ফুকন।— হেৰ, কোন্ ‘মই’? কটা, তইনো ইমান বৰ মানুহ নে ‘মই’ বুলি চিনাকী দিয়!
টেটোন।— এ, দেউতা, কিনো কব লাগে পিচে? মই জানো মই নহয়, দেউতা?
ৰজা।— অ’, তাক মই চিনিছোঁ। এইটো সিদিনা তিনিখন গোচৰত পৰি মুক্তি পোৱা ডেকাটো।
টেটোন।— হৈছে স্বৰ্গদেৱ-ঈশ্বৰ। হেজাৰো হওক, এখাপ ওখ যি ওখ! স্বৰ্গদেৱে টপকৰে ধৰিলে। —সেই মই!
ফুকন।— হেৰ কটা, তই ইয়ালৈ কেনেকৈ আহিলি?
টেটোন।— দেউতা-ঈশ্বৰ মই খোজ কাঢ়ি আহিলোঁ।
ফুকন।— কটা, কি গজমুৰ্খ এইটো! হেৰ, তই নো খোজ কাঢ়ি নাহি, দোলা-ঘোঁৰাত উঠি ইয়ালৈ আহিবৰ সাধ্য আছে নে? বোলোঁ, কাকো নোসোধা নেমেলাকৈ তই অকলে এইখনি কেনেকৈ পালিহি?
টেটোন।— (ভোৰভোৰাই) সঁচা, গজমুৰ্খ নহলে নো ৰজা-মন্ত্ৰীক চলিম কেনেকৈ! (ফুটাই) কিয়্, দেউতা, সিদিনা গোচৰত আহোঁতে মই বাট চিনি থৈ গৈছোঁ নহয়?
ৰজা।— (হাঁহি মাৰি) ৰাৰু, কেনেকৈ আহিল সেইটো এৰি দিয়াঁ; কিয় আহিছে তাকে সোধাঁছোন।
ফুকন।— হেৰ কটা, কিয় আহিছ তই, কচোন, কি লাগে?
টেটোন।— ডাঙৰীয়া-দেউতাকে বিচাৰি বিচাৰি এইখিনি পাইছোঁহি। মোৰ কপাল ভাল, স্বৰ্গদেৱে সৈতে একেলগতে পালোঁহি।
ৰজা।— হেৰ কটা, তই নো বাৰু ডাঙৰীয়াক ইমানকৈ কিয় বিচাৰিছ? আৰু, মোৰ ওচৰত পোৱাত নো তোৰ কপাল কেনেকৈ ভাল হল? ভাঙ্গি কচোন!
টেটোন।— স্বৰ্গদেৱ-ঈশ্বৰ! ডাঙৰীয়া দেউতাই যে সেইদিনা এশ-এহেজাৰ