টেটোন।— ভাল, দেউতা-ঈশ্বৰ, শুনক তেন্তে। এই গৃহস্থই মোক চোৰ বুলি ধৰি আনি আছে, এনেতে বাটত এই হালোৱাক আমি লগ পাওঁ। সি হাল বাবলৈ নিয়া গৰু দুটাই সাঙোৰ ছিঙ্গি দুটা দুফলে লৰ মাৰে। পিচে, সি মোক আথেবেথে কলে, বোলে, “যোৱা দেউতাহে সৌ বাঘৰ বুকলৈ যোৱা গৰুটো মাৰ এটা মাৰি ৰাখি দিয়াঁগৈ”। মই চালোঁ, বাঘৰ বুকলৈ বোৱাতকৈ মাৰ এটা মাৰি ৰাখি দিয়াই ভাল। এই ভাবি, দেউতা ঈশ্বৰ, লৰি গৈ মাৰ এটা মাথোন মাৰি গৰুটো বাঘৰ বুকৰপৰা ৰাখি দিলোঁ। এটাতকৈ সৰহ মাৰ মাৰিছোঁ যদি, শোধক তাকে দেউতা-ঈশ্বৰ! এই গৃহস্থও সাক্ষী।
ফুকন।— হালোৱাৰ প্ৰতি) হেৰ কটা, সঁচা নে? মাৰ এটা মাৰি ৰাখিবলৈ তুই কোৱা হয় নে?
হালোৱা।— হয়, দেউতা-ঈশ্বৰ, সেই বুলি কোৱা হয়।
ফুকন।— পিচে, সি কেইটা মাৰ মাৰিলে?
হালোৱা।— একেটা মাৰতে মাৰি থলে, দেউতা-ঈশ্বৰ!
টেটোন।— এতিয়া মোৰ গাত কিবা দায় আছে নে, দেউতা-ঈশ্বৰ?
ফুকন।— নাই, নাই, তোৰ দোষ নাই! উঃ, এইটো আকৌ হেজাৰটকীয়া কথা দেও!
টেটোন।— ভাল, সেই ফেৰাও দেউতা-ঈশ্বৰৰ কৃপাহে। মনত থাকে যেন। কিন্তু, ক্ষতিপূৰণ এতিয়া পায় কোনে? উচটাই গো-বধ কৰোৱা পৰাচিতৰ বাবে মই ক্ষতিপূৰণ নেপাওঁ নে, দেউতা-ঈশ্বৰ?
ৰজা।— ঠিক কথা। ক্ষতিপূৰণ ই হে পাব লাগে। গুচৰীয়াই তাক পৰাচিত ধন দিব লাগিব।
টেটোন।— ধইন্ ধইন্! ভালে হে স্বৰ্গদেৱ-ঈশ্বৰক ধৰ্ম্মাৱতাৰ বোলে। (হালোৱাৰ কাষ চাপি কাণে-কাণে ব’ল আজি ঘৰলৈ, তোৰ ইওটো গৰু বেছিমগৈ, বাপেৰে।