টেটোন তামুলি/দ্বিতীয় অঙ্ক

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
টেটোন তামুলি
লেখক পদ্মনাথ গোহাঞিবৰুৱা
[ ১৬ ]
দ্বিতীয় অঙ্ক।

⸺<>○<>⸺

প্রথম পট,—ৰাজ-আলি।

টেটোন।— (অকলশৰে বহি) অহ, আজি এই পৃথিবীখনেই মােৰ ফুৰা- চকাৰ ঠাই। গােটেই জগতখনেই মােৰ বন্ধু। জোন, বেলি, তৰা সকলােৱেই মােৰ সুখ-দুখ দেখোঁতা। ইমানত আৰু অমুকাৰ ভয় কি ? বােপাইৰ বল নাপালেও, অমুকা তৰিব পাৰিব পায় দেখােন। কিন্তু, (অলপ পৰ টলকা মাৰি পেটৰ উমান লৈ) ওঁ-হুঁ-হুঁ, গতিক বিষম ! মােৰ ভেম্‌টো নৰজিবগৈ যেন পাইছোঁ। পুৱাৰ পঁইতা যে পেটতে পানী হলেই, বাটত খোৱা আঠীয়া কল আষিৰো বল নােপােৱাত পৰিছেগৈ। এতিয়া নাে ক’ত কি পাওঁ, পেটৰ জুইকুৰা কিহেৰে নুমাওঁ! হওঁতে এই পেটাৰিটো লৈ হে লেঠা, নহ’লে অমুকাক পায় কোনে? (পেট মােহাৰে)। এৰা, তাহানিৰ ফুল-কোৱঁৰৰ পিতেক নগৰা-জগৰাৰ দশা হে মিলিছে মােৰা । সিহঁতে দুখত আনদ কৰা শুনি হেনো মেনী মহে গাখীৰ পিয়াইছিল, শুকুলী হাতীয়ে পিঠিত তুলি লৈ ফুৰিছিল। মােলৈকো তেনে কোনােবা আছে বা? ময়ােচান সেই গটকে এবাৰ ধৰি চাওঁ।—কি বুলি ? (অলপ ভাবে) এঃ, যি বুলি আহে, মাৰি দিওঁ, বাপেকে, সেই বুলিয়েই:—

“অ, বােপায়ে খেদিলে দুপৰীয়া ভােকত,
              আই নাছিলে ঘৰত।
অ, কোন্ কত আছাহঁক এই জগতত,
              এমুঠি দিয়াঁহি মুখত।”

[ ১৭ ] —সৌৱা নহয়, বাপেকে, চাপিছেহি আমাৰো কোনোবা। পিঠিত

তুলি নি খুৱাবগৈ এতিয়া। (মূৰে-কপালে হাত দি নিটাল মাৰে)।

(দুটা চোৰৰ প্ৰৱেশ)

১ম, চোৰ।— এঃ, গৃহস্তে সাৰ পায় বুলিহে ভয়। নহলে, মোৰ দৰে উমানত বস্তু বাছিব জানে কেইটাই?

২য়, চোৰ।— এৰা, মোৰ হ’লে দুৱাৰ মেলোঁতেই গম্ পায় যেন লাগি যায়। অ, সিদিনা আকৌ, জানিছ, বৰচাঙৰপৰা বোন্দাটো নামি অহা দেখিয়েই মানুহ বুলি বৰ ভয় খালোঁ ককাই! কিনো কম, দুদিনলৈকে মোৰ বুকুখনে ধানবনাদি বানি আছিল। সেই হে বোলোঁ, মোক আগ নকৰিবি, বহিৰতে থবি; মুঠেই, ভাৰ লবৰ বেলিকা মোক বিচাৰিবি।

১ম, চোৰ।— অ, ইয়ালৈকে মতাটো হৈ উপজিছিলি? ভয়ৰ গোট ইমানটো হ’লে ইমান ডাঙৰ কামলৈ ওলাবই নেলাগে! হেৰ, বুধি জানিলে ভয় নাই। শুন, আন একো নেপালে দুৱাৰ-চুকৰ গাঁথিত চালৰ কুটা গুজি লব লাগে; তেতিয়া আৰু দুৱাৰে কেৰ্‌ নেকেৰায়। মনত ৰাখিবি।

২য়, চোৰ।— এৰা, এই দৰে বিদাটো শিকাবি আকৌ, তেহে পাৰোঁ এতিয়াৰপৰা চাবিচোন তেন্তে। আজি ৰাতিয়েই দেখিবিচোন।

