চিন্তা-কলি/আহুকাল
আহুকাল
তাহানি শুনিছিলোঁ বোলে মানুহৰ নিজৰ অস্তিত্ব প্ৰমাণ নাই, অৰ্থাৎ তুমি যে আছা, বা মই যে, আছোঁ, তাৰ একো প্ৰমাণ নাই। ই কি কথা বুজিব নোৱাৰিলোঁ, কথাটো বলিয়ালি যেন লাগিছিল। এজন পণ্ডিতে হেনো তাকে প্ৰমাণ কৰিলে। তেওঁ বোলে কয় যে, তুমি চিন্তা কৰা, এতেকে তুমি আছা; মই চিন্তা কৰোঁ, এতেকে মই আছোঁ। তোমাৰ মোৰ অস্তিত্বৰ এই প্ৰমাণ। কি গছত গৰু উঠা কথা! মই যে আছোঁ ইয়াৰো আকৌ প্ৰমাণ লাগে। কথাটো শুনোতে পোন প্ৰথমতে কিবা যেন লাগে। জগতৰ আন আন গুটীয়া বস্তুৰ লগত থাকি আৰু গুটীয়া বস্তু দেখি দেখি তুমি যে জগতৰ এক গোট সুকীয়া বস্তু, তাত তোমাৰ সন্দেহ নহয়। জগতৰ ইবোৰ বস্তু যেতিয়াই আছে, তুমিও আছা, এই কথা স্বভাৱতে সঁচা যেন লাগে, তাৰ আকৌ প্ৰমাণ কি? কিন্তু সদায় সকলোৰে তেনেকুৱা নালাগে। অজান শিশুক মিচিৰি বুলি শিল এড়োখৰ দিলেও সি মুখত দিয়ে। তুমি মইও জগতৰ অজান শিশু, শিলকে মিচিৰি বুলি লৈ আছোঁ। বস্তুৰ তত্ত্বলৈ মন নকৰিলে কোনো কথাতে [ ৫৮ ] খুকুৰি নোলায়, বাজীকৰৰ সন্দেশ-বাতচাও সঁচা যেন লাগে। ইয়াকে তত্ত্বদৰ্শী সকলে ভ্ৰম বুলি কয়। এই ভ্ৰমৰ গুণতেই বোলে আমি এটা বস্তুকে সহস্ৰটা যেন দেখা পাইছোঁ। এজনা ব্ৰহ্মকে সহস্ৰ সহস্ৰ, গোট গোট, বেলেগ বেলেগ, একোটা যেন দেখা পাইছোঁ। হব পাৰে, কিয়নো, আমাৰো মাজে-সময়ে জগতৰ বস্তু সম্বন্ধে খুকুৰি ওলায়। কথা নুগুণিলে একো নাই, যি দেখোঁ সেয়েই সেই যেন লাগে; কিন্তু গুণিলে এইটো কি, সেইটো কি, এনেবিলাক সমস্যা ওলায়। জগতৰ বস্তুৰাশিৰ লগত সানমিহলি হৈ থাকিলে বস্তুৰ তত্ত্বলৈ চকু নাযায়, কিন্তু অকলশৰীয়া হৈ দূৰৈৰপৰা চালে জগতখন কিবাকিবি যেন লাগে। এনেকুৱা অৱস্থাতেই তুমি আছা নে নাই, বা তুমি কোন, বা কি, এনেবিলাক আহুকলীয়া আসোঁৱাহীয়া প্ৰশ্নই মনক বিমোৰ কৰে।
এই বিষয়ত আসোঁৱাহ চিৰকাল থাকিব, কিয়নো বিষয়টো মানুহৰ ধাৰণা শক্তিৰ বাজ। তেনে বিষয়ৰ এটা অলৰ-অচৰ খাটাং মীমাংসা হবৰ সম্ভৱ নাই। মানুহে বাজৰ জগৎ এৰি নিজৰ চিত্তত বা চিত্তৰ অন্তেসপুৰত সোমাই ইমান কালে ইয়াকে জানিছে, বা জানিছোঁ বুলি বিশ্বাস কৰিছে যে, মানুহৰ শৰীৰটোৱেই মানুহটো নহয়, শৰীৰৰ কৰবাত কিবা এটা আছে, সেইটোহে আচল মানুহ, সেই কিবাটো এটা শক্তিবিশেষ, অৰ্থাৎ চিৎ শক্তি, অৰ্থাৎ চৈতন্যময় শক্তি, অৰ্থাৎ ই জীয়া, আৰু ইয়াৰ ভাল বেয়া বুজিবৰ সমৰ্থ আছে। [ ৫৯ ] এই শক্তিটো বোলে বিশ্ব ভৰি আছে, আমি বোলে ইয়াক এনেই দেখা নাপাওঁ, কোনো স্থূল বস্তুত আশ্ৰয় ললেহে দেখা পাওঁ। ই বোলে জুইৰ নিচিনা অদৃশ্য বস্তু, অৰ্থাৎ জুই সকলো ঠাইতে আছে, তেও আমি নেদেখোঁ, কেৱল বস্তুত আশ্ৰয় ললে অৰ্থাৎ খেৰ বাঁহৰ নিচিনা কোনো বস্তুত লাগিলে দেখা পাওঁ। এই সিদ্ধান্ত কৰি, ইয়াৰপৰা উজাই গৈ আৰু সিদ্ধান্ত কৰিছে যে, এই চৈতন্যময় কিবাটোৱেই বিশ্বৰ আদি কাৰণ, অৰ্থাৎ ঈশ্বৰ। ই বিশ্বৰ সকলো বস্তুতে আছে, অৰ্থাৎ বিশ্বৰ সকলো বস্তুৱেই চৈতন্যময়, কেৱল কোনো বস্তুত সেই চৈতন্য ভালকৈ বিকাশ পাইছে, কোনো বস্তুত অলপ বিকাশ পাইছে, কোনো বস্তুত মুঠেই বিকাশ পোৱা নাই। এই চৈতন্যময় বস্তুটোৰ বিকাশৰ পৰিমাণ অনুসৰি বস্তুৰ শ্ৰেণী-ভেদ হয়। শিল, মাটি, বা খনিত থকা সোণ ৰূপ আদি জড় বস্তুত চৈতন্যৰ সমূলি বিকাশ নাই, সেই দেখি সেই বস্তুবোৰ জড় হৈ পৰি আছে। কালত চৈতন্য যেতিয়া কিছু বিকাশ পায়, তেতিয়া জড় ৰূপ এৰি সেইবিলাক বস্তু উদ্ভিদ বা গজন জীৱ হৈ ওলায়, আৰু তাতকৈও বিকাশ হলে পশু পক্ষী হৈ ওলায়, তাতকৈও বিকাশ হলে মানুহ হৈ ওলায়।
বস্তু বা বিশ্ব কেৱল সেই চৈতন্যময় কিবাটোৰ প্ৰবাহ মাথোন। আদিৰ চৈতন্যময় শক্তিটোৰ কোনো এটা অংশ কিবা কাৰণত বস্তু হয়, অৰ্থাৎ এটা আধাৰত বন্দী হয়, অৰ্থাৎ পোন প্ৰথমতে জড় বস্তুত বন্দী হয়, তাৰ পাছত অনুক্ৰমে [ ৬০ ] বিকাশ হৈ হৈ মানুহ যোনিত পৰে, তাৰ পাছত আৰু বিকাশ হৈ পুনৰ আদিৰ মূল শক্তিত মিহলি হয়। শক্তিটো কিয় বস্তুত বন্দী হয়, বা কেনেকৈ হয়, তাৰ মীমাংসা শাস্ত্ৰত আছে, কিন্তু সেই মীমাংসা কেৱল ধৰি লব লগীয়া কথা, আমাৰ বোৰৰ ভিতৰ হবলৈ তাৰ ভাল প্ৰমাণ নাই, কিন্তু কি কাৰণে বা কিৰূপে আদিৰ শক্তি জড়ৰূপ ধৰক নধৰক, জড় বস্তুৰো যে চৈতন্য বা জীৱ আছে, এই কথা অবিশ্বাস কৰিবৰ কাৰণ নাই। আধুনিক বিজ্ঞানৰ উপায়েৰে ইয়াক আমি সঠিকৰূপে জানিব পাৰিছোঁ। তেনেহলে বিশ্বৰ সকলো বস্তুৰে চেতনা আছে, আৰু সেই চেতনা, মানুহৰ চেতনা একে বস্তু।
