গৃহস্থ।— তেন্তে, শপতলৈকে দিয়ক, দেউতা ঈশ্বৰ! য’তে ধৰিবলৈ কয়, মই ত’তে ধৰিব পাৰোঁ।
টেটোন।— বাৰু, সেইটো এৰিছোঁ। দেউতা-ঈশ্বৰে সোধকচোন তেওঁ নো সাৰ পালে কেনেকৈ?
ফুকন।— বাৰু, গুচৰীয়াই কচোন কেনেকৈ সাৰ পালি?
গৃহস্থ।— দেউতা-ঈশ্বৰ, সি মোৰ ভিতৰত সোমাই, বেৰত আৰি থোৱা ভগা ঢোলটো বজাই দিয়াত, মই সাৰ পাই উঠি চাওঁ দেখোন, এইটো চোৰ সোমাইছে।
ৰজা।— কি আচৰিত। কাণত নোসোমোৱা কথা!
টেটোন।— (মুখত কাপোৰৰ সোপা দি হাঁহি) শুনক, দেউতা-ঈশ্বৰ! স্বৰ্গদেৱ-ঈশ্বৰেও শুনিছে। চোৰে হেনো ঢোল বজাই গৃহস্থক সাৰ পোৱাই লয়!! ইয়াৰ উপৰি আৰু কিবা প্ৰমাণ লাগিব নে, দেউতা-ঈশ্বৰ?
ফুকন।— নালাগে আৰু প্ৰমাণ। গোচৰৰ কথা মোৰ মনত প্ৰলাপ যেন হে লাগিছে।
টেটোন।— স্বৰূপ কৈছে দেউতা-ঈশ্বৰে! মোৰ মনেৰে এই কিৰ্পিণ গৃহস্থই দিঠকতে সপোন দেখিছিল। বাজ নে ভিতৰ সেই ফেৰি জ্ঞান বপুৰিৰ গাত নাছিল যেন পাওঁ। নহলে নো বাটৰ বাটৰুৱাক ধৰি- বান্ধি ৰজাৰ আগত দিয়েহি নে? ময়ো পিচে একো নকলোঁ; মনে-মনেহে, বোলোঁ, এই চলতে ৰাজদৰ্শন লাভ কৰি আহোঁগৈ।
ফুকন।— উঃ, হয় দেও, এইটো শ-টকীয়া কথা!
টেটোন।— ভাল, সেই ফেৰা দেউতা-ঈশ্বৰৰ অনুগ্ৰহ। নেপাহৰে যেন।
ফুকন।— গুচৰীয়া যে ভ্ৰমত পৰিছে, তাৰ বিশিষ্ট প্ৰমাণ পোৱা গ’ল। মোৰ মনেৰে গোচৰ সম্পূৰ্ণে মিছা। স্বৰ্গদেৱৰ যি আজ্ঞা হয়।
ৰজা।— অপৰাধীক এই গোচৰৰপৰা মুক্তি দিয়া গ’ল।