১ম, চোৰ।— সঁচা, হয়। মাকৰ পেটতে কোনেও শিকি নাহে। তই বাৰু মোৰ চালত চলিবিচোন, তোক মই মানুহ কৰি হে এৰিম। নিছয় বুজিবি।

টেটোন।— (আপোনা-আপুনি) এৰা, মোৰ মন্ত্ৰফাঁকিয়ে হাতে-হাতে গুণ দিলে। ইহঁতেই মোক দুখত আনদ কৰাব যেন পাইছোঁ। এতিয়া ইহঁতৰ লগৰ এটা হৈ লব পাৰিলেই কাম সাধিলোঁ; —আন, [ ১৮ ] নহলেও তেও মোৰ পেটজনাৰ জঞ্জালটো ভাঙ্গিব পৰা হব। কিন্তু, এই ফেৰাই মেনী ম’হৰ গাখীৰৰ হে কাম দিব; শুকুলী হাতীৰ পিঠিত উঠা সুখ ফেৰাওতো লাগে। বাৰু, দেখা যাওক, কৰ পানী কলৈ যায়। আছে তাৰো উপায়! (কেঁকাই কেঁকাই ) হে মোৰ কপাল! বোলে, দৰিদ্ৰ লঙ্কালৈ যায়, লঙ্কাত জুই লাগে!—ওঁ–হুঁ—হুঁ।

২য়, চোৰ।— (উচাপ্ খাই) ঔ ককাই, এতিয়াহে মৰিলোঁ! এইটো মানুহ। কেনি পলাওঁ মই!

টেটোন।— অ, নেলাগে পলাব, মই হে। বোলোঁ, এৰি নগলে লগ ধৰিব হে খোজোঁ।

১ম, চোৰ।— হেৰ, ই ধৰে হেনোঔ!

টেটোন।— ভয় নাই। লগ হে ধৰিব খুজিছোঁ।

১ম, চোৰ।— কিনো কয় অ! ই আমাক চোৰ বুলি চিনিছে হবলা?

টেটোন — অ, নিচিনিম নো কিয় হেৰা? সাপে হে সাপৰ ঠেং দেখে। সেই হে লগ ধৰিব খুজিছোঁ। ককাইহঁতঐ, যি ঘৰত হে সোমাইছিলোঁগৈ! কি হ’ব ক’লে! মই অকল দেখি হে? যি হে বস্তু বাজ কৰি লৈছিলোঁ। পিচে, কপাল! ভাৰ কানত তুলি লওঁতেই কঁকাল-মোচোকা খালোঁ। কোনোমতে বগুৱাবাই আহি এইখিনিতে বহি আছোঁ।

২য়, চোৰ।— কি কথা আছে, ভাৰ লোৱাত মই আছোঁ নহয়। ককাইটি, নকৈছিলোঁ, বোলোঁ, ভাৰ লবলৈকো এটা লাগে।

১ম, চোৰ।— বাৰু, ৰবিচোন তই। এওঁৰ সৈতে সোধা-পোছা কৰি চাওঁ।

টেটোন।— সোধা-পোছাৰ সকাম নাই, আমি উঠিব হে লাগে। যাওঁ বলাহঁক। সৰহ দূৰৈ নহয়, সৌ ধাপ-মৰা বাৰীখনেই। বৰ চহকী মানুহ দেও সেই ঘৰ। [ ১৯ ] ১ম, চোৰ।— বেচ কথা। ভাল ছেগ মিলিছে। উঠাঁ তেন্তে।

টেটোন।— এ, কওঁতেই ক’লা, বোলে, যঁতৰতে শলা। উঠিবলৈ নেদেখিছা, চিপ্‌ মাৰি কঁকালটো লৰাবই পৰা নাই! উস্‌ উস্‌ উস্‌।

২য়, চোৰ।— পিচে?

টেটোন।— জানো, এতিয়া কাৰ পিঠি পাওঁ?

২য়, চোৰ।— কি “পিঠি পাওঁ”?

১ম, চোৰ।— এ, নহয় অ, অৰ্থৎ তেওঁক বোকোচাত লব লাগে; —নহয় নে হে?

