সমললৈ যাওক

পৃষ্ঠা:টেটোন তামুলী.pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ফুকন।— সেইটো স্বৰ্গদেৱৰ অনুগ্ৰহ। কিন্তু আমি বিষয়াবিলাক স্বৰ্গদেৱৰ হাতৰ অস্ত্ৰ মাখোন। স্বৰ্গদেৱৰ নিজ গুণেই সেই চাৰিওফালে যশস্যা ৰৈ-বৈ গৈছে। চৌদিশে স্বৰ্গদেৱৰ সাধুবাদ শুনা যায়।

ৰজা।— কাৰ মুখে শুনা যায় সাধুবাদ, ডাঙৰীয়া?

ফুকন।— সকলোৱে স্বৰ্গদেৱৰ গুণ গায়। তথাপি, বিশেষকৈ নিজৰ প্ৰজা- বৰ্গৰ মুখত সেই গুণ-গান সততে শুনা যায়।

ৰজা।— ময়ো তাকে হে বাঞ্ছা কৰোঁ ভাঙৰীয়া! প্ৰজাৰ প্ৰশংসাত মোৰ হিয়া আনন্দেৰে উপচি পৰে। কিন্তু, কি বিষয় লৈ নো প্ৰজাই আমাৰ গুণ গায়?

ফুকন।— স্বৰ্গদেৱৰ অশেষ গুণ! গতিকে, গুণ-গানৰ বিষয়ো অলেখ। তথাপি, স্বৰ্গদেৱৰ ন্যায় বিচাৰ সম্বন্ধে বিশেষকৈ প্ৰশংসা কৰা শুনা যায়, সৱাৰে মুখে-মুখে।

ৰজা।— হ’ব পাৰে। কিন্তু, ময়ে তাৰ অকল গৰাকী নহয়। তাত তোমাৰো ভাগ আছে।

ফুকন।— সেইটো স্বৰ্গদেৱৰ অনুগ্ৰহ।

ৰজা।— অনুগ্ৰহ নহয়। ভাবি চাবাঁ, ন্যায় সোধাৰ বাব তোমাৰ গাত হে; মই সোধৰ শেহত আজ্ঞা দিওঁতা মাখোন।

ফুকন।— স্বৰ্গদেৱৰ আগত আৰু বঢ়াই কি ক’ম, মই হ’লে নিজলৈ টান পৰিলেও ন্যায়ৰপৰা পিছলি নাযাওঁ।

ৰজা।— সঁচা, ময়ো মন কৰিছোঁ।     (দুটা উদং টোমৰ ভাৰ লৈ টেটোনৰ প্ৰৱেশ)

টেটোন।— (আঁঠু লৈ) স্বৰ্গদেৱ-ঈশ্বৰ। আৰু ডাঙৰীয়া দেউতা।

ফুকন।— হেৰ, তই কোন্? তোক কোনে ভেঁটালে?

টেটোন।— মই, সেই মই, দেউতা-ঈশ্বৰ! আৰু, মোক কে নেভেটিলে। ভেটা হলে নো অ এই খিনি পাবহি পাৰোঁ নে।