১ম।— আও, বুপাঔ। কিনো বুধিঔ। হেৰ, সঁচাকৈয়ে কৈছ’ নে? উঃ থিতাতে ভাল ফাকটিখন তৰিলে।
২য়।— সঁচা কিন্তু আকৌ। তোৰ কিন্তু ল’ৰাটিৰ মূৰ খাবলৈকে কিন্তু সঁচা।
১ম।— ঔ, বুপাঔ। মন্ত্ৰী ডাঙৰীয়াকে ভুৱা দিলে? আমি তেন্তে কোন কুটা তাৰ মানত।
২য়।— তাকে তো কিন্তু কৈছোঁ। বোলোঁ, ভাল সাৰিলোহঁক কিন্তু আজি! এতিয়াও কিন্তু ভালে তালে কিন্তু ঘৰ সোমাওঁগৈ বল কিন্তু ককাই! কেনেবাকৈ ইয়াতে কিন্তু পৰুৱাই পোৱাদি পাই কিন্তু কৰবালৈ উৰুৱাই কিন্তু নিবহি পিছে।
১ম।— হয়, বোপাই, বল বল, দিনে–পোহৰে ঘৰ সোমাওঁগৈ। ইস! ইস্!! ইস্!!!
(প্ৰস্থান।)
ৰজা।— ৰাজ্যৰ কুশল নে ডাঙৰীয়া? সকলো পিনে কি শান্তি ৰক্ষা পৰিছে নে?
ফুকন।— হৈছে স্বৰ্গদেৱ। মই জনাত, কতো কোনো অশান্তিৰ চিন্ নাই। স্বৰ্গদেৱৰ নো অবিদিত কি আছে?
ৰজা।— নহয়, ডাঙৰীয়া, তোমালোকৰ মুখে ৰাজ্যত শান্তি ৰক্ষা পৰিছে বুলি শুনিলে, মই বিশেষ শান্তি উপভোগ কৰোঁ। মোৰ তিনি জনা ডাঙৰীয়া আৰু তোমালোক ডাঙৰ বিষয়া কেজনেই ৰাজ্যৰ ঘাই ধৰণী।