদেউ! মই এতিয়া আনোগৈ মাতি। আপুনি বুলনিতে বহকগৈ।

      (দুইৰো দুফালে প্ৰস্থান)

⸺●●●⸺