—○○○—
প্ৰথম পট,—ৰজাৰ বিচাৰ-চৰা।
⸻
(ৰজা, ন্যায়সোধা ফুকন, গৃহস্থ, হালোৱা, পোহাৰী,
টেটোন আৰু কটোৱাল)
ৰজা।—কিহৰ গোচৰ আজি এইখন ডাঙৰীয়া?
ফুকন।—গোচৰ তিনিখন স্বৰ্গদেৱ চুৰি, ডকাইতি আৰু গো-বধৰ গোচৰ।
ৰজা।—কিন্তু, অপৰাধী দেখোন এটা হে?
ফুকন।—হৈছে, স্বৰ্গদেৱ! সেই এটাৰ কঁকালতে তিনটাৰ তিনিগছ জগৰৰ ডোল!
ৰজা।—ইনো কেনে কথা! একেটা মানুহেই একেবাৰতে তিনিখন গোচৰত কেনেকৈ পৰিল?
ফুকন।—সঁচা, স্বৰ্গদেৱ! এখন গোচৰত এটাৰ হাতত বন্দী হৈ, আকৌ ই দুখনত সি কেনেকৈ পৰিবলৈ পালে সেইটো অলপ আচৰিত মানিব লগীয়া কথা। এতিয়া বিচাৰত হে ইয়াৰ তত্ত্ব পোৱা যাব।
ৰজা।—বাৰু, সোনকালে বিচাৰ আৰম্ভ কৰাচোন।
ফুকন।—ভাল, স্বৰ্গদেৱ। হেৰ, চৰীয়াহঁত এফলীয়া হৈ থিয় দে।
(গৃহস্থ, হালোৱা আৰু পোহাৰীয়ে টেটোনৰ কঁকালৰ ৰচা এৰি দি এফলীয়া হয়)। বাৰু, এতিয়া প্ৰথম গুচৰীয়া কোন্?
গৃহস্থ।—(আঁঠু লৈ) দেউতা-ঈশ্বৰ, মই।
ফুকন।—আৰু তোৰ গোচৰ কি?