তৃতীয়খনৰ বাবে এক লাখ টকীয়া কথা বুলি। এতিয়া স্বৰ্গদেৱৰ মনত পৰিব পায়?
ফুকন।— হেৰ কটা, সেইটো মুখৰ কথাহে?
টেটোন।— সঁচা, দেউতা, কথা বুলিলেই সি মুখৰ হে। তাতে আকৌ দেউতাৰ লাখটকীয়া সোণ-ৰূপৰ মুখৰ কথা।
ফুকন।— (চিন্তাযুক্ত হৈ) উঃ কটা! কথাতে এতিয়া অতবোৰ টকা ভৰিবগৈ লাগিব নে কি!
ৰজা।— কথাটো কিন্তু মিছা নহয় ডাঙৰীয়া। যুক্তিমতে ই টকা পাবগৈ পাৰে হয়।
টেটোন।— ধইন্ ধইন্ স্বৰ্গদেৱ-ঈশ্বৰ! হয়তো, যুক্তিমতে হে চুক্তি। চুক্তি এৰাবলৈ হ’লে আগতে যুক্তি ভাঙ্গিব লাগিব।
ৰজা।— পিছে, ডাঙৰীয়া, কি কোৱা এতিয়া?
টেটোন – ক’ব কি আৰু স্বৰ্গদেৱ! ন্যায়সোধাত ডাঙৰীয়া এজন জগতে-জনা লোক। প্ৰাণ গ’লেও কথা নেৰে নহয়। এনে জন পুৰুষ নহ’ব আৰু!
ফুকন।— (হুমুনিয়াহ কাঢ়ি) জানো, স্বৰ্গদেৱে কি উপদেশ দিয়ে? মই হ’লে—
ৰজা।—মই হ’লে আন উপায় নেদেখোঁ। নিজৰ গালৈ টান পৰিলেও ন্যায়ৰপৰা পিছলিব নালাগে। সেইটো দেখোন তোমাৰেই মত।
ফুকন।— (মূৰ খজুৱাই) এৰা, গৈ-থৈ এতিয়া দিব লগাত হে পৰিলোঁগৈ যেন পাইছোঁ অতবোৰ টকা!
টেটোন।— হয়তো, সজলোকৰ সজ কথা। নিদিব নো কেলেই, ডাঙৰীয়া হেন ডাঙৰ লোক এজনৰ মুখখনতকৈ টকা একলাখ নো কি ডাঙৰ বস্তু!
ফুকন।— বাৰু, দিব লগা হ’ল যদি, বল দিওঁগৈ!