২য়।— ক’লে কিন্তু দায় নাই। কিন্তু নাম লওঁতেই, ভূতে পোৱাদি কিন্তু পায়হি যেন লাগে কিন্তু।
১ম।— বাৰু, কচোন। আমি এতিয়া দুটা আছোঁ। ভয় নাই; নাইবা মেনে মেনে কৈ যা শুনি থাকোঁ।
২য়।— এঃ কিন্তু তই আকৌ দুটাকৈ কিন্তু গপাইছ। এশটায়ো কিন্তু বলে পৰা নাই! সিদিনা কিন্তু মন্ত্ৰী ডাঙৰীয়াৰ চকুতে কিন্তু ধূলি দি কিন্তু কাম সাধিলে।
১ম।— ঔ আই! হেৰ, কেনেকৈ পালে মন্ত্ৰী ডাঙৰীয়াৰ চকুত ধুলিছাতি মাৰিবলৈ?
২য়।— এঃ, তই কিন্তু নিচেই ভোদা মানুহ কিন্তু অ! হেৰ, কিন্তু চকুত ধূলি দিয়া অৰ্থত কিন্তু ভুৱা দিয়া বুজায়।
১ম।— কেনেকৈ, কেনেকৈ? কচোন, কেনেকৈ?
২য়।— কেনেকৈ কিন্তু কওঁ শুন। সেই টেটোনটো কিন্তু ডাঙৰীয়াৰ পদূলিৰ আগেদি কিন্তু গৈছিল।
১ম।— পিচে পিচে?
২য়।— পিচে, সি কিন্তু গাভৰু-টোলৰ ফালে চাই কিন্তু চকু টিপিয়াইছিল।
১ম।— পিচে, উঃ ইমানটো সাহ! পিচে, পিচে?
২য়।— পিচে; কিন্তু ডাঙৰীয়াই শুনি তাক কিন্তু তেতিয়াই ধৰাই নিয়ালে।
১ম।— তাৰ পিচে? তেতিয়াই তাক চাগৈ শালত দিবলৈ হুকুম দিলে। উঃ ইমানটো পিত! হ’ব তো তাৰ তেনে দশা!
২য়।— ইঃ ক’ত কিন্তু শালত দিয়ে! শুনচোন কিন্তু শুনি ল কিন্তু আগেয়ে। ডাঙৰীয়াৰ চ’ৰালৈ ধৰি নিওঁতেও কিন্তু বাটতে কিন্তু সি ঘনাই চকু পিৰিকিৱা কিন্তু স্বভাৱৰ মানুহটো কিন্তু হৈ পৰিল। তাৰ পাছত, কিন্তু ডাঙৰীয়াৰ আগত কিন্তু থিয় কৰালত সি কিন্তু কথাইপতি চকু-টিপিয়াবলৈ কিন্তু ধৰিলে।