চেতনা অনুক্ৰমে বিকাশ পায় কিয়? কোনে কব কিয়? জুয়ে পোৰে কিয়? জুয়ে পোৰাৰ কাৰণ যেনেকৈ কব নোৱাৰি, চেতনা বিকাশ পোৱাৰ কাৰণো তেনেকৈ কব নোৱাৰি। পোৰণ জুইৰ স্বভাৱ বা ধৰ্ম্ম। সেইদৰে ক্ৰমে বিকাশ পোৱাও সেই চৈতন্যময় শক্তিটোৰ স্বভাৱ বা ধৰ্ম্ম। এই ধৰ্ম্ম অনুসৰি স্থূল শৰীৰত বন্দী হোৱা চৈতন্যময় শক্তিৰ কণা অনুক্ৰমে বিকশিত হৈ পূৰ্ণ ৰূপ প্ৰাপ্ত হলে, সি বিশ্ব ভৰি থকা শক্তি মিহলি হয়। অৰ্থাৎ তুমি আদিতে এডোখৰ শিল হৈ কৰবাত পৰি আছিলা, তোমাৰ আত্মা অৰ্থাৎ সেই চৈতন্য শক্তিটোৰ বন্দী হোৱা কণাটি ক্ৰমে বিকাশ পালত সি শিলত বাস কৰিব নোৱাৰা হল, যেনে হাঁহৰ কণীত বাস কৰি থকা হাঁহটো বিকাশ পাই কণীত বাস কৰিব নোৱাৰা হয়, আৰু [ ৬১ ] বেলেগ এটা শৰীৰ লৈ ওলাই আহে, সেইদৰে শিলত থকা তুমি বিকাশ পাই, শিলত থাকিব নোৱৰা হৈ, গজন জীৱৰ ৰূপ ধৰি বিদিত হোৱা। ইয়াৰ পিছত তোমাৰ আত্মা আৰু বিকশিত হয়। তেতিয়া সি অৰ্থাৎ তুমি গছ লতাৰ ৰূপ ধৰি থাকিব নোৱৰা হোৱা, গতিকে এটা লৰিচৰি ফুৰিৰ পৰা শৰীৰ গ্ৰহণ কৰা, অৰ্থাৎ প্ৰথমে পশু যোনিত জনম লোৱা। এই শৰীৰত থাকি থাকি আকৌ যেতিয়া তোমাৰ আত্মা আৰু বিকাশ পায়, তেতিয়া তুমি পশু শৰীৰ এৰি মনুষ্য শৰীৰ গ্ৰহণ কৰা। এই ক্ৰম ধৰি চৈতন্যময় শক্তিৰ আদিৰ কণা শৰীৰ সলাই ফুৰে। জীৱবিলাক এইদৰে উন্নতি কৰি উদ্ভিদৰপৰা পশু, পশুৰপৰা মানুহ হোৱা কথা অবিশ্বাস কৰিবৰ কোনো কাৰণ নাই। আধুনিক পণ্ডিতসকলেও এই কথাৰ প্ৰমাণ পাই তাক সঠিক বুলি মানি গৈছে। লিখকে গছৰ পাত গাগিনী হোৱা নিজ চকুৰেই দেখা পাইছে। পাতটোৰ সৰহভাগেই গাগিনী পোকৰ ৰূপ ধৰিছিল, কেৱল ঠেঙৰ আগ কেইটা আৰু ডেউকাৰ আগ কেইটা পাতেই আছিল। মুখখন সম্পূৰ্ণে গাগিনীৰ মুখৰ আকৃতি ধৰিছিল, তথাপি তেতিয়া পাতটো সৰি পৰা নাছিল; গছৰপৰা তাক ছিঙ্গি আনিব লগীয়া হৈছিল। ছিঙ্গি আমি এৰি দিয়াত বুলি ফুৰিছিল। এই গাগিনীটো প্ৰায় দহ বাৰ দিনমান জীয়াই আছিল, তাৰ পাছত মৰিল। বোধ কৰোঁ, অকালত গছৰপৰা ছিঙ্গি ননাহেঁতেন, পূৰ্ণকালত গাগিনীটো নিজেই [ ৬২ ] গছৰপৰা সৰি পৰিলেহেঁতেন। সি যেই নহওক, গজন জীৱই যে কালত গমন জীৱৰ মূৰ্ত্তি ধৰে ই ধ্ৰুব কথা। কিন্তু এইদৰে শৰীৰ পৰিবৰ্ত্তন এদিনত বা এবছৰত নহয়। তুমি শিলৰ মূৰ্ত্তি ধৰি কোন ঠাইত, বা কোন খনিত কিমান যুগ পৰি আছিলা কোনে কব? সেইদৰে গছ বা লতা হৈ তাৰ পাছত পশু হৈ কিমান কাল ক’ত আছিলা তাকো কব নোৱাৰি। এই পৰিবৰ্ত্তনৰ যে কোনো এটা সময় নিৰ্দ্ধাৰিত নাই এনে নহয়। বিশ্বৰ কোনো কথাই উলামুলাকৈ নহয়, সকলো এটা বিধি বা নিয়ম অনুসৰি হয় বা চলে। আমি কোনো কোনো নিয়ম বহুত দিন দেখি দেখি জানিছোঁ। কিমান দিন উমনি দিলে বা কি পৰিমাণ তাপ দিলে হাঁহৰ বা কুকুৰাৰ কণী জগে, তাক আমি দেখি দেখি কবপৰা হৈছোঁ। সেইদৰে মানুহৰ বা গৰুৰ বা হাতীৰ পোৱালী কিমান দিনৰ মূৰত ওপজে তাকে কব পৰা হৈছোঁ। কিছুমান কথা চাবৰ উপায় নাই, সেই দেখি সেইবোৰ কথাৰ সময় আমি কব নোৱাৰোঁ। শিল এটা কিমান দিনত গছ বা লতা হয়, তাক চাবলৈ সুচল নাই, কিমান দিনত বান্দৰে এটা মানুহ হৈ জনম ধৰে, তাকো চাবলৈ সুচল নাই। কিন্তু যে এটা মূৰ্ত্তি এৰি আন এটা মূৰ্ত্তি ধৰিবলৈ বহুত যুগ লাগে এই কথাত একণো সন্দেহ নাই। এই দৰে জন্ম পৰিবৰ্ত্তন হোৱাত নানা ঠাইত তোমাৰ বংশ থাকিব পাৰে। তুমি যেতিয়া গছ বা লতা আছিলা, তেতিয়া তোমাৰ গুটিৰপৰা বা শিপাৰপৰা [ ৬৩ ] পুলি হৈছিল, সেই পুলিৰ আকৌ পুলি হৈছিল। গতিকে আজিলৈকে তোমাৰ লতা জীৱনৰ বংশ কৰবাত আছে। হয়তো তোমাৰ পদূলিৰ আগত থকা বকুল গছ জোপাই তোমাৰ উদ্ভিদ জীৱনৰ বংশ। এইদৰে তোমাৰ ঘৰৰ ঘুঁৰীজনী তোমাৰ পশু জীৱনৰ পৰশ হব পাৰে। তোমাৰ ওচৰচুবুৰীয়াৰ ভিতৰত বা আন ঠাইত তোমাৰ মনুষ্য জীৱনৰ বংশ পৰিয়াল থাকিব পাৰে বা আছে। যেতিয়া আদিৰ চৈতন্য-কণাটো উন্নতি কৰি মনুষ্য জীৱনৰো ওপৰলৈ যায় তেতিয়া সি দেৱতা হয়, অৰ্থাৎ তেতিয়া আৰু তাক স্থূল দেহ নালাগে, কেৱল সূক্ষ্ম দেহেৰেই থাকিব পৰা হয়। দেৱতাৰ ভিতৰতো কেইবা শ্ৰেণীও আছে, সিবিলাক এটাইৰেই শৰীৰ সূক্ষ্ম। মানুহৰ শৰীৰটো হেনো কেইবা খলপীয়াও। এটা খলপ স্থূল এইটোকে আমি চকুৰে দেখোঁ। বাকীবোৰ সূক্ষ্ম, চকুৰে নেদেখি। মৰণত মানুহৰ স্থূল খলপটোৰ পতন হয়, বাকীবোৰ, অৰ্থাৎ সূক্ষ্ম খলপবোৰ থাকে। আদিৰ চৈতন্য কণাটোৱে, অৰ্থাৎ আত্মাটোৱে হেনো বাকীবোৰকে লৈ ওলাই যায়। বাকী খলপৰ ভিতৰতো, অৰ্থাৎ সূক্ষ্ম খলপৰ ভিতৰতো ডাঠ পাতল আছে। স্থূল খলপৰ পাচতে যি খলপ ওলায় সি সূক্ষ্ম খলপবোৰৰ ভিতৰত ডাঠ। ইয়াকে প্ৰেত শৰীৰ বোলে। প্ৰেতবিলাক নিচেই নামনিৰ দেৱতা। কালত এই খলপাৰো পতন হয়, তেতিয়া আত্মাটো বাকী কেইখলপলৈ ওলাই যায়। তেতিয়া সি ওপৰ খাপৰ দেৱতা হয়। এইদৰে [ ৬৪ ] এটাৰ পাচত এটা খলপা এৰি আত্মাটো উধাই গৈ থাকে, অৰ্থাৎ তলৰ খাপৰ দেৱতাৰ পৰা ক্ৰমে উধাই গৈ ওখ খাপৰ দেৱতা হয়, অৰ্থাৎ ইন্দ্ৰত্ব লাভ কৰে, বা আন কোনো ওখ খাপৰ দেৱতাৰ ঠাইত ওলায় গৈ। নামনিৰ খাপৰ দেৱতা কেতিয়াবা কৰ্ম্মফলত নামি আহি স্থূল শৰীৰ পাব পাৰে, অৰ্থাৎ আকৌ মানুহ বা আন কিবা স্থূলদেহী প্ৰাণী হব পাৰে। যাওক, সেই