চম্পা।— পিচে? এই বোৰ নো কি বলকিছ! কিবা ক’ব লগা আছে যদি কৈ নেপেলাৱ নো কিয়?
ৰংদৈ।— বাৰু, কওঁ আইদেউ! এনেকৈ ডাঙৰ কথা, এনেকৈ নিচেই সৰু কথা।
চম্পা।— তোৰ এবেগেতীয়া পাতনিখন মেলিব নেলাগেচোন বাৰু। কচোন, কিনো ডাঙৰ কথা, কিনো সৰু কথা।
ৰংদৈ।— আইদেউ, বাটৰুৱা চেঙ্গেৰা ডেকা এটাই দুটোম সোণৰ মোহৰ ভাৰ বান্ধি লৈ ফুৰিছে। ভাৰত হেনো একলাখ এহেজাৰ এশ সোণৰ মোহৰ আছে।
চম্পা।— পিচে? আমাৰ হ’ল কি?
ৰংদৈ – পিচে, আইদেউ, তাক হেনো আজি যেয়ে মনৰ জোখায় ভাত এসাঁজ খুৱাব, তাকে মোহৰ খিনি দি যাব।
চম্পা।— (হাঁহি মাৰি) বেটী পাগলী! হেৰ, বাটৰুৱা ডেকা এটাই অতবোৰ সোণৰ মোহৰ ক’ত পাব! আৰু জানিবা পালেই এসাঁজ ভাতত এক লাখ সোণৰ মোহৰ দিবলৈ ওলোৱা বলিয়া কোন আছে?
ৰংদৈ।— এ আই! আইদেৱে মিছা যেন ভাবিছে। সৌটো নহয়, ভাৰে সৈতে বাটচ’ৰাতে বহি আছে। লাগিলে, এতিয়াই মাতি আনিবগৈ পাৰোঁ।
চম্পা।— (আচৰিত হৈ মনতে) কিনো কথা বোলে! ইনো ক’ৰ বাটৰ বলিয়া ওলালহি! (ফুটাই) বাৰু, চাওঁৱেইচোন আন মাতি বুলনিলৈকে। ময়ো গৈছোঁ তালৈকে।
ৰংদৈ।— ভাল আইদেউ! মই এতিয়া আনোগৈ মাতি। আপুনি বুলনিতে বহকগৈ।
(দুইৰো দুফালে প্ৰস্থান)