টেটোন।— হয়, ঠিক ধৰিলাঁ কথাটো। তোমাৰ বুধিটো বৰ চোকা।

২য়, চোৰ।— কিয়, মই আছোঁ নহয়। কি কথা আছে, ময়ে লম বাৰু বোকোচাত।

১ম, চোৰ।— বেচ কথা। সেইটো হল বাৰু। পিচে, ভিতৰ সোমাব কোন্‌টো?

টেটোন।— সেইটো মোকে ধৰি থোৱাঁচোন।

১ম, চোৰ।— বাৰু, সোমাবাঁ তুমিয়েই। কিন্তু বন্ধু বাছিব জানিব জানো।

টেটোন।— সেইটো নজনাকৈয়ে নো চোৰৰ বৃত্তিটো মূৰত লৈছোঁ নে? তথাপি, শুনোচান তোমাৰ বুধিটোও।

১ম, চোৰ।— মই হলে কৰোঁ কি, এন্ধাৰত খপিয়াই পোৱা বস্তুবোৰ নিয়মীয়াকৈ বজাই চাওঁ। তেহে কেনে দৰৰ বস্তু বুজিব পাৰি।

টেটোন।— উঃ, ভাল মিলি গল দেও কথাটো। ময়ো তাকে কৰোঁ।

২য়, চোৰ।— নিমিলিব কেলেই, দুয়োজন পকা মানুহ।

টেটোন।— এৰা, এতিয়া আৰু পলম কৰাৰ সকাম নাই। ৰাতি ভালেখিনি হৈছে। উঠিব হে লাগে।

১ম চোৰ।— হয়, উঠিব হে লাগে।

টেটোন।— এৰা, উঠোৱাঁ আকৌ? [ ২০ ] ২য়, চোৰ।— (পিঠি পাতি) এয়া নহয়।

টেটোন।— মন্ত্ৰই গুণ দিছে বাপেকে! (স্ফূৰ্ত্তিৰে সৈতে বোকোচাত উঠে)।

     (টেটোনক বোকোচাত লৈ তিনিওৰো প্ৰস্থান।)

⸺<>⌾<>⸺
দ্বিতীয় পট,—
চহকী গৃহস্থৰ বৰঘৰ।

গৃহস্থ।— (বৰঘৰৰ দুৱাৰ কেইখন ভালকৈ মৰা হৈছে নে নাই পৰীক্ষা কৰি চায়। বোলে, হৰিণাৰ গাৰ মঙহেই শত্ৰু। মোৰ ধন-বস্তুববাৰেই কাল হল। এইবোৰ আৰ্জ্জোতে যি দুখ পাইছিলোঁ, ৰাখোঁতে এতিয়া তাৰ ষাঠিগুণ দুখ পাইছোঁ। ই মোৰ শোৱন-খান নাইকিয়া কৰিছে। ৰাতি চিল্‌মিল্‌কৈ টোপনি আহিলেও, মেকুৰী—নিগনিয়ে জেৰজেৰালেই কাণ-সাৰ দি শুনি থাকোঁ; বতাহত দুৱাৰে কেৰ্‌কেৰালেই উঠি আহি চাওঁ। সিদিনা ধনৰ পেৰাটো চোৰে নিবৰপৰা মোৰ দেহত তৰণি নাই। পিচদিনাই বাকীখিনি ধন কলহত ভৰাই নিজানে নিজানে নি বাৰীচুকত পুতি থলোঁগৈ। এই কথা কাকো কোৱা নাই; সিজনীকো কোৱা নাই। নকওঁ, বেৰ-চালৰো কাণ আছে। নোকোৱাকৈ মৰোঁ যদি, ধনগুলৈয়ে পাওক; তথাপি চোৰৰ বুকুত নিদিওঁ। (দুৱাৰ-ডাংকেইটা আকৌ এবাৰ হেঁচি টানকৈ মাৰি) কিমান নো পৰ্‌ দিম আৰু!

শোৱাখোঁটালীপৰা।— আজি ৰাতিৰে-ৰাতিটো পহৰা দিয়ে থাকিব নে? শোৱাপাটীত নপৰোঁ বুলিয়েই লাগিছে নে কি? [ ২১ ] গৃহস্থ।— এৰা, পাটীত পৰি নো লাভ কি! তাতো কাণেৰে পহৰা দিয়া হে!

