পৃষ্ঠা:চিন্তা-কলি.djvu/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬১
চিন্তা-কলি।

এটা আত্মাই কেইবা বাৰো একে যোনিতে জনম লব পাৰে। বিবেচনা কৰা এটা আত্মাৰ হাতীৰ শৰীৰ এৰি বান্দৰ হবৰ সময় পূৰ হোৱা নাই, এনেতে হাতী বুঢ়া হল, অৰ্থাৎ হাতীটোৰ শৰীৰ যিমান দিন টিকিব পাৰে টিকিল, আৰু টিকিব নোৱৰা হল অৰ্থাৎ হাতীটো মৰিল। কিন্তু হাতীৰ মূৰ্ত্তি এৰিবলৈ এতিয়াও আত্মাটোৰ সময় নৌহয়। এতেকে তাক হাতীৰ এটা ন শৰীৰ লাগিল, এতেকে সি আকৌ হাতী হৈ জনম ধৰিলে। মনুষ্য শৰীৰৰো সেই কথা। এক বা দুই জন্মত তোমাৰ মনুষ্য শৰীৰ এৰিবৰ সময় নহব পাৰে। তেনেহলে তুমি উলটি উলটি ন ন মনুষ্য শৰীৰ লবা, অৰ্থাৎ মানুহ হৈ জনম ধৰিবা। মনুষ্য জন্মত প্ৰবৃত্তি অনুসাৰে জাত বা শ্ৰেণীভেদ হয়, অৰ্থাৎ যি আত্মাৰ যেনে প্ৰবৃত্তি সেই আত্মাৰ তেনে জাতত বা বংশত জন্ম হয়। এই বিধি মতে কোনো চণ্ডাল-বংশত, কোনো মেত-বংশত, কোনো ৰাজবংশত জন্ম পায়। এইদৰে নানা যোনি ভ্ৰমি ভ্ৰমি যেতিয়া কাল পূৰ হয়, তেতিয়া তুমি আদি শক্তি লীন হৈ নাইকিয়া হোৱা। এই অৱস্থাকে শাস্ত্ৰত মোঙ্গ বা নিৰ্বাণ বোলে। এই অৱস্থা পাবলৈ অতীজৰ পণ্ডিত সকলে যোগ ধ্যান আদি নানাবিধ উপায় উলিয়াই থৈ গৈছে।

 আদিৰ চৈতন্যময় শক্তি নিৰ্ম্মল, সেই দেখি তাক নিৰঞ্জন বোলে। তাৰপৰা ওলাই অহা কণাবিলাক মলিয়ন। মলিয়ন বোলাত ধূলি বালি লাগি মলিয়ন হোৱা বুলি বুজিব