চিন্তা-কলি/সুমৰণ

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search

সুমৰণ

[ ৭২ ]
 
সুমৰণ।
 

বিতোপন দেশ, সুখৰ ৰাজ্য, আনন্দৰ অময়া পুৰী। এই দেশত মোৰ ঘৰ। ইয়াত বিষাদ নাই, বিকাৰ নাই, নিকাৰ নাই, আশা নাই, দুৰাশা নাই, কামনা নাই আৰু নাই ইয়াত আন্ধাৰ। মোৰ দেশত সূৰ্য্য নাই, তেও সদায় পোহৰ; চন্দ্ৰ নাই, তেও জোনাক; মলয়া নাই, তেও জুৰ; ফুল নাই, তেও গোন্ধত আমোলমোল। মোৰ দেশত কোনো ঠাই দূৰৈ নহয়, কোনো ঠাই ওচৰ নহয়, সকলো বস্তু সকলো ঠাইতে সদায় আছে। ইয়াত আজি নাই, কালি নাই বা পৰশু নাই। ইয়াত সদায় আজি, অনন্ত আজি। ইয়াত কালৰ বন্ধন বা দেশৰ জেওৰা নাই। ইয়াত সকলো প্ৰাণী সকলো ঠাইতে আছে, আৰু সদায় আছে। এই বিচিত্ৰ দেশত মোৰ ঘৰ। ই বিষাদবিবজ্জিত দেশ। ইয়াৰ ভাষাত বিষাদ কথা নাই, ইয়াৰ প্ৰাণীবিলাকে বিষাদ কি নাজানে, ইহঁতৰ বিষাদৰ ধাৰণা নাই। এই দেশত মোৰ চৈধ্য পুৰুষীয়া খিলঞ্জি ঘৰ। ইয়াত মোৰ পিতা, পিতামহ, প্ৰপিতামহ, প্ৰপিতামহৰ প্ৰপিতামহ, আৰু তেওঁৰ প্ৰপিতামহ বাস কৰিছিল। ময়ো ইয়াত বাস কৰিছিলোঁ। ইয়াত মই আনন্দময় আছিলোঁ। ইয়াত মই স্থিতি, চেতনা আৰু [ ৭৩ ] আনন্দ এই জিনি বস্তুৰ সমষ্টি আছিলোঁ, এই তিনিৰ বাহিৰে মোত আন বস্তু নাছিল। মোৰ শৰীৰৰ ভাৰ নাছিল, শৰীৰ বতাহ যেন পাতল আছিল। মই গোটেই দেশ জিনি আছিলোঁ। পানী যেনে পুখুৰী ভৰি থাকে, বতাহ যেনে দেশ ভৰি থাকে, সেইদৰে ময়ে দেশ ভৰি আছিলোঁ। মোৰ ইচ্ছাময় দেশ, ইচ্ছাত সকলো হয়, সকলো জন্মে, আৰু সকলো নোহোৱাও হয়। এই বিনন্দীয়া দেশত মোৰ ঘৰ, এই আপুৰুগীয়া ঠাইত মোৰ বাস, ইয়াতে মোৰ বিনন্দ-বিলাস গৃহস্থালি আছিল।

 এদিন হঠাৎ বিকাৰ, হঠাৎ পোহৰ দেশ আন্ধাৰ হল, ফৰকাল দেশত ঘন কুঁৱলিয়ে দেখা দিলে। মই একো নেদেখা হলোঁ। দেশ ভৰি থকা মই কোঁচ খাই সৰু হলোঁ। এটি খুদ বা অণু বা পৰমাণু যেন হলোঁ। নহয়, তাতোকৈ সৰু হলোঁ, ইমান সৰু হলোঁ যে, মই কথাৰে প্ৰকাশ কৰিব নোৱাৰোঁ। মুঠতে কব লাগিলে মই বিভাগবিবৰ্জ্জিত বা অবিভাজ্য হলোঁ। মোৰ স্থিতি, চেতনা আৰু আনন্দ তিনিও সেই সৰু বস্তুত সোমাল। তাৰ পাছে কি হল আৰু মই কব নোৱাৰোঁ, আৰু আছিলোঁ নে নাছিলোঁ মোৰ মনত নাই। মোৰ জ্ঞান হেৰাল।