শো: কো: পৰা।—তেন্তে, দিনত শুই ৰাতি পহৰা দিবলৈ নিয়ম কৰাইভাল। এই দৰে টোপনি খতি কৰিলে গা নাঠাৱৰে নহয়।

গৃহস্থ।—হয়, নিয়মটো বেয়া নহয়। এতিয়াৰপৰা তাকে হে কৰিব লাগিব। বাৰু, গৈছোঁ।        (দুৱাৰ-ঘৰ আকৌ চকুফুৰাই চাই প্ৰস্থান)

○○>○<○○


তৃতীয় পট,—
বৰঘৰৰ ভিতৰ।

(শোৱা-কোঠাত চাকি এটি মিট্‌মিট্‌কৈ জ্বলি আছে;
চোৰ দুটাই দুৱাৰ মেলি টেটোনক ভিতৰলৈ
সুমাই দি চোৰাং চাই থাকে।)

টেটোন।—(আন্ধাৰত বগুৱাবাই বস্তু বিচাৰে) আন বস্তু মোক নেলাগে; সান্দহৰ কলহ এটা বিচাৰি পালেই হয় এতিয়া। (খপিয়াই ফুৰি) অ, বহালোঁ বাপেকে, এইটো গুড়ৰ টেকেলিয়ে ধৰা দিছে! এতিয়া সান্দহৰ কলহটো লগ পালেই মোৰ গা ৰব বাপেকে। ( খপিয়াই ফুৰে) এঃ নেপাওঁচান! আও! এই ঘৰৰ গৃহস্থ বৰ কট্‌কিনা মানুহ দেও! পেট মাৰি পইচা সাঁচিছে। চহকী হবলৈ বৰ মন ঔ! বাৰু, অলপ ৰবি, চহকী কৰিম বাপেৰে! মোৰ পেটৰ জুইকুৰা নুমাই লবলৈ হে চাইছোঁ। (খপিয়াই ফুৰোঁতে এটা ভগা ঢোলত হাত পৰে} অ, এইবাৰ হে বাৰ, বহালোঁ বাপেকে! (লুটীয়াই বগৰাই হাত ফুৰাই [ ২২ ] চায়) এঃ, নহয় হবলা সান্দহৰ কলহ। কিনো এইটো ঔ? অ, ভাল কথা; লগৰীয়াই বজাই চাবলৈ শিকাইছিল নহয়। বাৰু, চাওঁচোন বজাই কিনো এইটো। (ঢোলত চাপৰ ধৰে)।

(ঢোলৰ মাত শুনি শোৱাচাঙ্গৰপৰা “কোন” “কোন” বুলি গৃহস্থে আহি টেটোনক গবা মাৰি ধৰে। ই দুটা চোৰে ভিৰাই ধৰি লৰ মাৰে)।

গৃহস্থ।— হেৰ কটা, কোন্ তই?

টেটোন।— কোন্ মই! কিনো অকৰাঔ! বোলে, ‘হাতত পুথি, মঙ্গলবাৰ’, সুধিব লাগিছে মে মই কোন্‌? মই ৰাতিফুৰা।

গৃহস্থ।— কটা বন্দী তই চোৰ?

টেটোন।— (ভোৰভোৰাই) আৰু নো ই কি বুলি ভাবিছিল! (ফুটাই ) বোলোঁ, চকু নাই নে? এই মাজনিশা চোৰ নহৈ আলহী সোমাইছোঁহিনে? চোৰ নে আলহী চিনিবি পাচত; আগেয়ে মোক বাৰু সান্দহৰ কলহটো দেখুৱাই দেচোন।

গৃহস্থ।— অ, এইটোৱে কয় কি!

টেটোন।— ভাল কৈছোঁ। পেটৰ জঞ্জালটো বোলোঁ আগেয়ে মাৰি লওঁ, পাচতো তোমাৰে সৈতে মেল মাৰি থাকিম।

গৃহস্থ।— কটা, চোৰ বুলিলে ওৰ পৰে। ইয়াৰচোন মট্‌মটনি বাঢ়িছে হে!