কথা বিচাৰৰ বিষয় নহয়। সম্প্ৰতি কথা এই যে, মানুহ মৰি, অৰ্থাৎ স্থূল খলপ এৰি আদিতে প্ৰেত-দেৱতা হয়, তাৰ পাচত প্ৰেত শৰীৰ এৰি তাতকৈ ওখ খাপৰ দেৱতা হয়। এইদৰে অনুক্ৰমে উধাই যাওঁতে সূক্ষ্ম খলপা এটাও নাইকিয়া হয়। তেতিয়া আত্মা অৰ্থাৎ আদিৰ চৈতন্য-কণাটো উদ্ধাৰ পায়, অৰ্থাৎ সি আৰু কোনো শৰীৰত বাস কৰিব নলগা হয়। তেতিয়া কণাটো মূল চৈতন্যময় শক্তি মিহলি হয় বা লীন যায়।
প্ৰাণী মাত্ৰৰে জীৱনৰ এটা নিৰ্দ্দিষ্ট সীমা আছে, অৰ্থাৎ কোন প্ৰাণী কিমান কাল জীব তাৰ সীমা নিৰ্দ্ধাৰিত কৰা আছে। আঁহত গছ ইমান দিন জীয়ে, তেতেলি গছ ইমান দিন জীয়ে, গৰু ইমান দিন, হাতী ইমান দিন, মানুহ ইমান দিন। এইদৰে সকলো জীৱৰে আয়ুসৰ কাল স্থিৰ কৰা আছে। আয়ুসৰ কাল আকৌ শৰীৰৰ প্ৰকাৰৰ ওপৰত নিৰ্ভৰ কৰে। হাতী এটাৰ শৰীৰ এনেভাবে গঠিত যে, সি ইমান বছৰতকৈ সৰহ দিন টিকিব নোৱাৰে। এই ব্যৱস্থাৰ গুণত [ ৬৫ ] এটা আত্মাই কেইবা বাৰো একে যোনিতে জনম লব পাৰে। বিবেচনা কৰা এটা আত্মাৰ হাতীৰ শৰীৰ এৰি বান্দৰ হবৰ সময় পূৰ হোৱা নাই, এনেতে হাতী বুঢ়া হল, অৰ্থাৎ হাতীটোৰ শৰীৰ যিমান দিন টিকিব পাৰে টিকিল, আৰু টিকিব নোৱৰা হল অৰ্থাৎ হাতীটো মৰিল। কিন্তু হাতীৰ মূৰ্ত্তি এৰিবলৈ এতিয়াও আত্মাটোৰ সময় নৌহয়। এতেকে তাক হাতীৰ এটা ন শৰীৰ লাগিল, এতেকে সি আকৌ হাতী হৈ জনম ধৰিলে। মনুষ্য শৰীৰৰো সেই কথা। এক বা দুই জন্মত তোমাৰ মনুষ্য শৰীৰ এৰিবৰ সময় নহব পাৰে। তেনেহলে তুমি উলটি উলটি ন ন মনুষ্য শৰীৰ লবা, অৰ্থাৎ মানুহ হৈ জনম ধৰিবা। মনুষ্য জন্মত প্ৰবৃত্তি অনুসাৰে জাত বা শ্ৰেণীভেদ হয়, অৰ্থাৎ যি আত্মাৰ যেনে প্ৰবৃত্তি সেই আত্মাৰ তেনে জাতত বা বংশত জন্ম হয়। এই বিধি মতে কোনো চণ্ডাল-বংশত, কোনো মেত-বংশত, কোনো ৰাজবংশত জন্ম পায়। এইদৰে নানা যোনি ভ্ৰমি ভ্ৰমি যেতিয়া কাল পূৰ হয়, তেতিয়া তুমি আদি শক্তি লীন হৈ নাইকিয়া হোৱা। এই অৱস্থাকে শাস্ত্ৰত মোঙ্গ বা নিৰ্বাণ বোলে। এই অৱস্থা পাবলৈ অতীজৰ পণ্ডিত সকলে যোগ ধ্যান আদি নানাবিধ উপায় উলিয়াই থৈ গৈছে।