 মই আকৌ হঠাৎ সাৰ পালোঁ। মই এতিয়া সেই দেশত নাই। এতিয়া যত আছোঁ, ই ভিন দেশ, ই দেশ নহয়, বিদেশ। ইয়াত মোৰ দেশৰ একো নাই, ইয়াত সকলো ভিন, [ ৭৪ ] এনে ভিন যে তুলনা দিব নোৱাৰি। ই সৰু দেশ, ইমান সৰু যে ই মোৰ দেশৰ এচুকো নভৰে। ইয়াত সদায় পোহৰ নাথাকে, মাঝে মাঝে আন্ধাৰ হয়। বিষাদ ইয়াৰ খিলঞ্জি অধিবাসী, আনন্দ ওপঙতীয়া বিষাদ ইয়াৰ গিৰিহত, আনন্দ আলহি, এই আছে, এই নাই। ইয়াত দেশ আৰু কালৰ অখণ্ড প্ৰতাপ। ইয়াত জীৱনৰ বাধা বিঘিনি বহুত, জীৱৰ শত্ৰু অলেখ। মই সাৰ পাই পোন প্ৰথমে দেখিলোঁ পোহৰ। ‘সাৰ পাই’ বুলিলোঁ হয়, কিন্তু দৰাচল পক্ষত সি সাৰ পোৱা নহয়, কিয়নো, তেতিয়া মোৰ আগৰ জ্ঞান নাছিল,মই কোন, কৰ, কেনেকৈ ইয়াত আহি ওলালোঁ, একো কব নোৱাৰিছিলোঁ। সি যেইবা নহওক, মই জয়জয়তে পোহৰ দেখিলোঁ। আৰু কিবাকিবি দেখিলোঁ, মনত নাই, বা যি দেখিলোঁ। তেতিয়া বুজিব নোৱাৰিলোঁ। কেৱল মনত পৰে, মই যেন কিহবাৰ মাজত বন্ধ হৈ আছোঁ। এইদৰে কিছুকাল যোৱাৰ পাছত বুজিলোঁ যে, মই পৃথিবীত। এওঁ মোৰ আই, এওঁ বোপাই। এওঁলোকে মোক খুৱাই-ধুৱাই লালি-পালি ডাঙৰ কৰিব; আৰু বুজিলোঁ যে এই মোৰ ঘৰ, এই মোৰ দেশ, ইয়াতে চিৰকাল বাস কৰিব লাগিব। এই জ্ঞান বান্ধি লৈ জীৱনৰ পথত যাত্ৰা কৰিলোঁ। কিছুমান দিন উকলি গল, ময়ো জীৱন-পথত কিছুমান আগুৱালোঁ। এদিন আই বোলা জনা হঠাৎ দীঘল হৈ পৰিল, উঠিব নোৱৰা হল। বোপাই বোলা জনাই কান্দিলে, আৰু ওচৰ চুবুৰীয়াবিলাকে আই [ ৭৫ ] বোলা জনাক পৰি থকা ঠাইৰপৰা তুলি নি কতবা থৈ আহিল; কলৈ নিলে, কত খলে মই কব নোৱাৰিলোঁ, কিন্তু তেওঁ আৰু দুনাই উলটি নাহিল। বোপাই বোলা জনাই মোক পতিপাল কৰিবলৈ ধৰিলে। আইৰ কথা সুধিলে তেওঁ কয় বোলে তোৰ আয়েৰ মৰিল, তেৱোঁ হেনো কেতিয়াবা এদিন মৰিব। এই কথা শুনি মোৰ মূৰ্দ্ধাছুট