টেটোন।— বাৰু, মোক পাচেও ওৰ পেলাবাঁ। আগেয়ে ওৰ পেলাওঁ সান্দহৰ কলহ এটা, দেখুৱাই দিয়া।

গৃহস্থ।— কটা, এইটো কৰবাৰ বলিয়া মানুহ। ই সান্দহ-বলিয়া। বাৰু, ৰজাক খুঁজি খাবিগৈ সান্দহ কাইলৈ। এতিয়া বান্ধি থওঁগৈ বল। (টেটোনৰ কঁকালত পঘা লগায় ) বল, কটা, বল।

টেটোন।— বাৰু, বলাঁ। কিন্তু, কঁকালৰ বান্ধটো এফেৰি টানি দিয়াঁ। নহ’লে, কাছুটি খনে নৰওঁ নৰওঁকৈ ওজৰ কৰিছে। কালিৰেপৰা মোৰ পেটত লখিমীৰ সঞ্চাৰ হোৱা নাই। [ ২৩ ] গৃহস্থ।— তোৰ কেল্‌কেলনি শুনি থাকিলে গা নৰয় আৰু। উঠ যদি উঠ, নহলে চোঁচৰাই নিম এতিয়া।

টেটোন — বাৰু, উঠিছোঁ, বলাঁ। কিন্তু, মোৰ পেটজনাক পূজা এভাগি নিদিলে তোমাক পাপে চুব, জানিবা দেই। (প্ৰস্থান।)

চতুৰ্থ পট,—

পথৰুৱা আলি।

—●●●—
(কানত নাঙ্গল লৈ এটা হালোৱাৰ প্ৰৱেশ)

হালোৱা।— (কানৰপৰা নাঙ্গল নমাই থৈ) হেৰ ৰঙা, সও সও। উঃ, দেখিছা এতিয়া, সি ঢাপলি হে ধৰিছে আকৌ! (উলটি চাই) অ, ভাল হ’ল এতিয়াহে। ইটোক খেদোতে সিটোও যায় সিফালে। (উলটি খেদা মাৰি) হেৰ, সও, বগা সও, সও। হাঁই-আঁই, নৰয়, দেখিছা বাৰু! যক বাঘৰ বুকত হোৱা গৰু ক’লৈ যায়, নেবাওঁ হাল! কি কৰি, মই অকলে ইটোকে খেদিম নে সিটোকে খেদিম। (আঁঠুত বাহু পেলাই বহি) মই কানি-খোলাৰেপৰা নকৈছিলোঁ সিজনীক, বোলোঁ, সাঙোৰৰ পঘাৰ খান্দৰিত গুনঠিটো ভালকৈ সুমুৱাবি। গৰু চেঙ্গা বুলি তাই নেজানে জানো! ভাল ল! আজি ৰুবিহি দুই হাতে।

(কঁকালত ৰচী লগোৱা টেটোনক লৈ গৃহস্থৰ প্ৰৱেশ)

টেটোন।— ইজন বা কোন্‌? এওঁকো লগৰীয়া কৰি লোৱা হওকচোন ৰজাৰ আগলৈ।

হালোৱা।— (আথেবেথে) হে দেউতাটি।

টেটোন।— কিবা হ’ল, বিধতাটি? [ ২৪ ] হালোৱা।— মোক এফেৰি উপকাৰ কৰক দেউতা হে। ঈশ্বৰে হে মিলাইছে আপোনালোকক ইখিনি পৰত।

টেটোন।— ভাল, আমি সাজু আছোঁ। পৰৰ উপকাৰ কৰাটি আমাৰ পিতৃধৰ্ম্ম। বাৰু, বাটতে ধৰম ফেৰি আৰ্জি লওঁ। কি কৰিব লাগে কোৱাঁ মাখোন।

হালোৱা।— হে, দেউতা হে, লৰ মাৰি গৈ সৌ বাঘৰ বুকলৈ যোৱা গৰুটো মাৰ এটা মাৰি ৰাখি দিয়াঁগৈ দেও হে। আৰু, ইগৰাকীয়ে ইটোলৈ, খেদা এটা মাৰাঁ দেউতা হে।

গৃহস্থ।— অঃ, সেইটো হব নোৱাৰে। মই এইটো চোৰ ধৰি ৰজাৰ আগলৈ আনিছোঁ। ইয়াক মই এৰি দিব নোৱাৰোঁ; ই মোৰ হাতত বন্দী।

টেটোন।—এ, মই বন্দী হে, তুমি যে আকৌ মোৰ লেজুত ধৰা বন্দীৰো বন্দী। বাৰু, তুমি এৰিব নোৱাৰা থাকাঁ। তোমাৰ তো ধৰমলৈ মতি নাই। আৰু, মোৰ পেটজনাক পুজা নিদি তুমি ঘৰতে পাপ লগাই আহিছাই। মোৰ হলে পাপলৈ বৰ ভয় দেও। চাওঁ, এৰাঁ, লৰ মাৰি ধৰম ফেৰা আৰ্জি আহোঁ। (গৃহস্থৰ হাতৰপৰ আজোৰ মাৰি এৰাই আগ বাঢ়ে)।

গৃহস্থ।— (অবাক্ হৈ ভোৰভোৰাই) উঃ কটা, চোৰৰ ধৰমলৈ মতি! মই হে অকল ধনতে মজিছোঁ! বাৰু, ইয়াক যাবলৈ দিওঁ। তাৰ পুণ্যৰ এভাগ কিজানি ময়ো পাম। কিয়নো, মই এৰি দিলে হে সি যাবলৈ পাব। (ফুটাই) বাৰু যা, নপলাবি আকৌ।

টেটোন।— বাৰু, সেইটিলৈ ভয় কৰিব নেলাগে। অমুকাই পলৰীয়া নাম নলয়। চাই থাকাঁ, এটা লৰত পুণ্য আৰ্জ্জিমগৈ; আৰু উলটি ইটো লৰত পৰৰ গাত পাপ থমহি।

হালোৱা।— এৰা, যোৱাঁ দেউতা হে, বেগাই যোৱাঁ। গুণ নহয় তেও ধৰম

হব। পাকতে মই ইটো আগচি আনোগৈ। [ ২৫ ] টেটোন।— কিয়, গুণ নো নহব কিয়? মই দুইটা আৰ্জ্জিম চাই থাকিবা

এতিয়া,—(গৃহস্থৰ হাতৰপৰা টোকোনডাল টান মাৰি লৈ, লৰ মাৰি গৈ, গৰুটো একেমাৰে বধি, উলটি আহে।)

হালোৱা।— ক’তা গৰুটো ওভতাই নানিলা দেখোন।

টেটোন।— তুমি জানো আনিবলৈ কৈছিলাঁ? ৰাখি থৈ আহিবলৈ হে কৈছিলাঁ। সৌটো নহয়, একেটা মাৰতে ৰাখি থৈ আহিছোঁ।

হালোৱা।— কি কোৱাঁ!

টেটোন।— ভাল কৈছোঁ। যেনেকৈ কৈ পঠিয়াইছিলাঁ, তেনেকৈ কৰি থৈ আহিছোঁ। চোৱাঁগৈ মিছা কৈছোঁ যদি, জিভা মেলি দীঘল দি পৰি আছে সৌটো।

হালোৱা।— ঔ কটা, তই দহোন মোক মৰিয়াই মাৰিলি একা?

টেটোন।— অ, তোমাক মৰিয়াই মাৰিলোঁ আকৌ কেতিয়া? গৰুটো হে মাৰিবলৈ কৈছিলা; তাক হে মাৰিলোঁ। তুমি নোকোৱাকৈ আকৌ তোমাক কিয় মাৰিম?

হলোৱা।— অ, মই ইবোৰ-সিবোৰ কথা নেজানো। বল, ৰজাৰ আগত দিওঁগৈ। ময়ো এগছ লগাওঁ জৰী (টেটোনৰ কঁকালত জৰী লগায়)।

টেটোন।— ই-এ। এইটো কেনে মানুহ ঔ! ইয়েই মাৰিবলৈ কয় গৰুটো, ইয়েই হেনো গোচৰ দিয়েগৈ! অ, উচটাই গো-বধ কৰাই এতিয়া পৰাচিতৰ ধন দিব লাগে বুলি এইখন টাং-বাং কৰিছ। বাৰু, বল ৰজাৰ আগলৈ। কাৰ ভাগত কি আছে দেখা যাব। এটাতকৈ বঢ়াই মাৰ মাৰিছোঁ যদি, মোৰ গাত ঘাটি।

        (প্ৰস্থান)

গাওঁবুঢ়া (page 1 crop).jpg
[ ২৬ ]
পঞ্চম পট,—
হাটৰুৱা বাট।

(কল-বেঙেনা,পাণ-তামোলৰ পোহাৰ আগত লৈ এজনী পোহাৰী )

