সমললৈ যাওক

পৃষ্ঠা:চিন্তা-কলি.djvu/৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৩
চিন্তা-কলি।

কেতিয়া যে অন্ত হব, বা অন্ত হব নে নহয়, তাকে কব নোৱাৰে।

 আদি শক্তিৰপৰা ফাটি অহা কণা, অৰ্থাৎ তুমি বা মই এদিন গৈ সেই শক্তিত লীন হম, কিন্তু আপোনা-আপোনি লীন হবলৈ বহুত যুগ লাগে, আৰু এই দীঘল কালৰ ভিতৰত বহুত বাৰ জন্ম আৰু মৰণ হয়। জন্ম মৰণ বৰ কষ্টদায়ক, সেই দেখি আগৰ মহাপুৰুষসকলে তাকে কমাবলৈ কেতবিলাক উপায় উলিয়াইছিল। যোগ সেই উপায়বোৰৰ এটা, ভক্তিও এটা। যোগ বা ভক্তি পথৰ আলম লৈ চিত্তৰ মলি সোনকালে গুচাব পাৰি, আৰু মলি যিমান গুচে সিমান জন্ম মৰণৰ সংখ্যা কমি যায়, গতিকে কষ্টও কমে। কিন্তু জন্ম মৰণ কমাৰ অৰ্থ কি? যিটি কণা আজি লীন হল, সেইটিয়েই আকৌ ফাটি ওলাই সংসাৰ ভ্ৰমিবলৈ আহে। এইদৰে অহা যোৱা কৰিবই লাগিছে। উতলি থকা পানী এচৰুত যি চাম বুৰবুৰণি এবাৰ ওলাল, সেই চাম মাৰ গৈ আকৌ এচাম ওলাল। পাছত নকৈ ওলোৱা চামত আগৰ মাৰ যোৱা চামৰ কোনোটো নাই নে? কিয় নহব? পানী মাখোন এচৰু। সেই পানীয়েই বুৰবুৰণি হৈ এবাৰ ওলাইছে এবাৰ মাৰ গৈছে, গতিকে মাৰ যোৱা বুৰবুৰণিয়েই ঘূৰি ঘূৰি ওলাব লাগিছে। এই কথাত খুকুৰি থাকিবৰ কোনো কাৰণ নাই। হব পাৰে যে যিটো বুৰবুৰণি ওলাই মাৰ গল, ঠিক সেইটোৱেই দুনাই নোলায়। কিন্তু পানী মাখোন একে চৰু। সেই পানীৰেই বুৰবুৰণি