হল, মূৰ আচন্দ্ৰাই কৰিবলৈ ধৰিলে; ভয় হল যে, বোপায়ো যদি এইদৰে মৰে, তেন্তে মোৰ গতি কি হব। কিছুমান দিন গলত মই আইৰ কথা পাহৰিলোঁ। বোপাইৰ আপডালত জীৱনপথত আৰু কিছু আগ বাঢ়িলোঁ। তেতিয়া বোপয়ে মোক জ্ঞান আৰ্জ্জিবলৈ কলে, আৰু কলে যে জ্ঞান জীৱন-পথৰ বন্তি; তেলৰ বন্তি নহলে যেনে আন্ধাৰ বাটত যাবলৈ টান, জ্ঞানৰ বন্তি নহলেও জীৱনৰ বাটত যাবলৈ টান। তেওঁ আৰু কলে, যে বিদ্যাইহে জ্ঞান দিয়ে, এতেকে পোন প্ৰথমে বিদ্যা আৰ্জিব লাগে। এই কথা শুনি মই বিদ্যা শিকিবলৈ ধৰিলোঁ। মানুহে মোৰ বুদ্ধি চোকা বুলি কৈছিল। কিছুমান দিনৰ ভিতৰতে মই বিদ্যাত পৈণত হৈ উঠিলোঁ। এই সময়তে বোপাই বোলা জনাও মৰিল। তেওঁ আই মৰাদৰে মৰিল, অৰ্থাৎ এদিন তেৱোঁ দীঘল হৈ পৰিল, মাত-বোল এৰিলে, আৰু হাত ভৰিৰ লৰচৰ নোহোৱা হল। ওচৰ-চুবুৰীয়াবিলাক আহি তেওঁক তুলি লৈ গল, ময়ে লগত গলোঁ। আমাৰ ঘৰৰ দক্ষিণ ফালে মৰিশালি, আমি তাতে তেওঁক পুৰি থৈ [ ৭৬ ] আহিলোঁ। বোপাই মৰাৰ পাছত মই বুজিব পাৰিলোঁ যে, আই বোপাইৰ দৰে পৃথিবীৰ সকলো মানুহ মৰে, অকল মানুহ নহয়, সকলো প্ৰাণী মৰে, ময়ো এদিন মৰিম, প্ৰাণীবিলাক পৃথিবীত সদায় নাথাকে, কিছুমান দিন থাকি কৰবালৈ যায়।

 বোপাই মৰিবৰ দিন ধৰি মই জীৱনপথত অকলশৰে চলি আছোঁ, আজি বহুত দিন চলি আছোঁ। বিদ্যা-বুদ্ধিৰ গুণত মোৰ সাংসাৰিক সুখৰ আহিলা বহুত গোট খাইছে। মোৰ একোৰে নাটনি নাই। মই পৰম সুখত আছোঁ। বহুত বাট গলে মানুহৰ পাচলৈ উলটি চাবৰ মন যায়, মোৰো মন যায়। মই জীৱনৰ বাটটো মাজে মাজে উলটি চাওঁ, চালে দেখোঁ যে, মোৰ পাচত বহুত প্ৰাণী আহিব লাগিছে। জীৱনৰ বাটত বহুত সন্ধি আছে। মই কৌশলেৰে সেই সন্ধিবিলাকৰ হাত এৰাই সুকলমে আহিছোঁ। কিন্তু মোৰ পাচত অহাবিলাকৰ ভিতৰত দুই-চাৰি জন সন্ধিত পৰিছে আৰু নিকাৰ ভুঞ্জিছে। উলটি চালে আৰু দেখা পাওঁ যে, সন্ধিৰ ঠাইবিলাক গুপ্ত ঠাই, সহজে দেখা নাযায়। এতিয়া জানিব পাৰিছোঁ যে, বাটত মোৰ বহুত ভুল হৈছে। বাটত মোৰ যি কষ্ট হল সি কেৱল সেই