পোহাৰী।— (আপোনা-আপুনি) আললু-আপচু দিবলৈ বহি! কোন্ নো বিজতৰীয়াক দেখি আহিলো ঐ আজি! পইচা এটাৰো কিবা বেছিবলৈ পালোঁহেঁতেন যদি! কিমান নো হাটৰুৱা-বাটৰুৱা আগেদিয়েই পাৰ হৈ গলহি, কেৱেচোন ফুটাকড়ি এটাও নেবেহালে! লোণজেবাকে নো কিনি নিওঁ কিহেৰে আজি! কিনো কৰিম আই, ঘৰত আৰু খাৰণি সৰালেগৈ হে হব। তাকো জানো পাৰোঁতে নকৰোঁ? লৰা-পোৱালিটোৱে আকৌ লোণ নহলে একোকে মুখত নিদিয়ে নহয়। (মূৰে-কপালে হাত দি টলকা মাৰি ৰয়) অ, বাৰু, সৌৱা কোনোবা গোটাদিয়েক এই বাটেই আহিছেচোন।

(গৃহস্থ, হালোৱা আৰু টেটোনৰ প্ৰৱেশ)

টেটোন।— অ, ৰবাচোনহঁক। মোৰ আৰু ভৰি নচলাই হল। কাছুটিখনো তোমালোকৰ বান্ধকেটাই হে ৰাখি থৈছে। বোলোঁ, কল- কুঁহিয়াৰ যি পোৱা অলপ কিনি-কুটি খুৱাই লোৱাহঁক। নহলে আৰু মোক কানতকৈ নিলেহে হব। (খপৰাই বহি পৰে)।

গৃহস্থ।— এ হে! বাৰুটো অ! চোৰে আকৌ কানত উঠি হে যায় হেনো!

টেটোন।— হুঁঃ, পিঠিত উঠি গৈ চোৰ সোমালোঁ, এতিয়া ৰজাৰ আগলৈ যাওঁতে কানত উঠাটো টান হে পালাঁ নে?

হালোৱা।— হেৰ অধৰনী মেনে মেনে থাক। ঘিঁউত জুই ঢালি নলবি দেই এতিয়া! চোঁচৰাই নিম বুলি জনা নাই নে? [ ২৭ ] টেটোন।— জানিছোঁ। ঘিঁউত জুই ঢাল নেখায়, তোমাৰ খং-জুইকুৰা হে ঘিঁউত জুবুৰিয়াই দি চেচঁনি পেলাই লব খুজিছোঁ।

হালোৱা।— কটা, সঁচাই বুলিছ নে? (খেদা মাৰি) হালোৱা এছাৰিৰ কোবত বেবাকৰাই পেলাম বুলি জনা নাই নে?

টেটোন।— নেজানিম নো কিয় হেৰা। জানিছোঁ দেখিতো কওঁ, বোলোঁ, তেওঁৰ কানখন হে বিচাৰিছোঁ, তোমাৰ আকৌ মুৰত ভৰি থবলৈ নেপালে অমুকাক লৰাব পাৰিম বুলি ভাবিছাঁ জানো? সেইটি নেচেল।

গৃহস্থ।— ৰবাঁ, হেৰা। এইটো কৰবাৰ অহৌ বলিয়া আধাকটা ল’ৰা। ইয়াৰে চুপতি মাৰি কি অন্ত পাবা? এতিয়া ইয়াক উল্‌মুলাই কোনোমতে ৰজাৰ আগত দিবগৈ পাৰিলেই হয়। হেৰা, আছে যদি গাঁথিত, পইচা এটা দি সৌ পোহাৰীজনীৰপৰা কল দুটামানকে আনি দিয়াঁ হে।

হালোৱা।— এ, মোৰ গাঁথিত নাই দেও! মই পথাৰলৈ আহিছিলোঁ, পইচা কেলেই আনিছোঁ!

গৃহস্থ।— এৰা, মোৰ হাতো শুদা!

টেটোন।— টোকোনা চিকটা ককাইহঁত! বোলোঁ, গোচৰলৈ আহিছাহঁক, হাতত পইচা এটি নাই! বাৰু, তোমালোকৰ জৰী কেগছকে লেজুৱাকৈ এৰি দিয়াহঁকচোন, মোৰ বুধিৰ মোনাটোকে মেলি চাওঁ।।

হালোৱা।— অঁ, অঁ, অঁ, মই বাৰু দিছোঁ ঢিলাই।

গৃহস্থ।— বাৰু, ময়ো দিছোঁ এৰি, যক সি কেনেকৈ পাৰে মাৰকগৈ খঁকটো আপুনি।

পোহাৰী।— এৰা তো, ভোকত কল বন এটা খাবলৈ এৰি দিব লাগে তো। হেজাৰ হলেও মানুহৰ পোৱালি হে দেহি! [ ২৮ ] টেটোন।— (পোহাৰীৰ কাষ চাপি) ইয়ে। আমাৰ জাপৰী বাইটী দেখোন। সঁচা, বাইটি, তুমি মোৰ দুখ নপতিয়ালে কোন পতিয়াব? বাইটি! কলবোৰ বাৰু নে? দিয়াঁচোন এটা খাই চাওঁ। (কল ছিঙ্গিবলৈ হাত মেলে।)

