হালোৱা।— অ, শুনিছে, দেউতা-ঈশ্বৰ, ই এতিয়া কি কয়!
ফুকন।— (পোহাৰীৰ প্ৰতি) বাৰু, এতিয়া তোৰ গোচৰ কি? কৈ যা।
পোহাৰী।— দেউতা ঈশ্বৰ! ই কটাযোৱাই মোৰ পাচিৰে কল খায়, আকৌ মোকে বুকুত গুৰিয়াই পেলায়। এনে দিন-ডকাইত হ’লে বাঁৰী-দুখুনী মানুহ আমি কেনেকৈ তৰিম, দেউতা।
টেটোন।— (কথাৰ লাচতে) তৰিব নোৱাৰ যদি মৰিব তো পাৰিবি?
ফুকন।— (টেটোনৰ প্ৰতি) তইনো তাইৰ পাচিৰে কল খাই তাইকে বুকুত গুৰিয়ালি কিয়? কথা সঁচা নে মিছা?
টেটোন।— মিছা নকওঁ বুলিছোঁ নহয়, দেউতা। বুকুত গোৰ মৰাটো সঁচা। কিন্তু কথামতে চলিলেও জগৰ ধৰিব পায়নে? আৰু, পইচা দি বস্তু ল’লেও ডকা দিয়া হয় নে, দেউতা-ঈশ্বৰ?
ফুকন।— কথামতে চলিলে জগৰ ধৰিব কিয়? আৰু পইছা দি বস্তু ল’লে ডকা দিয়া নহয়। হেৰ বেটী, তোক সি কলৰ পইচা দিছিলেনে?
পোহাৰী।— দিছিল, দেউতা-ঈশ্বৰ!
ফুকন।— পিচে, তেন্তে?
টেটোন।— তাৰ পিছে, দেউতা, ময়ে কওঁ। মই কল কিনিবলৈ দৰ-ভাও কৰাত, তাই ক’লে, ‘‘বোলে, পইছাটো পেলাবি, কল আষি লবি, বুকুত গোৰ মাৰি গুচি যাবি।’’ তাতকৈ একৰতিও বেছি কৰিছোঁ যদি, মই সমূলঞ্চে ঘাটি, দেউতা-ঈশ্বৰ!
পোহাৰী।— ইঃ সি নো বাৰু কথাটোতে লাগি বুকুত গুৰিয়াব পায়নে? ক’ত দেখিছা, এনে কথা!
টেটোন।— হেৰ কথাত নেলাগি নো লাগে কিহত? বাৰু তয়ে কচোন, তোৰ কথামতেই মই চলা নাই নে? তোৰ পাক লগা কথাৰ ধাৰ আকৌ নুবুজোঁ নহয়; আমি পোন্পটীয়া মানুহ।