ভুলবোৰৰ নিমিত্তে আৰু ভুলবোৰৰ ফলাফল এতিয়াও মোৰ জীৱনত আছে। মই মাজে মাজে ইয়াৰ আগেয়েও উলটি চাইছিলোঁ আৰু বাটৰ ভুল দেখিছিলোঁ, বাকী বাটত কিছুমান ভুল শুধৰালোঁ, কিন্তু সকলোবোৰ শুধৰাব নোৱাৰিলো। [ ৭৭ ] কিছুমান ভুল খন্তেকীয়া, সিহঁতৰ ফলাফল তেতিয়াই উপজি তেতিয়াই মাৰ গল; কিন্তু কিছুমান যুগমীয়া, সিহঁতৰ ফলাফলে জীৱনৰ সাঁফি লৰাই দিয়ে, বাকী জীৱনৰ গতি আন এফালে পোনাই দিয়ে। মই যত উঠিব লাগিছিল বা উঠিব খুজিছিলোঁ, বাটৰ ভুলৰ নিমিত্তে তাত উঠিব নোৱাৰি আন ঠাইত উঠিছোঁ। মোৰ আগত যোৱা কিছুমান মানুহে বাটত তেনেবিলাক ভুল কৰা নাছিল, সেই দেখি তেওঁলোক ভাল ঠাইত উঠিছে। বাটৰ ভুলবোৰৰ নিমিত্তে মোৰ এতিয়া মাজে মাজে অনুতাপ অনুশোচ হয়, কিন্তু হলে কি হব। সেই ভুল শুধৰণিৰ বাজ। জীৱনৰ বাকী পথ ডোখৰত আৰু তেনে ডাঙৰ ভুল নহলেই ৰক্ষা। আন কিছুমানতকৈ যে মোৰ ভুল কম হৈছিল ই নিশ্চয়, কিয়নো, মই সিহঁততকৈ সুখে আছোঁ। বাটৰ ভুল এতিয়াও এটাইবিলাক দেখা পাইছোঁ নে নাই মই ভালকৈ বুজিব পৰা নাই। বোধ কৰোঁ এটা ভুল কতবা লুকাই আছে। মনত তাৰ ফলৰ গম পাওঁ, কিন্তু ভুলটো ধৰিব নোৱাৰোঁ। বোপাই মৰিবৰ দিনা কিহবাই মোৰ মনত এটা খুন্দা মাৰিছিল বা চিকোট মাৰিছিল। সেই খুন্দা বা চিকোটৰ বিষ এতিয়াও মাজে মাজে উক্ দিয়ে। কিহে খুন্দিয়ালে, কিহে চিকুটিলে মই ভাবি চিন্তি উলিয়াব পৰা নাই, উলিয়াব পাৰিলে এই ভুলটো সংশোধন হলহেঁতেন। অথবা এইটো ভুল নহয়, মনুষ্যজাতিৰ বা জীৱজাতিৰ ভুল বা প্ৰকৃতিৰ গুপ্ত কথা; সি যেইবা নহওক, [ ৭৮ ] ইয়াৰ ফল বেয়া। ই গোটেইটো জীৱনৰ অমৃত ধাৰৰ মাজত এটা গৰলৰ ধাৰৰ নিচিনা সমানে বৈ গৈছে। ইয়াৰ নিমিত্তে সুখীয়া জীৱনত দুখ, শান্তিময় জীৱনত অশান্তি হৈছে। হায়! কোনে কৈ দিব, মই কৰপৰা আহিলো, কলৈ যাম? কোনে কৈ দিব, শেষ কত? ইয়াত নে আৰু কৰবাত? কোনে কৈ দিব, মৰণ কি? নিৰ্ব্বাণ লোপ নে কলেৱৰ সলনি মাথোন? এই উগুল-থুগুলনি কেতিয়া মৰিব? কেতিয়া জীৱনৰপৰা এই সন্দেহৰ ভাৰ আঁতৰ হব?