আদিৰ চৈতন্যময় শক্তি নিৰ্ম্মল, সেই দেখি তাক নিৰঞ্জন বোলে। তাৰপৰা ওলাই অহা কণাবিলাক মলিয়ন। মলিয়ন বোলাত ধূলি বালি লাগি মলিয়ন হোৱা বুলি বুজিব [ ৬৬ ] নালাগে। চিতৰ মলি ধূলি বালি নহয়; ইয়াৰ মলি কাম, ক্ৰোধ, লোভ, মোহ আদি কুপ্ৰবৃত্তি আৰু দয়া ভক্তি আদি সুপ্ৰবৃত্তিবিলাকহে। আদি শক্তিত এইবিলাকৰ ভাঁজ নাই, ফাটি অহা কণাবিলাকত আছে। যেতিয়ালৈকে এই ভাঁজ থাকে তেতিয়ালৈকে কণাটি শৰীৰ ধৰি বেলেগ হৈ থাকে। যেতিয়া ভাঁজ গুছি নিভাঁজ হয়, অৰ্থাৎ নিৰঞ্জন হয়, তেতিয়া সি আদি শক্তি মিহলি হয়। আদিতে ভাঁজ সোমাল কিয়, সেই কথা নুসুধিবা, কিয়নো তাৰ উত্তৰ নাই বুলি আগেয়ে কোৱা হৈছে। এই বিষয়ত অতীজৰ মহাপুৰুষবিলাকৰ ভিতৰতো মতৰ মিল নাই। ধৰি লোৱা যে কিবা কাৰণত নিভাঁজ চৈতন্যত ভাঁজ সোমাই সেই অংশ ফাটি বেলেগ হৈ আহে, আৰু সেয়েই ভাঁজ এৰি নিভাঁজ হবলৈ নানা যোনিত নানা মূৰ্ত্তি ধৰি ফুৰে, শেহান্তৰত নিভাঁজ হৈ নাইকিয়া হয়, অৰ্থাৎ মাইকী চৈতন্যত লীন হয়। এইদৰে আদিৰ চৈতন্য শক্তি খুদ খুদ হৈ ফাটি আহি, নানা জন্ম ধৰি দুনাই ঘূৰি আগৰ ঠাই ওলাব লাগিছে, অৰ্থাৎ ন ন খুদ ওলাবই লাগিছে মাৰ যাবই লাগিছে। পানীৰ উতল ধৰিলে যেনেকৈ চামে চামে বুৰবুৰণি ওলাই মাৰ যায়, একে চাম বুৰবুৰণিয়েই নাথাকে, সেইদৰে আদি শক্তিৰো উতল ধৰি আছে বুলি ভাবাঁ। তাতে নানা জীৱ বুৰবুৰণিৰ নিচিনা ওলাই মাৰ যাব লাগিছে। এই বুৰবুৰণিয়েই সংসাৰ। ই কেতিয়াৰপৰা আৰম্ভ হৈছে কোনেও কব নোৱাৰে, আৰু [ ৬৭ ] কেতিয়া যে অন্ত হব, বা অন্ত হব নে নহয়, তাকে কব নোৱাৰে।
আদি শক্তিৰপৰা ফাটি অহা কণা, অৰ্থাৎ তুমি বা মই এদিন গৈ সেই শক্তিত লীন হম, কিন্তু আপোনা-আপোনি লীন হবলৈ বহুত যুগ লাগে, আৰু এই দীঘল কালৰ ভিতৰত বহুত বাৰ জন্ম আৰু মৰণ হয়। জন্ম মৰণ বৰ কষ্টদায়ক, সেই দেখি আগৰ মহাপুৰুষসকলে তাকে কমাবলৈ কেতবিলাক উপায় উলিয়াইছিল। যোগ সেই উপায়বোৰৰ এটা, ভক্তিও এটা। যোগ বা ভক্তি পথৰ আলম লৈ চিত্তৰ মলি সোনকালে গুচাব পাৰি, আৰু মলি যিমান গুচে সিমান জন্ম মৰণৰ সংখ্যা কমি যায়, গতিকে কষ্টও কমে। কিন্তু জন্ম মৰণ কমাৰ অৰ্থ কি? যিটি কণা আজি লীন হল, সেইটিয়েই আকৌ ফাটি ওলাই সংসাৰ ভ্ৰমিবলৈ আহে। এইদৰে অহা যোৱা কৰিবই লাগিছে। উতলি থকা পানী এচৰুত যি চাম বুৰবুৰণি এবাৰ ওলাল, সেই চাম মাৰ গৈ আকৌ এচাম ওলাল। পাছত নকৈ ওলোৱা চামত আগৰ মাৰ যোৱা চামৰ কোনোটো নাই নে? কিয় নহব? পানী মাখোন এচৰু। সেই পানীয়েই বুৰবুৰণি হৈ এবাৰ ওলাইছে এবাৰ মাৰ গৈছে, গতিকে মাৰ যোৱা বুৰবুৰণিয়েই ঘূৰি ঘূৰি ওলাব লাগিছে। এই কথাত খুকুৰি থাকিবৰ কোনো কাৰণ নাই। হব পাৰে যে যিটো বুৰবুৰণি