পৃষ্ঠা:টেটোন তামুলী.pdf/৩১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


গৃহস্থ।— দেউতা-ঈশ্বৰ! ই মোৰ ঘৰত ৰাতি চোৰ সোমাইছিল। পিচে, মাল-বস্তু লৈ ওলাবলৈ নৌ পাওঁতেই মই সাৰ পালোঁ। আৰু, ৰাতিটো তাক বান্ধি থৈ, পুৱাতে স্বৰ্গদেৱৰ আগলৈ লৈ আহিছোঁ। ই অতি গভাইত্‌ চোৰ দেউতা-ঈশ্বৰ!

ফুকন।— টেটোনৰ প্ৰতি) হয় নে কটা, তই এই গৃহস্থৰ ঘৰত চোৰ সোমাইছিলি?

টেটোন।— হৈছে, দেউতা-ঈশ্বৰ, চোৰ বুলিয়েইতো আনিছে ধৰি।

ফুকন।— পিচে?

টেটোন।— পিচে, প্ৰমাণ লওক, দেউতা-ঈশ্বৰ!

গৃহস্থ।— সি আৰু কি প্ৰমাণ দিব, দেউতা-ঈশ্বৰ! হাতে-হাতে ধৰি, বান্ধি লৈ আহিছোঁ, ইয়াৰ উপৰি আৰু তাৰ কি কবলৈ আছে?

ফুকন।— সঁচা নে? অপৰাধীৰ আৰু কিবা কবলৈ আছে নে?

টেটোন — দেউতা-ঈশ্বৰ, মোৰ বেচি কবলৈ নাই সঁচা। কিন্তু, ৰাতিৰ কাল বুলি তেৱেঁই কৈছে; বাহিৰত মানুহ-দুনুহ নাই; তেওঁ যে মোক বাটৰপৰা ধৰি নি বান্ধি থোৱাগৈ নাই, তেৱেঁইচোন তাৰ প্ৰমাণ দিয়ক আগেয়ে।

ৰজা।— সঁচা, ইওটো সম্ভৱপৰ কথা। অৱশ্যে, দুয়োটাতে প্ৰমাণৰ প্ৰয়োজন।

ফুকন।— বাৰু, (গুচৰীয়াৰ প্ৰতি) তই যে তাক বাটৰপৰ ধৰি অনা নাই, ভিতৰতহে পাইছিলি, সেইটো কোনে কোনে দেখিছিল? সাক্ষী দিব পাৰিবি নে?

গৃহস্থ।— তেতিয়া আন কোনো নাছিল, দেউতা-ঈশ্বৰ! আমাৰ সিজনীয়ে হে মাথোন দেখিছিল।

ফুকন।— (হাঁহি ২) কটা, ভাল সাক্ষী বিচাৰি পালিগৈ! ঘৈণীয়েৰে তো নহয় নোবোলে।