 এদিন শাওন মহীয়া কালত, বৰ জহত, দিনমানটো মানুহ চট‌্‌ফটাই আছিল। কোনোৱে আঁহত গছৰ তলত, কোনোৱে বা বৰ গছৰ তলত বহি বিচনীৰে সখি বান্ধি খন্তেকীয়া জুৰণি লৈ গধূলি কেতিয়া হয় ভাবি আছিলো। যেই বেলি হালি গৈ পাটৰ ওচৰ চাপিল সকলোৱে বিচনী আছাৰি পেলাই, কোনোৱে ঘৰৰপৰা কোনোৱে গছৰ তলৰপৰা ব্ৰহ্মপুত্ৰৰ ফাললৈ বাট ললে। ময়ো মোৰ সাতামপুৰুষীয়া বকুল গছৰ তলত বহি দিনটো কটালোঁ, এতিয়া গধূলি হোৱা দেখি ব্ৰহ্মপুত্ৰৰ জল-বা লবৰ মনেৰে নৈৰ দাঁতিলৈ গলোঁ। এই খণ্ড ব্ৰহ্মপুত্ৰৰ দুয়ো দাঁতিয়ে পৰ্ব্বত, কোনো খন ওখ কোনো খন চাপৰ। নৈৰ মাজতো দুই এটা টিলা আছে হে। নৈৰ পাৰৰ এটা টিলাত এখনি দেৱালয়। টিলাৰ টিঙত দেৱালয়ৰ মঠ মন্দিৰ, তলেদি অৰ্থাৎ ঠেঙেদি ব্ৰহ্মপুত্ৰ বৈ গৈছে। মই সেই দেৱালয়লৈ গলোঁ। শাওণৰ লুইত ভৰপূৰ, পানী [ ৭৯ ] দোকোলটঁকা, পানীৰ বেগ দেখিলে ভয় লাগে। অসীম অসংখ্য ইকৰা খাগৰিৰ জাঁজি লৈ মহা বলী ব্ৰহ্মপুত্ৰ ফেনে ফোত্‌কাৰে, হুঙ্কাৰ ছাৰি, পাছলৈ উলটি নোচাৱাকৈ যাব লাগিছে। কোনো কোনো ঠাইত শিলত পানী পৰি হুলস্থূল লাগিছে। দেৱালয়ৰ অৱস্থা এতিয়া জীৰ্ণ, নাটমন্দিৰ, জগমোহন কোনবা কালতে ভাগি গৈছে। নাটমন্দিৰৰ পকা ভেঁটিটো মাথোন আছে, আৰু দেৱতাৰ আচল মন্দিৰটো আছে। ভাগি যোৱা ঘৰৰ ইটা আৰু শিলবোৰ চাৰিওফালে লাং লাং থাং থাং হৈ পৰি আছে, যেন কোনবা ভীমপৰাক্ৰমী দৈত্যই সকলোকে ভাঙি ছিঙি দলিয়াই পেলাইছে। ই কালদৈত্যৰ কুকীৰ্ত্তি। দেৱালয়ৰ চাৰিও মেৰে ইটাৰ গড়, পুৰীৰ ভিতৰত সোমালে বাজৰপৰা কেও দেখা নেপায়। নাটমন্দিৰৰ পকা ভেঁটিৰ এচুকে এটা সুন্দৰ নিমজ চাৰিচুকীয়া শিল পৰি আছে। মই সেই শিলটোতে বহিলোঁ। তাৰ পশ্চিমৰ ফাললৈ চালে লুইতৰ এডোখৰ দীঘল দেখা যায়, বোধ হয় যেন নৈ খন পশ্চিমে গৈ মেঘত লাগিছে, আৰু যেন সিফাললৈ যাব নোৱাৰি পৃথিবী ফালি তাৰ তললৈ সোমাই গৈছে।

