একলাখ টকা দিম বুলিছিল, তাকে নিবলৈ বুলি এই টোম দুটা সাজি লৈ তেখেতক বিচাৰি ফুৰিছোঁ। ঘৰত নাপাই ইয়ালৈকে আহিছোঁ।
ফুকন।— কি! মই? মই তোক দিম বুলিছিলোঁ অতবোৰ টকা?
টেটোন।—হৈছে, দেউতা-ঈশ্বৰ! পিছে, অতবোৰ টকা এই দুটা টোমত নধৰিব হ’বলা? আৰু, ধৰিলেও মই বলে পৰাটো টান দেখিছোঁ। সেই দেখি, দেউতা-ঈশ্বৰে টকাকৈ নিদি মোহৰকৈ দিয়ে। এয়ে গোহাৰি।
ফুকন।— হেৰ কটা, বলিয়া হৈছ নে কি? মই তোক কেতিয়া টকা দিম বুলিছিলোঁ?
টেটোন – সঁচা, দেউতা, দুখীয়া-নিচলা দেখি মোক আটায়ে বলিয়া হে পাতে। সিদিনা বলিয়া পাতি অনা গোচৰ কেইখন দেউতায়ে সুধিছিল নহয়! ডাঙৰীয়া ডাঙৰ লোক, ডাঙৰ ডাঙৰ কথাত থাকে; এইবোৰ সৰু কথালৈ পাহৰিছে হব পায় এতিয়া। কিন্তু, সেইদিনা ইয়াতে, স্বৰ্গদেৱৰ সাক্ষাততে ডাঙৰীয়া-দেউতাই নিজ মুখে সেই টকাৰ কথা বেকত কৰে!
ৰজা।— হেৰ কটা, মোৰ সাক্ষাতে?
টেটোন।— হৈছে, স্বৰ্গদেৱ-ঈশ্বৰ!
ৰজা।—ক’তা! মোৰ দেখোন মনত নপৰে!
টেটোন।—(গহীনাই) এৰা, স্বৰ্গদেৱ আকৌ ডাঙৰীয়াতকৈও এখাপৰ ডাঙৰ, সেই দেখি অলপ ডাঙৰকৈ পাহৰিছে। নেপাহৰিবলৈ, এখন ৰাজ্যৰ কথা মূৰত; এই সামান্য কথালৈ নো স্বৰ্গদেৱৰ হঠাতে কেনেকৈ মনত পৰিব? স্বৰ্গদেৱ-ঈশ্বৰ! সেইদিনা, —সেই গোচৰ সুধিবৰ দিনা,—ডাঙৰীয়া-দেউতাই নিজ মুখে স্বীকাৰ পাইছিল, প্ৰথমখন গোচৰৰ বাবে এশ, দ্বিতীয়খনৰ বাবে এহেজাৰ আৰু