টেটোন।—(গৃহস্থৰ কাষ চাপি কাণে-কাণে) এতিয়া কেনে! ভেচ্ভেচীয়া নহলাঁ। মই নকৈছিলোঁ, বোলোঁ, মোৰ পেটজনাক পূজা এভাগি নিদিয়াৰ বাবে তোমাক পাপে চুইছে। তেতিয়া মোক বলিয়া বুলিছিলাঁ? এতিয়া বলিয়া কোন্ হে?
গৃহস্থ।— সঁচা, বোপাই, মোৰ ধন-বস্তুৱেই মোক বলিয়া কৰিবগৈ যেন পাইছোঁ।
ফুকন।— (হালোৱালৈ চাই) বাৰু, কটা, এতিয়া তোৰ গোচৰৰ কথা ক।
হালোৱা।— (আঁঠু লৈ) দেউতা-ঈশ্বৰ! ই মোৰ হালৰ বলধী গৰু এটা মৰিয়াই মাৰি থৈ আহিছে। মই বন্দী নিৰুপায়, দেউতা-ঈশ্বৰ!
ফুকন।— (টেটোনৰ প্ৰতি) হেৰ কটা, সঁচা নে?
টেটোন।— সঁচা, দেউতা-ঈশ্বৰ। সঁচা কথা কৈ কটা যাওঁ, সিও ভাল! মই কেতিয়াও মিছা নেমাতোঁ।
ফুকন।— তেনেহলে তই নিজমুখেই ঘাটি। এতিয়া তই তাৰ ক্ষতিপূৰণ দিলে হে হ’ব?
হালোৱা।— হৈছে, দেউতা-ঈশ্বৰ। মই সেইটো গৰু অকুৰি-অটকা দি কিনিছিলোঁ।
ফুকন।— (টেটোনক) তই তেন্তে সেইখিনিধন তাক দিব লাগিব।
টেটোন।— ভাল, দেউতা-ঈশ্বৰ, দিব লগা হয়গৈ যদি দিয়া যাব। কিন্তু, মই সঁচা কথা হে স্বীকাৰ কৰিছোঁ, দোষী বুলি সৈ লোৱা নাই নহয়, দেউতা-ঈশ্বৰ।
ফুকন।— কিয় নো নহবি দোষী? তোৰ নিজৰ কথাই তোক দোষী কৰিছে দেখোন।
টেটোন।— দেউতা-ঈশ্বৰ! তেওঁ কোৱা কথা মতে কাম কৰাৰ বাবেও মই দোষী হব লাগে নে?
ফুকন।— তাৰ কথা মতে চলিছিলি যদি, তই শলাগ হে পাব লাগিছিল। পিচে, কিয়নো অপৰাধী বুলি সি ধৰি আনিছে? বাৰু, কিনো কখা ভাঙ্গি কচোন।