 এতিয়া বেলি পাটত বহিছে। কি অপৰূপ পয়োভৰ। কোন ৰজা, কোন সম্ৰাট, কোন কালত এনেকুৱা পয়োভৰেৰে পাটত বহিছিল? নানানবিধ পোৱালে-বাখৰে সজোৱা হেঙ্গুলীয়া সিংহাসন, তাতে সূৰ্য্যদেৱ নিজৰ জেউতিৰে পশ্চিম [ ৮০ ] আকাশ উজ্জ্বল কৰি বহি আছে। তেওঁৰ চাৰিওফালে অসংখ্যাত মেঘ-সেনাই ৰঙা হালধীয়া চিত্ৰ-বিচিত্ৰ সাজ পিন্ধি তেওঁক আবৰি আছে। মলয়াই জুৰ বাৱে তেওঁক আৰু জগতক শীতল কৰিছে। ইফালে নানা বৰণীয়া নানা জাতি চৰায়ে নানা সুৰেৰে গীত জুৰি দি জগত আনন্দময় কৰিছে। ব্ৰহ্মপুত্ৰই মিনতি ভাৱেৰে সূৰ্য্যদেৱৰ চৰণত সেৱা জনাইছে। কি আচৰিত দৃশ্য! মই সেই চাৰিচুকীয়া শিলটোত অকলশৰে বহি এইবিলাক দেখি শুনি বিমোৰ হৈ আছোঁ। এবাৰ দেৱালয়খনৰ কথা মনত পৰিছে, আৰু বোধ হৈছে;—হায়। এই দেৱালয়ৰ অৱস্থা এদিন কেনে ৰৰৈয়া আছিল, আৰু এতিয়া কেনে হৈছে! যি দিনা ৰজাই এই বিতোপন পুৰীখন সাজি উলিয়াই প্ৰতিষ্ঠা কৰিছিল, সেই দিন কি হুলস্থূল নহৈছিল। সেই দিনা গোটেইনগৰত দল্‌দোপ-হেন্দোল্‌দোপ্‌ লাগি গৈছিল। দেৱালয় পাতিবৰ আজি পাঁচ শ বছৰতকৈও বেছি হৈছে, তেও আজি মই প্ৰতিষ্ঠা কৰা দিনৰ সমাৰোহটো গোটেই দেখিলোঁ। মই তাত বৰফুকনক দেখিলোঁ, তেওঁৰ লগত বুঢ়াগোহাঁই, বৰপাত্ৰ গোহাঁই আদি ৰজাৰ বৰ বৰ বিষয়াসকলক দেখিলোঁ। ঢুলীয়া খুলীয়া দেখিলোঁ, ভাৱৰীয়া দেখিলোঁ, আৰু ৰং চাবলৈ অহা ৰমক্ জমক্ সাজ পিন্ধা অসংখ্য নৰনাৰী দেখিলোঁ, আৰু দেখিলোঁ অলেখ বামুণ, অলেখ নৈবেদ্যৰ শৰাই। এফালে হোমৰ জুই, এফালে ধূপ চন্দনৰ গোন্ধ, এফালে গায়নৰ গীতৰ ধ্বনি, আৰু এফালে বায়নৰ [ ৮১ ] ললিত বাজনা, এই সকলোবিলাক মই দিঠকতে দেখিলোঁ, যেন সেই দিনাহে মোৰ আগতে দেৱালয় প্ৰতিষ্ঠা কৰা হল। আৰু এবাৰ মনত পৰিল ব্ৰহ্মপুত্ৰ। এই নৈ খন যে কিমান কালৰপৰা এইদৰে বৈ আছে কোনে কৈ দিব? ইয়াৰ পাৰতে নৰকৰ ৰাজ্য উদ্ভৱ হৈ লয় হল। ইয়াৰ পাৰতেই ভগদত্ত ৰজাই প্ৰবল প্ৰতাপ দেখুৱাইছিল। এতিয়া সকলে হৰিত হল। এইবিলাক ভাবনাত পৰি মন উগুল-থুগুল লাগি আছিল। মাজে মাজে ওপৰেদি ভাটৌৰ জাক, বগলিৰ জাক নানা ৰকম মাত মাতি আকাশ ঢাকি উৰি গৈছে। এবাৰ চাৰি হাজাৰমান হাঁহ সেইদৰে উৰি গল। এতিয়া সূৰ্য্য পাটত নাই, পাট এৰি ঘৰলৈ গল। মেঘসেনাও দহোদিশে গল এতিয়া সেন্দূৰীয়া পশ্চিম আকাশ দেৱালয়খনিৰ দৰে মলিয়ন অৱস্থাত পৰিল। পূবৰপৰা আন্ধাৰ ওলাই এতিয়া জগতখন এফালৰপৰা ছাই আহিব লাগিছে। দিনত জহে পুৰি খোৱা গাত গধুলিৰ জুৰ বা লাগি মই