ফুকন।— উঃ ইটো আকৌ লাখটকীয়া কথা দেও! বাৰু সোণামুৱা ডেকাটো হয়!
টেটোন।— এই ফেৰা দেউতা-ঈশ্বৰৰ অনুগ্ৰহৰ উপৰি অনুগ্ৰহ। দেউতাৰ অনুগ্ৰহলৈ যথাসময়ত অৱশ্যে মনত পেলোৱা যাব, এতিয়া গোচৰৰ ৰায় শুনিবলৈ প্ৰাৰ্থনা কৰোঁ।
ৰজা।— অপৰাধী এটা দোষৰো দোষী নহয়। এতেকে, তাক কেইওখন গোচৰৰপৰা মুক্তি দিয়া গ’ল। এতিয়া গোচৰৰ ডোল নিজ নিজ হাতে মোকলাই লৈ, গুচৰীয়াবিলাক ঘৰাঘৰি যাব লাগে। তাৰ পাচত, পদকীয়াও যাব পাৰে।
গুচৰীয়াবিলাক।— যি আজ্ঞা, স্বৰ্গদেউ-ঈশ্বৰ!
(টেটোনৰ বান্ধ সোলকাই লৈ, তিনিওৰে প্ৰস্থান)
টেটোন।— যি হুকুম, স্বৰ্গদেউ-ঈশ্বৰ! ময়ো তেন্তে পিচ লাগোঁ। (পিছে পিছে ভেঙ্গুচালি কৰি) ব’ল আজি বাপেৰে! বাটত আকৌ এসেকা নিদিম বুলি জানিছ নে?
(প্ৰস্থান)
ৰজা।— উঃ আজিৰখন গোচৰ শুনিবলগীয়া দেও!
ফুকন।— হৈছে, স্বৰ্গদেউ! অপৰাধীৰ যুক্তিবোৰ মই অকাট্য পালোঁ।
ৰজা।— সচাঁ, সি বৰ বিচক্ষণ বুদ্ধিৰ ডেকা। তাৰ যুক্তি ময়ো শলাগিছোঁ। বাৰু, ডাঙৰীয়া, আজিলৈ আৰু ইমানতে উঠা যাওক, কি বোলাঁ?
ফুকন।— ভাল, স্বৰ্গদেৱ! বিদায় হে এতিয়া।
(দুইৰো দুইফালে প্ৰস্থান)