সমললৈ যাওক

পৃষ্ঠা:চিন্তা-কলি.djvu/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৯
চিন্তা-কলি।

পুলি হৈছিল, সেই পুলিৰ আকৌ পুলি হৈছিল। গতিকে আজিলৈকে তোমাৰ লতা জীৱনৰ বংশ কৰবাত আছে। হয়তো তোমাৰ পদূলিৰ আগত থকা বকুল গছ জোপাই তোমাৰ উদ্ভিদ জীৱনৰ বংশ। এইদৰে তোমাৰ ঘৰৰ ঘুঁৰীজনী তোমাৰ পশু জীৱনৰ পৰশ হব পাৰে। তোমাৰ ওচৰচুবুৰীয়াৰ ভিতৰত বা আন ঠাইত তোমাৰ মনুষ্য জীৱনৰ বংশ পৰিয়াল থাকিব পাৰে বা আছে। যেতিয়া আদিৰ চৈতন্য-কণাটো উন্নতি কৰি মনুষ্য জীৱনৰো ওপৰলৈ যায় তেতিয়া সি দেৱতা হয়, অৰ্থাৎ তেতিয়া আৰু তাক স্থূল দেহ নালাগে, কেৱল সূক্ষ্ম দেহেৰেই থাকিব পৰা হয়। দেৱতাৰ ভিতৰতো কেইবা শ্ৰেণীও আছে, সিবিলাক এটাইৰেই শৰীৰ সূক্ষ্ম। মানুহৰ শৰীৰটো হেনো কেইবা খলপীয়াও। এটা খলপ স্থূল এইটোকে আমি চকুৰে দেখোঁ। বাকীবোৰ সূক্ষ্ম, চকুৰে নেদেখি। মৰণত মানুহৰ স্থূল খলপটোৰ পতন হয়, বাকীবোৰ, অৰ্থাৎ সূক্ষ্ম খলপবোৰ থাকে। আদিৰ চৈতন্য কণাটোৱে, অৰ্থাৎ আত্মাটোৱে হেনো বাকীবোৰকে লৈ ওলাই যায়। বাকী খলপৰ ভিতৰতো, অৰ্থাৎ সূক্ষ্ম খলপৰ ভিতৰতো ডাঠ পাতল আছে। স্থূল খলপৰ পাচতে যি খলপ ওলায় সি সূক্ষ্ম খলপবোৰৰ ভিতৰত ডাঠ। ইয়াকে প্ৰেত শৰীৰ বোলে। প্ৰেতবিলাক নিচেই নামনিৰ দেৱতা। কালত এই খলপাৰো পতন হয়, তেতিয়া আত্মাটো বাকী কেইখলপলৈ ওলাই যায়। তেতিয়া সি ওপৰ খাপৰ দেৱতা হয়। এইদৰে