কলাঘুমটীয়া হৈ আছোঁ। হেন সময়তে ওপৰৰ ফালে “তই কোন, তই কৰ?” বুলি এটা শব্দ শুনিলোঁ; শুনি মূৰ তুলি চাওঁ যে, এটা ৰাজহাঁহ অকলশৰে উৰি যাব লাগিছে, আৰু শব্দটো হাঁহটোৰপৰা আহিছে। মই পুনৰ প্ৰশ্নটো শুনিলোঁ। এই বাৰ প্ৰশ্ন শুনা মাত্ৰেই ব্ৰহ্মপুত্ৰৰ দুই দাঁতিৰ পৰ্ব্বতবিলাক পৃথিবী প্ৰদক্ষিণ কৰি ঘূৰিবলৈ ধৰিলে, নৈ খনৰো পশ্চিম আগটো মাটিৰ তলৰপৰা দাং খাই আকাশলৈ মুখ কৰিলে। পাছে [ ৮২ ] পৰ্ব্বত নৈ সকলো একেতিলে অন্তৰ্দ্ধান হল, আৰু মই গৈ কতবা এখন নতুন দেশত ওলালোঁ। সেই দেশত ওলোৱা মাত্ৰেই মোৰ পূৰ্ব্বৰ কথা সকলো মনত পৰিল। সমাজিকৰ পৰা সাৰ পালে যেনে সমাজিকৰ ভুল চাঁৎ কৰে ভাগে, আৰু নিজৰ সংসাৰৰ আচল কথাবোৰ ফট্‌ফটীয়াকৈ দেখা যায়, নতুন দেশখনত ওলাই ময়ো সেইদৰে সমাজিকৰপৰা সাৰ পোৱা যেন পালোঁ, আৰু মোৰ পূৰ্ব্বৰ জীৱনী গোটেই ফট্‌ফটীয়াকৈ মনত পৰিল। মনত পৰিল যে, নতুন দেশখনহে মোৰ আচল পুৰণি দেশ। মই তাত কেনেকৈ আছিলোঁ, তাত মোৰ অৱস্থা কেনে আছিল, কেনেকৈ মই আহি পৃথিবীত ওলালোঁ, এই এটাইবিলাক কথা মনত পৰিল। তাত মোৰ আই বোপাইকো দেখিলোঁ। পূৰ্ব্বে মই যেনেকৈ তাত আছিলোঁ, তেওঁলোক তেনেকৈ আছে। তেওঁলোকে মোক দেখি কলে, “ইয়াতহে তোমাৰ আচল ঘৰ। আমাৰো ঘৰ ইয়াত, কেৱল ঘটনা-সূত্ৰত বান্ধ খাই দুদিনলৈ পৃথিবীলৈ গৈছিলোঁ। আমি ঘূৰি আহিলোঁ, কিছুমান দিনৰ পাছে তুমিও আহিবা।” তাত মই আৰু অনেক আগৰ চিনাকী মানুহ পালোঁ আৰু তেওঁলোকৰ লগত কথা হলোঁ। মই আজিলৈকে পৃথিবীত বন্ধ হৈ থকা বাবে তেওঁলোক এটাইবিলাকে মোক পুতৌ কৰিলে। এইদৰে চাই ফুৰোঁতে আৰু কথা হওঁতে হওঁতে হঠাৎ মোৰ কিবা হল, সেই দেশখন পলকতে নোহোৱা হল, মানুহবোৰে অন্তৰ্দ্ধান হল। তেতিয়া [ ৮৩ ] দেখোঁ যে, মই দেৱালয়ত শিলটোৰ ওপৰতে বহি আছোঁ। মোৰ চাৰিওফাল ঘোৰ আন্ধাৰ, কতো এটি প্ৰাণীও নাই, বাদুলি কিছুমান মাখোন চাৰিওফালে উৰাউৰি কৰিব লাগিছে। মই বিস্ময় মানিলোঁ, আৰু তাৰপৰা উঠি ঘৰলৈ গলোঁ।

 এতিয়া মোৰ ভুল ভাগিছে। হে হংসৰাজ। মই এতিয়া তোমাৰ প্ৰশ্নৰ উত্তৰ দিব পাৰোঁ, মই কোন, মই কৰ, কব পাৰোঁ। হায়! মোৰ আচল ঘৰ কেতিয়া পাম? মোৰ বিনন্দীয়া দেশ কেনেকৈ হেৰুৱালোঁ?