পোহাৰী।— (হাত-মুখ জোকাৰি উঠি) এ-হে! বাৰুটি ঐ! বোলে, ক’ৰপৰা আহিলি ক’ত দিলি ভৰি, চোঁতালখন ফাটি গ’ল চাঁট্‌-চাঁট্‌ কৰি। কিনক নিকিনক ইয়াক এচোন এনেই কল খুৱাই লওঁ। নেদেখিছাঁ। গুচ্‌ গুচ্‌ ইয়াৰপৰা ভালে ভালে। মনত বিষাদ লাগি আছে। এতিয়ালৈকে পইচা এটাও বহনি হোৱা নাই।

টেটোন।— এ, বাইটি, কেটেৰা-জেঙেৰা নো মাৰাঁ কিয় আকৌ? মোলৈ দেখোন তোমাৰ বৰ মৰম! বাইটি! পাক এটাকে দি দেখুৱাওঁ দেই, কল এটা দিবাঁ।⸺ (নাম গাই গাই নাচে।)

খেম্‌টা

বৰ ভাল পাওঁ তোমাক মই,
বৰ ভাল শুনোঁ তোমাৰ ‘হঁই’।
   হাটে-বাটে শুনি আৰু
   তোমাৰেহে হয়-বয়,
      বৰ ভাল পাওঁ মই।।

 শুনিলাঁ? দিয়া কল এটি এতিয়া বাইটি।

পোহাৰী।— (মুখ বিদৰাই) কেনেসন কৰে এই ভেচেলীমুৱাটোৱে! গুচ্‌ এতিয়া ভালে ভালে, নহলে দিম বুঢ়ীমাৰে ভালদৰে। মন-চন বেয়া লাগি আছে।

টেটোন।— বাৰু, ভাল দৰে দিব খুইছা যদি চাইটাও দিয়াঁ। দিলে, আমি দহোটাও বলে পৰা হব। [ ২৯ ] পোহাৰী।— হেৰ, কটাযোৱা পো, বোলোঁ, পইচাটো পেলাবি, কল আষি লবি, বুকুত গোৰ মাৰি গুচি যাবি; কিহৰ আকৌ এইসন লেৰেলা সাদৰ চেলাবলৈ আহিছ?

টেটোন।— বাৰু, তেন্তে তোমাৰ কথাই কথা। (মেৰ্‌-তলীৰপৰা পইচ। এটা উলিয়াই পাচিলৈ দলি মাৰি দি) হোঁ, ল, সেইটো পইচা। মোক আৰু এনে নিচলা যেন দেখিছিলি নে? (পচিৰপৰা কল একাষি তুলি লৈ, পোহাৰীক বুকুত গোৰ মাৰি চিট্‌ খুৱাই পেলাই কল খাবলৈ ধৰে)।

পোহাৰী।— (টিক্‌চি-বিক্‌চি উঠি) ঔ! বন্দী চুৱাসোৱা সেকাৰসোৱা বেটীৰ ধাৰ সোৱা পো! তইচোন মোৰে কল সাই মোকে গুৰিয়াৱ! বুঢ়ীমাৰে এতিয়াই তোক ৰজাৰ আগত নিদিমগৈ বুলি জানিছ নে? ( বাউলী হৈ টেটোনৰ কঁকালত গামোছা লগায়।।

টেটোন।— কিনো বোলে ঔ। কথামতে চলিলে ইহঁতে আকৌ জগৰ হে ধৰে। বাৰু, লগাই থাক্‌ কেইডাল হয় কঁকালত জৰী। মোক মুঠেই পেটৰ ওজৰটো মাৰি লবলৈ দে। (টেটোনে চোঁচা মাৰি গৈ কল-কুঁহিয়াৰ আৰু যি পালে থাই কাষলতি বজায়; পোহাৰীয়ে ডেও-দোপাল পাৰি হায়ঔ-বিঔ লগায়।)

গাওঁবুঢ়া (page 1 crop).jpg
২য়, অঙ্কপাত।
জুৰণি (page 6 crop).jpg