ওলাই মাৰ গল, ঠিক সেইটোৱেই দুনাই নোলায়। কিন্তু পানী মাখোন একে চৰু। সেই পানীৰেই বুৰবুৰণি [ ৬৮ ] গঠিত হৈ ওলায়, গতিকে এটা মাৰ যোৱ বুৰবুৰণি সম্পূৰ্ণে দুনাই নোলালেও তাৰ যে অংশ এটা ন বুৰবুৰণিৰ ৰূপ ধৰি ওলায়, এই কথা নুই কৰিব নোৱাৰি। তেনেহলে উদ্ধাৰৰ অৰ্থ কি? মোক্ষৰ অৰ্থ কি? জন্ম মৰণৰ দুখ কেনেকৈ কমিল? একে পানীয়েই উতল ধৰি থকাই এবাৰ উঠে, এবাৰ মাৰ যায়, আকৌ উঠে আকৌ মাৰ যায়। উঠিলেই জন্ম, মাৰ গলেই মৰণ, গতিকে জনম মৰণ দিন ৰাতিৰ নিচিনা আহি গৈ আছে, আৰু আহি গৈ থাকিবও। বিশ্বৰ সকলো বস্তুতেই এই বিধিৰ কাৰ্য্য দেখা যায়, ইয়াৰ অন্যথা কতো নাই। তেনেহলে জন্ম মৰণ কমাবলৈ পুৰুষাৰ্থ কিয়? জন্ম মৰণ নিয়তি, সংসাৰৰ মূল কাৰণ, বিশ্বৰ মেৰুদণ্ড। জন্ম মৰণ নাইকিয়া হলে বিশ্ব কেনেকৈ ৰব? বিশ্ব এটা চকৰিৰ ঘূৰণ। ঘূৰণ বন্ধ হলে বিশ্ব নাই। জন্ম মৰণ এটা ঘূৰণ মাথোন, ইয়াক বন্ধ কৰিবলৈ চেষ্টা কৰা, আৰু বিশ্ব লোপ কৰিবলৈ চেষ্টা কৰা একে কথা। কিন্তু এই চেষ্টা বৃথা, কিয়নো বিশ্বত এনে কৌশল আছে যে, তাক লোপ কৰা সম্ভৱ নহয়। বিশ্ব আপুনি চলে, একোৰে আলম নালাগে। আদিতে গৰাকীয়ে যি আহুদি বান্ধি দিছে সেই আহুদিয়েই তাক চিৰকাল চলাই আছে, আৰু থাকিব। মানুহে ভাবে যে সিহঁতে ইচ্ছা কৰি মানুহৰ সংখ্যা বঢ়াব বা টুটাব পাৰে। কোনেও সংসাৰ নকৰিলে অৰ্থাৎ সংসাৰ আশ্ৰম গ্ৰহণ নকৰিলে মানুহ জাতি অচিৰে লোপ পায়। হয়, ইচ্ছা কৰিলে মানুহ [ ৬৯ ] জাতি লোপ কৰিব পাৰি, কিন্তু অকল মানুহ জাতিয়েই সংসাৰ বা জগৎ নহয়। এই জগতত অনন্ত কোটি জীৱৰ বাস, আৰু সেইবিলাক জীৱ চামে চামে ওলাই মাৰ যাব লাগিছে। তাক বন্ধ কৰিবা কেনেকৈ? বিৰিণাৰ ফৰিংটি, গছৰ চৰাইটি, হাবিৰ হাতী মহ সংসাৰৰ প্ৰজা। সিহঁতে নিয়তিৰ ডঁৰিয়লিত সংসাৰ বঢ়াব লাগিছে। সিহঁতক হাক দিবা কেনেকৈ? হাজাৰ বাৰ ভাঙ্গি দিলেও টুনিয়ে তাৰ বাহ বান্ধে আৰু সংসাৰ বঢ়ায়। লক্ষ বাৰ ভাঙ্গি দিলেও মৌৱে চাক সাজে, তাক হাক দিবা কেনেকৈ? এইদৰে জগতৰ প্ৰাণী মাত্ৰেই সংসাৰ বঢ়োৱাত ব্যস্ত। সংসাৰত সিহঁতৰ ৰাপ দেখিলে বিস্ময় মানিব লাগে। মানুহে যদিও সংসাৰ আশ্ৰম এৰিব পাৰে, আন জীৱ জন্তুৱে এৰিব নোৱাৰে। সংসাৰ কৰা সিহঁতৰ এটা ব্যাধি। সময় পৰিলে সিহঁতে পোৱালি নুফুকোৱাকৈ থাকিব নোৱাৰে। মানুহ সংসাৰ আশ্ৰম এৰি লোপ হলেও আনবিলাক জীৱ থাকিব। পানীত মাছ মগৰ, আকাশত চৰাই চিৰিকটি, হাবিত হৰিণা সদায় থাকিব। এতেকে সংসাৰ লোপ কৰাৰ চেষ্টা বৃথা। মানুহ নোহোৱা হব পাৰে, কিন্তু তাৰপৰা জগতৰ কি দইন পৰিব? যেনে জগত তেনেই থাকিব। পৃথিবী হবৰপৰা কত জাতি জন্তু লোপ হৈছে, আৰু কত ন জাতি ওলাইছে। সেইদৰে মানুহ জাতি লোপ হৈ আন কিবা এক জাতিৰ জীৱ ওলাব পাৰে, বা নোলাবও পাৰে, তাৰপৰা জগতৰ বা সংসাৰৰ [ ৭০ ] হানি বিঘিনি একো নাই। এতেকে আদি শক্তি লীন যাবলৈ, অৰ্থাৎ মোক্ষ লাভ কৰিবলৈ চেষ্টা কৰাৰ কোনো সকাম দেখা নাযায়।
বিশ্ব লোপ হব পাৰে, যদি আদি শক্তিৰপৰা কেটামান লেখৰ কণা ফাটি ওলাইছে, তাতকৈ আৰু সৰহকৈ ওলোৱা নাই বা নোলায়। কিন্তু তালৈ মানুহে কাৰবাৰ কৰিব লাগিছে কিয়? বিশ্বৰ গুৰি কথা যদি সেয়েই হয়, তেনেহলে সি কাল পূৰ হলে আপোনা-আপুনি লোপ হব। কিয়নো, ফাটি অহা কণা কালৰ গতিত এটি এটিকৈ উদ্ধাৰ হৈ এক সময়ত শেষ হবই লাগিব, আৰু কণাবিলাক এইদৰে উদ্ধাৰ হৈ শেষ হলে বিশ্ব লোপ হব। কিন্তু সৃষ্টিৰ নিয়মলৈ চালে কেইটামান লেখৰ কথা কোনবা এক যুগত ফাটি আহি সেয়েই ঘূৰি ঘূৰি ভ্ৰমি ভুমি বিশ্ব পতা বুলি বিশ্বাস নহয়। বিশ্বৰ সকলো বস্তুৱেই অৰ্থাৎ গছ লতা, পশু পক্ষী, পোক পৰুৱা চামে চামে ওলোৱা আৰু মাৰ যোৱা দেখা যায়। চকুৰ আগত এই দৃষ্টান্ত দেখিও বিশ্বখন কেৱল কেইটামান লেখৰ বস্তুৰ সমষ্টি বুলি পতিয়াবলৈ বৰ টান। নিশ্চয় বিশ্বখন আদি শক্তিৰ উতল আৰু বিশ্ববাসী চেতন অচেতন সকলোবস্তু সেই উতলৰ বুৰবুৰণি। এয়েই যদি হয়, তেন্তে নিৰ্বাণ কি? উদ্ধাৰ কি? মোক্ষ কি?
বিশ্বৰ অন্ত আৰু এক ৰকমে হব পাৰে। যদি আদি শক্তি উতলিবলৈ এৰে, তেনেহলে বিশ্ব একে তিলে নাইকিয়া [ ৭১ ] হব। কোনো কোনো দৰ্শনত উতল অনাদি বুলি নকয়। আদি শক্তিৰ উতলক শাস্ত্ৰত স্পন্দন বুলিছে। সেই স্পন্দন হেনো আগেয়ে নাছিল। আগেয়ে আদি শক্তি স্থিৰ চৰিয়াৰ পানী যেন অলৰ-অচৰ আছিল। পাছত কিবা কাৰণত-শাস্ত্ৰত কয় আদি শক্তিৰ ইচ্ছাত—স্পন্দন আৰম্ভ হল। যেই স্পন্দন, সেই বিশ্বৰ উৎপত্তি। যদি আদি শক্তি কেতিয়াবা নিশ্চল আছিল, তেনেহলে কেতিয়াবা আকৌ নিশ্চল হব পাৰে, আৰু তেতিয়া বিশ্ব আপোনা-আপুনি অন্তৰ্দ্ধান হব। বিশ্বৰ যদি এই দৰেই উৎপত্তি, তেও তাক অকালত লোপ কৰিবলৈ চেষ্টা কৰা বৃথা। কাৰণ, যিমান দিন স্পন্দন অৰ্থাৎ উতল থাকে, তুমি ওলাই সোমাই থাকিবই লাগিব। এই যাতায়তৰ হাত কেনেকৈ এৰাবা?