পৃষ্ঠা:চিন্তা-কলি.djvu/৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৫
চিন্তা-কলি।

জাতি লোপ কৰিব পাৰি, কিন্তু অকল মানুহ জাতিয়েই সংসাৰ বা জগৎ নহয়। এই জগতত অনন্ত কোটি জীৱৰ বাস, আৰু সেইবিলাক জীৱ চামে চামে ওলাই মাৰ যাব লাগিছে। তাক বন্ধ কৰিবা কেনেকৈ? বিৰিণাৰ ফৰিংটি, গছৰ চৰাইটি, হাবিৰ হাতী মহ সংসাৰৰ প্ৰজা। সিহঁতে নিয়তিৰ ডঁৰিয়লিত সংসাৰ বঢ়াব লাগিছে। সিহঁতক হাক দিবা কেনেকৈ? হাজাৰ বাৰ ভাঙ্গি দিলেও টুনিয়ে তাৰ বাহ বান্ধে আৰু সংসাৰ বঢ়ায়। লক্ষ বাৰ ভাঙ্গি দিলেও মৌৱে চাক সাজে, তাক হাক দিবা কেনেকৈ? এইদৰে জগতৰ প্ৰাণী মাত্ৰেই সংসাৰ বঢ়োৱাত ব্যস্ত। সংসাৰত সিহঁতৰ ৰাপ দেখিলে বিস্ময় মানিব লাগে। মানুহে যদিও সংসাৰ আশ্ৰম এৰিব পাৰে, আন জীৱ জন্তুৱে এৰিব নোৱাৰে। সংসাৰ কৰা সিহঁতৰ এটা ব্যাধি। সময় পৰিলে সিহঁতে পোৱালি নুফুকোৱাকৈ থাকিব নোৱাৰে। মানুহ সংসাৰ আশ্ৰম এৰি লোপ হলেও আনবিলাক জীৱ থাকিব। পানীত মাছ মগৰ, আকাশত চৰাই চিৰিকটি, হাবিত হৰিণা সদায় থাকিব। এতেকে সংসাৰ লোপ কৰাৰ চেষ্টা বৃথা। মানুহ নোহোৱা হব পাৰে, কিন্তু তাৰপৰা জগতৰ কি দইন পৰিব? যেনে জগত তেনেই থাকিব। পৃথিবী হবৰপৰা কত জাতি জন্তু লোপ হৈছে, আৰু কত ন জাতি ওলাইছে। সেইদৰে মানুহ জাতি লোপ হৈ আন কিবা এক জাতিৰ জীৱ ওলাব পাৰে, বা নোলাবও পাৰে, তাৰপৰা জগতৰ বা সংসাৰৰ